ETV Bharat / bharat

CM KCR hospitalized: অসুস্থ মুখ্যমন্ত্ৰী, হায়দৰাবাদৰ এ আই জিত চিকিৎসাধীন

author img

By

Published : Mar 12, 2023, 9:58 PM IST

হঠাৎ অসুস্থ হৈ পৰে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও (Chief Minister K Chandrashekar Rao ill) ৷ গেষ্ট্ৰিকৰ সমস্যাত ভুগি আছিল মুখ্যমন্ত্ৰীগৰাকীয়ে (CM undergoing treatment for stomach ulcer) ৷

CM KCR hospitalised due to ill health, undergoing treatment for stomach ulcer
অসুস্থ মুখ্যমন্ত্ৰী

নেশ্যনেল ডেস্ক, 12 মাৰ্চ: অসুস্থ তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও (Chief Minister K Chandrashekar Rao ill) ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে দেওবাৰে হঠাৎ অসুস্থ হৈ পৰাত ততালিকে হায়দৰাবাদৰ গাচ্চিৱল্লীস্থিত ব্যক্তিগত চিকিৎসালয় এ আই জিত ভৰ্তি কৰোৱা হৈছে (CM KCR hospitalised due to ill health)৷ দীৰ্ঘদিন ধৰি গেষ্ট্ৰিকৰ সমস্যাত ভুগি আছিল মুখ্যমন্ত্ৰীগৰাকীয়ে (CM undergoing treatment for stomach ulcer)৷

এ আই জি (AIG Hospital)চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ ডি নাগেশ্বৰ ৰেড্ডীয়ে (AIG Hospital Chairman Dr D Nageshwar Reddy) এই সন্দৰ্ভত কয় যে মুখ্যমন্ত্ৰীগৰাকীক ভৰ্তি কৰাৰ লগে লগে তেওঁৰ এণ্ডোস্কোপী আৰু চিটি স্কেনকে ধৰি গেষ্ট্ৰিক সম্পৰ্কীয় পৰীক্ষাবোৰ তৎক্ষণাৎ সম্পন্ন কৰা হয় ৷ এই পৰীক্ষাবোৰৰ পিচত তেওঁৰ পাকস্থলীত আলচাৰ থকা বুলি চিকিৎসকে ধৰা পেলায় ৷

বৰ্তমান মুখ্যমন্ত্ৰীগৰাকীৰ লগত তেওঁৰ পত্নী শোভা আৰু জীয়ৰী কে কবিতা মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে এ আই জি চিকিৎসালয়ত উপস্থিত আছে। মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ অৱনতিৰ কথা শুনাৰ লগে লগে জিলাখনৰ স্বাস্থ্যমন্ত্ৰী হৰিশ ৰাও (Health Minister Harish Rao), পৰ্যটন মন্ত্ৰী শ্ৰীনিবাস গৌড় (Tourism Minister Srinivas Goud), জনজাতীয় কল্যাণ মন্ত্ৰী সত্যৱতী ৰাথোড় (Tribal Welfare Minister Satyavathy Rathod), চৰকাৰী হুইপ কৌশিক ৰেড্ডী (Government Whip Kaushik Reddy) আৰু অন্যান্য মন্ত্ৰী বিধায়কসকল চিকিৎসালয়খনত উপস্থিত হয় । দিল্লীৰ পৰা হায়দৰবাদত উপস্থিত হৈয়েই কন্যা কবিতাই পিতৃক লগ কৰিবলৈ প্ৰগতি ভৱনলৈ গৈছিল । তেনেকুৱাতে পিতৃ কেচিআৰ অসুস্থ হৈ পৰে ৷

মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ অৱনতিৰ বিষয়ে খবৰ পোৱাৰ পিচত ভাৰত ৰাষ্টৰ সমিতিৰ নেতা আৰু বিৰোধী নেতাসকলো চিন্তিত হৈ পৰিছিল । এই সময়ছোৱাত চিকিৎসালয়খনত কোনো যাতে অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় সেইবাৰে হায়দৰাবাদ আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলে ৷

উল্লেখ্য যে, বিগত বছৰৰ আজিৰ দিনটোতেই মুখ্যমন্ত্ৰী কেচিআৰে তেওঁৰ বাওঁ বাহুৰ বিষৰ বাবে অসুস্থ হৈ পৰিছিল । লগে লগে তেওঁক সমাজ্জাগুড়াৰ যশোদা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ তাৰ পিচতে মুখ্যমন্ত্ৰীগৰাকীক তেজ পৰীক্ষা, কৰোণেৰী এঞ্জিওগ্ৰাম, ইচিজি, 2ডি ইকো, মস্তিষ্ক আৰু মেৰুদণ্ডৰ এম আৰ আই পৰীক্ষা কৰোৱা হৈছিল ৷ তেওঁৰ পৰীক্ষাৰ পিচত চিকিৎসকে মুখ্যমন্ত্ৰীগৰাকীৰ চিন্তাৰ কোনো কাৰণ নাই, তেওঁ সুস্থ বুলি ঘোষণা কৰিছিল ৷

লগতে পঢ়ক: Paharganj Holi case : উৎপীড়নৰ সন্মুখীন হ'লেও ভাৰতক ভাল পায় জাপানী যুৱতীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.