আগৰতলা,১১ জুলাই: চাহ শ্ৰমিকৰ কল্যাণৰ বাবে ত্ৰিপুৰা চৰকাৰে গ্ৰহণ কৰিব বিশেষ পদক্ষেপ(Tripura CM Manik Saha) । দেওবাৰে ত্ৰিপুৰা চাহ উন্নয়ন নিগমৰ অন্তৰ্গত দুৰ্গাবাৰী চাহ বাগিচাত চলন্ত গেছত আধাৰিত চাহ প্ৰক্ৰিয়াকৰণ প্ৰকল্প উদ্বোধন কৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মানিক সাহাই চাহ শ্ৰমিকৰ উন্নয়ণৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰে । তেওঁ কয় যে ৰাজ্যখনৰ চাহ বাগিচাত কৰ্মৰত শ্ৰমিকসকলৰ আৰ্থ-সামাজিক স্থিতি উন্নত কৰাৰ বাবে তেওঁৰ চৰকাৰ দায়বদ্ধ ।
লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চাহ শ্ৰমিকসকলৰ কল্যাণৰ বাবে চৰকাৰে মুখ্যমন্ত্ৰীৰ চাহ শ্ৰমিক কল্যাণ প্ৰকল্প আৰম্ভ কৰিছে (CM Tea Workers Welfare Project) । চাহ বাগিচাত কাম কৰা সকলো শ্ৰমিকে যাতে এই প্ৰকল্পটোৰ লাভালাভ পাই তাৰ বাবে বিশেষ যত্ন লোৱা উচিত । চাহ শ্ৰমিকসকলৰ সামগ্ৰিক উন্নতিৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সকলো প্ৰকল্প সঠিকভাৱে ৰূপায়ণ কৰাটো নিশ্চিত কৰিবলৈ চৰকাৰে কঠোৰ পৰিশ্ৰম কৰি আছে বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
তেওঁ উল্লেখ কৰে যে ২০১৮ চনৰ পৰা ৰাজ্যখনৰ ৰুগ্ন চাহ বাগিচাবোৰ ক্ৰমান্বয়ে পুনৰুজ্জীৱিত হৈ আহিছে । চাহ শ্ৰমিকসকলক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে গেছ ভিত্তিক চাহ প্ৰক্ৰিয়াকৰণ প্ৰকল্পৰ শুভাৰম্ভৰ লগে লগে চাহ উদ্যোগৰ আধুনিকীকৰণে আৰু এক পদক্ষেপ আগবঢ়াইছে । তেওঁ কয় যে গেছ-আধাৰিত প্ৰণালীৰ প্ৰৱৰ্তনৰ দ্বাৰা চাহ প্ৰক্ৰিয়াকৰণত কয়লাৰ ব্যৱহাৰৰ সমস্যা বোৰ দুৰ কৰা হ'ব । বৰ্তমান MNREGAৰ জৰিয়তে প্ৰায় ১,২০০ একৰ ভূমিত চাহ বাগিচা স্থাপন কৰা হৈছে ।
ৰাজ্যখনত চাহ উদ্যোগৰ সম্প্ৰসাৰণ আৰু প্ৰচাৰৰ বাবে সংশ্লিষ্ট সকলক আগবাঢ়ি আহিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয় যে ত্ৰিপুৰা বৰ্তমান দেশৰ পঞ্চম সৰ্ববৃহৎ চাহ উৎপাদক । চৰকাৰৰ ভৱিষ্যতে চুবুৰীয়া বাংলাদেশলৈ চাহ ৰপ্তানি কৰাৰ লগতে চাহ উদ্যোগত অধিক নিযুক্তিৰ সুযোগ সৃষ্টি কৰাৰ পৰিকল্পনা আছে । ভৱিষ্যতে ৰাজ্যখনত এটা চাহ নিলাম কেন্দ্ৰ স্থাপনৰ পৰিকল্পনা আছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী মানিক সাহাই ।
লগতে পঢ়ক: Deer roam free in Guwahati: চিৰিয়াখানাৰ পৰা ওলাই আহিল হৰিণা...তাৰ পিছত