ETV Bharat / bharat

ভিতৰুৱা অঞ্চলৰ উন্নয়নত গুৰুত্ব দিছে চৰকাৰে : বিপ্লৱ কুমাৰ দেৱ - Tripura CM on overall development in the state

ত্ৰিপুৰা চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কাম-কাজক লৈ মুখ্যমন্ত্ৰীৰ বিশেষ মন্তব্য । সামগ্ৰিক উন্নয়ন সম্পৰ্কে নিজ চৰকাৰক প্ৰশংসা মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ (CM Biplab Kumar Dev praises his government)। তেওঁৰ মতে ভিতৰুৱা অঞ্চলৰ উন্নয়নত গুৰুত্ব দিছে চৰকাৰে ।

Biplab Kumar Dev
ভিতৰুৱা অঞ্চলৰ উন্নয়নত গুৰুত্ব দিছে চৰকাৰে
author img

By

Published : Apr 16, 2022, 3:49 PM IST

আগৰতলা,১৬ এপ্ৰিল : "উন্নয়নৰ পথত ত্ৰিপুৰা । বৰ্তমানৰ বিজেপি চৰকাৰৰ দিনত ত্ৰিপুৰাৰ সকলো দিশতে উন্নয়ন হৈছে । অতি ভিতৰুৱা অঞ্চলবোৰৰো উন্নয়নৰ ওপৰতো গুৰুত্ব দিছে চৰকাৰে ।" এই মন্তব্য ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ ।

নিজৰ চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ মুখ্যমন্ত্ৰীগৰাকী (CM Biplab Kumar Dev praises his government)। কাঞ্চনপুৰত থকা ত্ৰিপুৰা ৰাজ্যিক ৰাইফলছৰ (TSR) ১৩ নং বেটেলিয়নৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (Tripura CM visited 13th Battalion TSR headquarters)। তেওঁৰ মতে ত্ৰিপুৰা এতিয়া বিভিন্ন দিশত আগবাঢ়িছে । বিশেষকৈ দূৰৱৰ্তী অঞ্চলবোৰৰ উন্নয়নৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে ।

যাতায়ত ব্যৱস্থাৰ উন্নয়ন, প্ৰতিটো পৰিয়াললৈ বিদ্যুৎ যোগান, পিএমএৱাই-জি আঁচনিৰ জৰিয়তে গৃহ নিৰ্মাণ, উন্নত শৌচালয়, পাইপলাইনৰ জৰিয়তে প্ৰতিটো পৰিয়াললৈ পানীৰ যোগান, স্বাস্থ্যসেৱাৰ সম্প্ৰসাৰণকে ধৰি বহু দিশত চৰকাৰে কাম কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰে । তেওঁ লগতে কয় যে উন্নয়নৰ বাবে শান্তিপূৰ্ণ পৰিৱেশৰ প্ৰয়োজন । ত্ৰিপুৰা ৰাজ্যিক ৰাইফলছক প্ৰশংসা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে টিএছআৰ জোৱানসকলে ৰাজ্যখনৰ আইন-শৃংখলা বজাই ৰখা আৰু ৰাজ্যখনত শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ।

মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা মতে টিএছআৰত প্ৰথমে মহিলাসকলক নিযুক্তি দিয়া হোৱা নাছিল । এতিয়া মহিলাসকলে টিএছআৰত নিযুক্তিৰ সুযোগ লাভ কৰিছে । শেহতীয়াকৈ চৰকাৰে গঠন কৰা দুটা টিএছআৰ বেটেলিয়নত যথেষ্ট সংখ্যক মহিলা আছে । চৰকাৰে মহিলা সৱলীকৰণক অগ্ৰাধিকাৰ দিছে । মহিলাসকলৰ বাবে বিভিন্ন আঁচনি লোৱা হৈছে বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :ত্ৰিপুৰাৰ জনজাতীয় লোকৰ উন্নয়নত ব্যৰ্থ পূৰ্বৰ চিপিআই(এম) চৰকাৰ : বিপ্লৱ কুমাৰ দেৱ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.