ETV Bharat / bharat

নিৰাপত্তা পৰিস্থিতি পৰ্যালোচনাৰ বাবে উত্তৰ-পূৱ ভাৰতত জেনেৰেল নৰাৱনে - তিনিদিনীয়া কাৰ্যসূচীৰে নাগালেণ্ডৰ ডিমাপুৰত উপস্থিত নৰাৱনে

উত্তৰ-পূৰ্বাঞ্চলৰ নিৰাপত্তা পৰিস্থিতি পৰ্যালোচনাৰ বাবে তিনিদিনীয়া কাৰ্যসূচীৰে নাগালেণ্ডৰ ডিমাপুৰত উপস্থিত জেনেৰেল নৰাৱনে ৷

COAS Naravane
জেনেৰেল নৰাৱনে
author img

By

Published : Nov 24, 2020, 10:14 PM IST

Updated : Nov 24, 2020, 10:30 PM IST

নিউজ ডেস্ক, 24 নৱেম্বৰ : উত্তৰ-পূৰ্বাঞ্চলৰ নিৰাপত্তা পৰিস্থিতি পৰ্যালোচনাৰ বাবে তিনিদিনীয়া কাৰ্যসূচীৰে নাগালেণ্ডৰ ডিমাপুৰত উপস্থিত হয় চীফ অৱ আৰ্মী ষ্টাফ জেনেৰেল মনোজ মুকুন্দ নৰাৱনে ৷ সোমবাৰে ডিমাপুৰত উপস্থিত হোৱাৰ পাচতে নৰাৱনেক অসম, নাগালেণ্ড, মনিপুৰ আৰু অৰুণাচল প্ৰদেশৰ নিৰাপত্তা পৰিস্থিতি আৰু যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰা প্ৰস্তুতি সম্পৰ্কত লিউটেনেন্ট জেনেলেৰ অনিল চৌহান, জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চীফ, ইষ্টাৰ্ন কমাণ্ড আৰু লিউটেনেন্ট জেনেৰেল আৰ পি কলিতাই তথ্য প্ৰদান কৰে ৷

COAS Naravane
উত্তৰ-পূৱ ভাৰতত জেনেৰেল নৰাৱনে

ইয়াৰোপৰি নগা শান্তি চুক্তিৰ আলোচনাৰ শেহতীয়া স্থিতি সম্পৰ্কতো COAS নৰাৱনেক তথ্য প্ৰদান কৰা হয় ৷ মঙলবাৰে COAS নৰাৱনেই নাগালেণ্ড আৰু মনিপুৰৰ পৰিস্থিতি সম্পৰ্কত তথ্য সংগ্ৰহৰ বাবে ৰাজ্য দুখনৰ সৈন্য বাহিনী আৰু আছাম ৰাইফলছৰ মুখ্য কাৰ্যালয়সমূহত উপস্থিত হয় ৷ অতি পিছপৰা অঞ্চলত মোতায়েন কৰা জোৱানৰ সৈতে তেওঁ বাৰ্তালাপত অংশগ্ৰহণ কৰে আৰু যিকোনো যুদ্ধকালীন পৰিস্থিতিৰ বাবে তেওঁলোকৰ প্ৰস্তুতি, উদ্যম আৰু মনোবলক প্ৰশংসা কৰে ৷

COAS Naravane
উত্তৰ-পূৱ ভাৰতত জেনেৰেল নৰাৱনে

সন্ধিয়া পৰত জেনেৰেল নৰাৱনেই নাগালেণ্ডৰ ৰাজ্যপাল, আৰ এন ৰবি আৰু মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ৰ সৈতে এক আলোচনাত মিলিত হয় ৷ ৰাজ্যখনৰ লগতে ইণ্ডো-ম্যানমাৰ সীমান্তত নিৰাপত্তা পৰিস্থিতি আৰু শান্তি-সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ সেনা বাহিনী আৰু আছাম ৰাইফলছে কাম কৰি যাব বুলি আশ্বাস প্ৰদান কৰে জেনেৰেল নৰাৱনেই ৷

COAS Naravane
উত্তৰ-পূৱ ভাৰতত জেনেৰেল নৰাৱনে

নিউ দিল্লীলৈ উৰা মৰাৰ পূৰ্বে বুধবাৰে নৰাৱনেই সমাজৰ সকলো শ্ৰেণীৰ লোকলৈ ভাৰতীয় সেনা বাহিনীৰ উন্নয়ন আৰু সম সুবিধা প্ৰদান প্ৰচেষ্টাৰ অধীনত আছাম ৰাইফলছৰ দ্বাৰা পৰিচালিত কোহিমা অনাথালয়ৰ নতুন আৱাসিক বিল্ডিঙৰ উদ্ধোধন কৰিব ৷

লগতে পঢ়ক : লাভ জিহাদঃ পৰিচয় লুকুৱাই বিয়া কৰোৱালে 10 বছৰৰ কাৰাদণ্ড

Last Updated : Nov 24, 2020, 10:30 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.