ETV Bharat / bharat

CUET Examination: স্নাতক পাঠ্যক্ৰমৰ বাবে আজিৰে পৰা উমৈহতীয়া বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা

author img

By

Published : Jul 15, 2022, 12:43 PM IST

শুকুৰবাৰৰ পৰা দেশ আৰু বিদেশৰ ৫১০ খনতকৈও অধিক চহৰৰ পৰীক্ষা কেন্দ্ৰত স্নাতক পাঠ্যক্ৰমত নামভৰ্তি আৰম্ভ হৈছে (Common University Entrance Test to undergraduate courses begins)। চিইউইটি (CUET) পৰীক্ষাবোৰক এনইইটি-ইউজিৰ (NEET-UG) পিছত 14.9 লাখ পঞ্জীয়নেৰে দ্বিতীয় সৰ্ববৃহৎ পৰীক্ষা হিচাপে গণ্য কৰা হয় (CUET examinations considered as second biggest examination)।

ugc
ugc

নিউজ ডেস্ক, ১৫ জুলাই : উমৈহতীয়া বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষাৰ বাবে পঞ্জীয়ন কৰা ১৪.৯ লাখ পৰীক্ষাৰ্থীৰে (14.9 lakh registrations for Common University Entrance Test ) শুকুৰবাৰৰ পৰা ভাৰত আৰু বিদেশৰ ৫১০ খনতকৈও অধিক চহৰৰ পৰীক্ষা কেন্দ্ৰত স্নাতক পাঠ্যক্ৰমত নামভৰ্তি আৰম্ভ হৈছে (Common University Entrance Test to undergraduate courses begins)। চিইউইটি (CUET) পৰীক্ষাবোৰক এনইইটি-ইউজিৰ (NEET-UG) পিছত 14.9 লাখ পঞ্জীয়নেৰে দ্বিতীয় সৰ্ববৃহৎ পৰীক্ষা হিচাপে গণ্য কৰা হয় (CUET examinations considered as second biggest examination)। উল্লেখ্য, এনইইটি-ইউজিৰ গড় পঞ্জীয়ন হৈছে 18 লাখ আৰু জেইই-মেইনৰ (JEE-Main) গড় পঞ্জীয়ন ৯ লাখ ।

শিক্ষাৰ্থীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি চিইউইটি পৰীক্ষাক দুটা পৰ্যায়ত বিভক্ত কৰা হৈছে (CUET examination divided into two phases) । পৰীক্ষা আৰম্ভ হৈছে দুটা ভাগত । প্ৰথম ভাগ পুৱা 9.00 বজাৰ পৰা 12.15 বজালৈ আৰু দ্বিতীয় ভাগটো আবেলি 3.00 বজাৰ পৰা সন্ধিয়া 6.45 বজালৈ অনুষ্ঠিত হ'ব । প্ৰথম পৰ্যায়ত প্ৰায় 8.10 লাখ শিক্ষাৰ্থী অৱতীৰ্ণ হ'ব আৰু দ্বিতীয় পৰ্যায়ত 6.80 লাখ শিক্ষাৰ্থী অৱতীৰ্ণ হ'ব । বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষ জগদেশ কুমাৰে (University Grants Commission Chairman Jagadesh Kumar) কয়, "চিইউইটি (ইউজি) ২০২২-ত প্ৰায় ১৪,৯০,০০০ প্ৰাৰ্থীৰ বাবে নিৰ্ধাৰণ কৰা হৈছে । প্ৰথম শ্লটত প্ৰায় ৮.১ লাখ পৰীক্ষাৰ্থী আৰু দ্বিতীয়টোত ৬.৮০ লাখ পৰীক্ষাৰ্থী আছে । এই পৰীক্ষাৰ্থীসকলে 90 খন বিশ্ববিদ্যালয়ত 54,555 টা বিভিন্ন বিষয়ৰ সংমিশ্ৰিত অধ্যয়নৰ বাবে আবেদন কৰিছে ।"

