নেশ্যনেল ডেস্ক, ৯ মে': চৌদিশে মহামাৰী কৰ'ণাৰ বিভীষিকাময় পৰিৱেশ । সমগ্ৰ দেশ এতিয়া কৰ'ণাৰ গ্ৰাসত । কৰ'ণাৰ বৰ্ধিত সংক্ৰমণৰ লগতে তীব্ৰ নাটনি হৈছে অক্সিজেনৰ । দেশত এতিয়া অক্সিজেনৰ তীব্ৰ নাটনি হোৱা পৰলক্ষিত হৈছে । অক্সিজেনৰ নাটনিৰ বাবে এতিয়া কোনো কোনো চিকিৎসালয়ত ৰোগী ৰাখিবলৈ শংকিত হৈছে । তামিলনাডুৰ কোইম্বাটুৰ চহৰৰ চিকিৎসালয়সমূহে শ্বাস-প্ৰশ্বাসজনিত ৰোগত ভোগা ৰোগীসকলক ৰাখিবলৈ শংকিত হৈছে ।
কোইম্বাটুৰৰ আগশাৰীৰ এখন চিকিৎসালয়ৰ এগৰাকী চিকিৎসকে কয় যে সম্প্ৰতি তেওঁলোকে নতুনকৈ আক্ৰান্ত ৰোগীসমূহক চিকিৎসালয়ত ভৰ্তি কৰাৰ অনুমতি দিয়া নাই । কিয়নো বৰ্তমান চিকিৎসালয়খনত যিমানখিনি অক্সিজেন আছে, সেয়া পিছলৈ পৰ্যাপ্ত পৰিমাণৰ নহ'বও পাৰে । দেশবাসীয়ে অক্সিজেনৰ বাবে তীব্ৰ প্ৰত্যাহ্বানত ভুগিছে । এই সংকট কালত অক্সিজেন যোগান ধৰাৰ লগতে অতিৰিক্ত বিচনা যোগানৰো অধিক প্ৰয়োজন বুলি মন্তব্য কৰে চিকিৎসকগৰাকীয়ে । অৱশ্যে শনিবাৰে উক্ত চিকিৎসালয়খনত অক্সিজেনৰ লগতে বিচনাও পৰ্যাপ্ত পৰিমাণৰ উপলব্ধ আছিল ।
কিন্তু ইয়াৰ মাজতে চিকিৎসালয়খনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে । এগৰাকী ৰোগীৰ আত্মীয়ই অভিযোগ কৰা অনুসৰি, চিকিৎসালয়খনত বিচনাৰ অভাৱ বুলি চিকিৎসালয় কৰ্তৃপক্ষই জনাইছিল । যাৰফলস্বৰূপে নিজ ভাতৃক ভৰ্তি কৰিব নোৱাৰিলে লোকজনে । টিএনইজিএ (TNEGA) ৱেবছাইট অনুসৰি, চহৰখনৰ গ্ৰাম্যাঞ্চলৰ আঠখন চৰকাৰী চিকিৎসালয়ত আৰু পেৰিয়ানাইকেনপালায়াম, মেত্থুৰ, থোণ্ডামুথুৰ আৰু কট্টুৰত বৰ্তমানেও বিচনা খালী আছে । অৱশ্যে, বিচনা উপলব্ধ থাকিলেও চিকিৎসালয়বোৰত ক'ভিড ৰোগীসকলক ভৰ্তি কৰা নাই ।
এই সন্দৰ্ভত তামিলনাডু চৰকাৰী সেৱাৰ এগৰাকী জ্যেষ্ঠ স্বাস্থ্য বিষয়া শংকৰনাৰায়ণে কয় যে যিসমূহ চিকিৎসালয়ত অক্সিজেন বিচনা উপলব্ধ আছে সেইসমূহ চিকিৎসালয়ে ৰোগীসকলক ভৰ্তি কৰিব লাগিব আৰু চৰকাৰেও লগে লগে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব ।
লগতে পঢ়ক: ম্যানমাৰৰ শৰণাৰ্থীক লক্ষাধিক টকাৰ সাহায্য জাম্পুই পাৰ্বত্য মিজো সন্মিলনৰ