ETV Bharat / bharat

Mizoram Assembly Election 2023 : ইভিএমৰ বিসংগতি, ভোট দিব নোৱাৰিলে মুখ্যমন্ত্ৰী জোৰামথাংগাই

author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 10:54 AM IST

ইভিএমৰ বিসংগতিৰ বাবে পুৱা ভোটদান কৰিব নোৱাৰিলে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই । আইজল উত্তৰ-২ বিধানসভা সমষ্টিত সংঘটিত এই ঘটনা । প্ৰায় ১৭৪ গৰাকী প্ৰাৰ্থী নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে ।

Mizoram Assembly Election 2023
ভোট দিব নোৱাৰিলে মুখ্যমন্ত্ৰী জোৰামথাংগাই

নেশ্যনেল ডেস্ক,৭ নৱেম্বৰ : পুৱাৰে পৰা মিজোৰামৰ ৪০ জনীয়া মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ হৈছে । আবেলি ৪ বজালৈ চলিব ভোটগ্ৰহণ । পুৱাৰে পৰা ভোটকেন্দ্ৰসমূহত ভোটাৰৰ ভিৰ পৰিলক্ষিত হৈছে । পুৱা ১০ বজালৈ মিজোৰামত ১৭.২৫শতাংশ ভোটদান সম্পন্ন হৈছে ৷

কিন্তু ভোটকেন্দ্ৰলৈ আহি ভোট দিব নোৱাৰিলে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই । ইভিএমৰ বিসংগতিৰ বাবে ভোটদান কৰিব নোৱাৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে । ঘটনাটো আইজল উত্তৰ-২ বিধানসভা সমষ্টিত সংঘটিত হয় । অৱশ্যে, মিজোৰামৰ ৰাজ্যপাল হৰি বাবু কামভাম্পতীয়ে পুৱাই আইজল দক্ষিণ-২ত ভোটদান সাব্যস্ত কৰে ।

উল্লেখ্য যে মিজোৰামত ৮.৫৭ লাখতকৈও অধিক ভোটাৰ আছে । তাৰ ভিতৰত আছে ৪.৩৯ লাখ মহিলা ভোটাৰ । এইবাৰ প্ৰায় ১৭৪ গৰাকী প্ৰাৰ্থী নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে । ইফালে কঠোৰ নিৰাপত্তা বেষ্টনীও গঢ়ি তোলা হৈছে । ৰাজ্যখনত ১,২৭৬ টা ভোটকেন্দ্ৰ আৰু ১৪৯ টা দুৰ্গম ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে । আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমাত প্ৰায় ৩০ টা ভোটকেন্দ্ৰ গুৰুত্বপূৰ্ণ বুলি জানিব পৰা গৈছে আৰু ইয়াক স্পৰ্শকাতৰ বুলিও ঘোষণা কৰা হৈছে । আনহাতে ৰাজ্যজুৰি ৭,২০০ তকৈও অধিক কৰ্মচাৰী মোতায়েন কৰা হৈছে । এক স্বচ্ছ নিৰ্বাচন নিশ্চিত কৰিবলৈ ম্যানমাৰ আৰু বাংলাদেশৰ সৈতে থকা আন্তঃৰাষ্ট্ৰীয় সীমা বন্ধ কৰি দিয়া হৈছে ।

নিৰ্বাচনত মূল প্ৰতিযোগিতা শাসনাধিষ্ঠিত মিজো নেচনেল ফ্ৰণ্ট (এমএনএফ), মুখ্য বিৰোধী জোৰাম পিপলছ মুভমেণ্ট (জেডপিএম) আৰু কংগ্ৰেছৰ মাজত হ'ব বুলি আশা কৰা হৈছে । বিজেপিয়ে ২৩ টা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিছে আনহাতে আম আদমি পাৰ্টীয়ে ৪ টা বিধানসভা সমষ্টিত প্ৰাৰ্থী দিছে । ইয়াৰ উপৰিও, ২৭ গৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ।

লগতে পঢ়ক :chhattisgarh election 2023: 7 বজাৰ পৰা আৰম্ভ হ’ল ছত্তীশগড়ত ভোটগ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.