"ইমান বৃহৎ সংখ্যক বিষয়ৰ পৰিপ্ৰেক্ষিতত, প্ৰতিজন প্ৰাৰ্থীৰ বাবে এক নিৰ্দিষ্ট তাৰিখ পত্ৰিকা (Unique date sheet) সৃষ্টি কৰা হৈছে । সেই অনুসৰি, সকলো প্ৰাৰ্থীকে পৰীক্ষাৰ তাৰিখ আৰু পৰীক্ষা কেন্দ্ৰ থকা চহৰ আগতীয়া অৱগতকৰণ শ্লিপ জাৰি কৰা হৈছে, তাৰ পিছত এডমিট কাৰ্ড দিয়া হৈছে ।" তেওঁ লগতে কয় । পৰীক্ষাটো দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব, প্ৰথম পৰ্যায় জুলাইত আৰু দ্বিতীয় পৰ্যায় আগষ্টত অনুষ্ঠিত হ'ব । পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান বা জীৱবিজ্ঞান থকা প্ৰাৰ্থীসকলক চিইউইটি পৰীক্ষাৰ দ্বিতীয় পৰ্যায়ত দিয়া হৈছে । কাৰণ যিহেতু এনইইটি (ইউজি)- 2022 17 জুলাইত অনুষ্ঠিত হ'ব ।

উক্ত পৰীক্ষা ১৫ জুলাইৰ পৰা ২০ আগষ্টলৈ সমগ্ৰ ভাৰতৰ ৫০০ খনতকৈও অধিক চহৰ আৰু বিদেশৰ ১০ খন চহৰত অৱস্থিত পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ব । ইউজিচিৰ (UGC) অধ্যক্ষ জগদেশ কুমাৰে কয়, "কেন্দ্ৰ পৰিৱৰ্তনৰ বাবে কমেও ৭০ জন প্ৰাৰ্থী এনটিএৰ (NTA) ওচৰলৈ গৈছে । এনে অনুৰোধবোৰ এনটিএ-ৰ দ্বাৰা বিবেচনা কৰা হৈছে, কিন্তু প্ৰাৰ্থীসকলে একো চিন্তা কৰাৰ প্ৰয়োজন নাই ।"

স্কোৰিং ফৰ্মেট ব্যাখ্যা কৰি কুমাৰে কয় যে পৰীক্ষাটো একাধিক বিকল্প প্ৰশ্নৰ ওপৰত আধাৰিত হ'ব আৰু ভুল উত্তৰৰ বাবে নম্বৰ কৰ্তন কৰা হ'ব । শিক্ষাৰ্থীসকলে পৰীক্ষা আৰম্ভ হোৱাৰ কমেও এঘণ্টা আগতে পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'ব লাগিব । পৰীক্ষা শেষ নোহোৱালৈকে ছাত্ৰজনক হলৰ পৰা ওলাই যাবলৈ দিয়া নহ'ব । সংশ্লিষ্ট শিক্ষাৰ্থীসকলে তেওঁলোকৰ লগত এডমিট কাৰ্ড আৰু ফটো আইডি প্ৰমাণ-পত্ৰ আনিব লাগিব । যিসকলে তেওঁলোকৰ প্ৰৱেশ-পত্ৰ প্ৰদান কৰাত বিফল হয় তেওঁলোকক পৰীক্ষাত বহিবলৈ অনুমতি দিয়া নহ'ব । ইয়াৰ পূৰ্বে ইউজিচিৰ মুৰব্বীয়ে মাৰ্চত ঘোষণা কৰিছিল যে দ্বাদশ শ্ৰেণীৰ নম্বৰ নহয়, 45 খন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বাবে চিইউইটি নম্বৰ বাধ্যতামূলক হ'ব যিয়ে তেওঁলোকৰ নিম্নতম যোগ্যতাৰ চৰ্ত নিৰ্ধাৰণ কৰিব পাৰে ।

ৰাজ্যিক বোৰ্ডৰ পৰা চিইউইটি পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীসকল নতুন প্ৰণালীৰ অধীনত অসুবিধাত নপৰিব । ২০২২-২৩ বৰ্ষৰ শৈক্ষিক বৰ্ষত নামভৰ্তিৰ বাবে চিইউইটি-ইউজিৰ প্ৰথম সংস্কৰণত অংশগ্ৰহণ কৰিবলৈ মুঠ ৪৪ খন কেন্দ্ৰীয় বিশ্ববিদ্যালয়, ১২ খন ৰাজ্যিক বিশ্ববিদ্যালয়, ১১ খন ডিম্ড বিশ্ববিদ্যালয় আৰু ১৯ খন ব্যক্তিগত বিশ্ববিদ্যালয়ে আবেদন জনাইছে । পৰীক্ষা সম্পৰ্কীয় যিকোনো ধৰণৰ তথ্যৰ বাবে শিক্ষাৰ্থীসকলে এনটিএৰ অফিচিয়েল ৱেবছাইট (official website of NTA) nta.ac.in আৰু cuet.samarth.ac.in-ত পৰীক্ষা কৰিব পাৰে ।

লগতে পঢ়ক :চীনক বাধা দিয়াত ভাৰতক সহায় কৰিবলৈ আমেৰিকাৰ প্ৰতিনিধি সভাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.