নিউজ ডেস্ক, 12 নৱেম্বৰ : দীপাৱলীৰ দিনটোত ছত্তিশগড়ৰ মহিলাসকলক এক ডাঙৰ উপহাৰ দিছে মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বাঘেলে ঘোষণা কৰিছে যে এতিয়া প্ৰতিগৰাকী মহিলাক গৃহ লক্ষ্মী যোজনাৰ অধীনত আৰ্থিক সাহায্য হিচাপে বছৰি 15 হাজাৰ টকা দিয়া হ’ব ৷ দেওবাৰে হেলিপেডত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী বাঘেলে কয় যে কংগ্ৰেছ চৰকাৰ ক্ষমতালৈ অহাৰ পিছত ৰাজ্যখনৰ প্ৰতিগৰাকী মহিলাই এই আঁচনিৰ সুবিধা লাভ কৰিব ৷
গৃহ লক্ষ্মী যোজনাৰ অধীনত প্ৰতিগৰাকী মহিলাক দিব হাজাৰ টকা-
মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে কয়, "পবিত্ৰ দীপাৱলী উপলক্ষে দেৱী লক্ষ্মীয়ে ছত্তিশগড়ক আশীৰ্বাদ কৰক ৷ পাঁচ বছৰ ধৰি এই দৰিদ্ৰতাৰ অভিশাপ নিৰ্মূল কৰাৰ সংকল্পৰে কাম কৰি আছো ৷ আজি পবিত্ৰ দীপাৱলী উপলক্ষে ঘোষণা কৰিছো যে আপোনালোকে কংগ্ৰেছক ভোট দিব লাগে ৷ ছত্তিশগড়ত কংগ্ৰেছ চৰকাৰ গঠন কৰক ৷ আমি আৰম্ভ কৰিম "ছত্তিশগড় গৃহ লক্ষ্মী যোজনা" ৷ যাৰ অধীনত আমি প্ৰতিগৰাকী মহিলাক বছৰি 15,00 টকাকৈ আৰ্থিক সাহাৰ্য দিম ৷ ইয়াৰ বাবে মাতৃ-ভগ্নীসকলে শাৰী পাতি থিয় হোৱাৰ প্ৰয়োজন নাই, কোনো প্ৰ-পত্ৰ পূৰণৰো প্ৰয়োজন নাই ৷ কংগ্ৰেছ চৰকাৰ গঠন কৰক ৷ চৰকাৰে নিজেই জৰীপ চলাব ৷ পিছত এই ক্ষেত্ৰত আপোনাৰ ঘৰতে সকলো সুবিধা অনলাইনত উপলব্ধ হ'ব ৷ টকাখিনি পোনপটীয়াকৈ আপোনাৰ একাউণ্টলৈ আহিব ৷ শাৰীত থিয় হোৱাৰ প্ৰয়োজন নাই ৷"
উল্লেখ্য যে সমাগত বিধানসভা নিৰ্বাচনৰ বাবে ছত্তিশগড়ত কংগ্ৰেছ আৰু বিজেপি দুয়োটা ৰাজনৈতিক দলে ৰাইজক নিজৰ পক্ষলৈ আকৰ্ষণ কৰিবলৈ অহৰহ বিভিন্ন আঁচনিকে ধৰি আন আন ঘোষণা কৰি আছে ৷ ইফালে দীপাৱলী উপলক্ষে মহিলা সকলৰ বাবে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী বাঘেলে ৷ কংগ্ৰেছে ৰাজ্যখনৰ মহিলা ভোটাৰ সকলক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে ৷ ইয়াৰ পূৰ্বে কংগ্ৰেছে গেছ চিলিণ্ডাৰত 500 টকাৰ ৰাজসাহায্য দিয়াৰ কথা ঘোষণা কৰিছিল ৷ একে সময়তে পুনৰবাৰ গৃহ লক্ষ্মী যোজনাৰ অধীনত মুখ্যমন্ত্ৰী বাঘেলে মহিলা ভোটাৰ সকলক নিজৰ দলৰ প্ৰতি আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিছে ৷ আনহাতে মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছতো বিজেপিৰ কোনো প্ৰতিক্ৰিয়া পৰিলক্ষিত হোৱা নাই ৷
লগতে পঢ়ক : PM Modi wishes on Diwali : দেশবাসীক দীপান্বিতাৰ শুভেচ্ছা প্ৰধানমন্ত্ৰী মোদীৰ