Nagaland Elections Results: মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ জয়লাভ; টেমজেন ইমনা আলঙে সাব্যস্ত কৰিলে নিজৰ বিজয় - First female MLA of Nagaland
নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ ফলাফলসমূহ লাহে লাহে স্পষ্ট হৈ পৰিছে ৷ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ৱে ইতিমধ্য়ে জয়লাভ কৰিছে ৷ বিজেপি আৰু এন ডি পি পিয়ে বৰ্তমানলৈকে সৰ্বাধিক আসন লাভ কৰিছে (Nagaland Elections Results) ৷
নিউজডেস্ক, 2 মাৰ্চ: নাগালেণ্ডৰ মুখ্যমন্ত্ৰী তথা নেচনেলিষ্ট ডেমক্ৰেটিক প্ৰগ্ৰেচিভ পাৰ্টীৰ প্ৰাৰ্থী নেফিঅ’ ৰিঅ’ৰ জয়লাভ ৷ বৃহস্পতিবাৰে ঘোষণা হোৱা বিধানসভা নিৰ্বাচনৰ ফলাফলত উত্তৰ আংগামি-2 সমষ্টিৰ পৰা জয়লাভ কৰে ৰিঅ’ই ৷ তেওঁ নিজৰ প্ৰতিদ্বন্দী কংগ্ৰেছৰ ছেইয়েভিলি ছাচুক 15,824 টা ভোটৰ বিশাল ব্যৱধানত পৰাস্ত কৰে (Nagaland CM Rio wins in poll) ৷
নেফিঅ’ ৰিঅ’ই মুঠ 17,045 টা ভোট লাভ কৰিছে ৷ সমষ্টিটোত হোৱা মুঠ ভোটদানৰ 92.87 শতাংশ ভোট লাভ কৰে ৰিঅ’ই ৷ ইফালে নাগালেণ্ড বিজেপিৰ মুৰব্বী টেমজেন ইমনা আলঙে আলংটকি সমষ্টিৰ পৰা জয়লাভ কৰিছে ৷ তেওঁ জনতা দল ইউনাইটেডৰ প্ৰাৰ্থী জে লানু লংচাৰক 3,748 টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে ৷ ইমনাই মুঠ 9,274 টা ভোট লাভ কৰিছে (Nagaland BJP chief Temjen Imna Along wins) ৷
বৰ্তমানলৈকে শাসনাধিষ্ঠিত নেচনেলিষ্ট ডেমক্ৰেটিক প্ৰগ্ৰেচিভ পাৰ্টী আৰু মিত্ৰদল বিজেপিয়ে নাগালেণ্ডত 60 খন আসনৰ ভিতৰত 19 খনত জয়লাভ কৰিছে ৷ ভাৰতীয় নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে এই তথ্য ৷ সেই অনুসৰি বিজেপিয়ে 7 খন আৰু এন ডি পি পিয়ে 12 আসনত জয়লাভ কৰিছে (Nagaland assembly poll results) ৷
ইফালে এইবাৰৰ নিৰ্বাচনত নাগালেণ্ডত ইতিহাস ৰচিলে এগৰাকী মহিলাই ৷ ৰাজ্যগঠন হোৱাৰ 60 বছৰৰ পাচত নাগালেণ্ডৰ বিধানসভালৈ নিৰ্বাচিত হ’ল এগৰাকী মহিলা প্ৰাৰ্থী ৷ এনডিপিপি দলৰ প্ৰাৰ্থী হেকানি জাখালোৱে ডিমাপুৰ-3 সমষ্টিৰ পৰা জয়লাভ কৰি ইতিহাস ৰচনা কৰিছে ৷ তেওঁ লোক জনশক্তি পাৰ্টী(ৰাম বিলাস) দলৰ প্ৰাৰ্থী আঝেতো ঝিমোমিক 1,536 টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে (First female MLA of Nagaland) ৷
ৰিপাব্লিক পাৰ্টী অৱ ইণ্ডিয়া (আঠৱালে) দলে লাভ কৰিছে দুখন আসন ৷ নকছেন আৰু টুৱেনছাং সদৰ-2 সমষ্টিত জয়লাভ কৰিছে প্ৰাৰ্থী দুজনে ৷ একেদৰে লোক জনশক্তি পাৰ্টী(ৰাম বিলাস) দলে 15 টা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিছে আৰু বৰ্তমানলৈকে এখন আসন লাভ কৰিবলৈ সক্ষম হৈছে ৷ নেচনেল পিপলচ্ পাৰ্টী আৰু নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টীয়ে দুখন কৈ আসন লাভ কৰিছে (CM Neiphiu Rio wins Angami II seat) ৷
লগতে পঢ়ক: Election Results 2023 Live Updates: তিনি ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ প্ৰতিটো শেহতীয়া খবৰ
একেদৰে ৰাজ্যখনত নিৰ্দলীয় প্ৰাৰ্থী নেইছাটো মেৰ’ আৰু কেৱিপদি ছফিয়ে ক্ৰমে ফুটছেৰো আৰু দক্ষিণ আংগামি-1 সমষ্টিৰ পৰা জয়লাভ কৰিছে ৷ নাগালেণ্ডৰ উপমুখ্যমন্ত্ৰী তথা বিজেপি নেতা য়ানথুগ’ পেট্টনে উল্লেখ কৰিছে যে, বিজেপি-এনডিপিপি মিত্ৰজোঁটে পুনৰ নাগালেণ্ডত চৰকাৰ গঠন কৰিছে ৷ ইয়াৰ লগতে নেফিঅ’ ৰিঅ’ৱেই পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব বুলি পেট্টনে উল্লেখ কৰে ৷