ETV Bharat / bharat

US-India Strategic Partnership Forum: ভাৰত-আমেৰিকাৰ কোম্পানীসমূহক ৰাজ্যত বিনিয়োগ কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

author img

By

Published : Oct 20, 2022, 2:27 PM IST

ইউএছ-ইণ্ডিয়া ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ ফ'ৰামত (US-India Strategic Partnership Forum)ৰ দ্বাৰা আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ অসমক বিনিয়োগ কৰাৰ বাবে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানী আহ্বান মুখ্যমন্ত্ৰীৰ ৷

CM Assam urges India-US companies to invest in state offering bouquet of policies
ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানীসমূহক ৰাজ্যত বিনিয়োগ কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্ক, 20 অক্টোবৰ: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে নতুন দিল্লীৰ অবেৰয়ত ইউএছ-ইণ্ডিয়া ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ ফ'ৰাম (US-India Strategic Partnership Forum)ৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷ অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেইবাটাও কোম্পানীৰ(India-US companies) মুখ্য কাৰ্যবাহী বিষয়াসকলক অসমৰ সৈতে অংশীদাৰীত্ব ত্বৰান্বিত কৰিবলৈ আৰু অসমৰ বিকাশৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰাৰ বাবে আহ্বান জনায় ।

অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে(Assam CM Himanta Biswa Sarma) অসমৰ পূৰ্ণ সম্ভাৱনাময় সম্পদসমূহৰ বিষয়ে উল্লেখ কৰে আৰু অসমৰ চাহৰ পৰা আৰম্ভ কৰি বাণিজ্য আৰু পৰ্যটন ক্ষেত্ৰলৈকে থকা অপৰিসীম সুযোগসমূহ গ্ৰহণ কৰিবলৈ আহ্বান জনায় । মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ চৰকাৰখনৰ দৃষ্টিভংগীৰ কথা উল্লেখ কৰি অসমত বিনিয়োগৰ বাবে এক শক্তিশালী পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত নিৰন্তৰভাৱে কাম কৰি অহাৰ কথা ব্যক্ত কৰে ৷ তেওঁ লগতে কয় যে যেতিয়া নীতি আৰু উন্নয়নৰ কথা আহে, কৌশলগতভাৱে অৱস্থিত অসম ৰাজ্যখন দেশৰ কেন্দ্ৰবিন্দু । তেওঁ অসম আৰু সামগ্ৰিকভাৱে অঞ্চলটোৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰশংসা কৰে ।

মুখ্যমন্ত্ৰীয়ে উচ্চ শিক্ষা আৰু পৰ্যটনৰ ক্ষেত্ৰত অসমত থকা পূৰ্ণ সম্ভাৱনাৰ কথা ব্যক্ত কৰি এই ক্ষেত্ৰত বিনিয়োগৰ বাবে সকলোকে আহ্বান জনায় ৷ ইউএছ-ইণ্ডিয়া ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ ফ'ৰামৰ সভাপতি আৰু মুখ্য কাৰ্যবাহী বিষয়া ড৹ মুকেশ আঘিয়ে তেওঁৰ গভীৰ দৃষ্টিভংগী ব্যক্ত কৰে ৷ তেওঁ কয় যে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ উভয়ে এনে এক সময়ত অৰ্থনৈতিক সম্পৰ্ক আৰু কৌশলগত অংশীদাৰীত্ব শক্তিশালী কৰিব বিচাৰে যেতিয়া ভাৰতে স্বাধীনতাৰ ৭৫ তম বৰ্ষ উদযাপন কৰি আছে ।

আনহাতে বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি তথা প্ৰাক্তন সাংসদ বৈজয়ন্ত জয় পাণ্ডাই কয় যে, উত্তৰ- পূৰ্বাঞ্চলক সকলোৰে কেন্দ্ৰলৈ অনাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিগত আঠ বছৰত কৰা প্ৰচেষ্টাই অঞ্চলটোৰ অবিশ্বাসযোগ্য প্ৰগতি আনিছে ৷ তেওঁ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম প্ৰগতিৰ দিশত আগবাঢ়িছে বুলি উল্লেখ কৰে ।

ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ অংশীদাৰীত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰত ইউএছ-ইণ্ডিয়া ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ ফ'ৰামৰ প্ৰশংসা কৰি পাণ্ডাই কয়, "৭৫ বছৰ ধৰি ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই যথেষ্ট সমন্বয়ৰ সৈতে কাম কৰি আহিছে ।" অনুষ্ঠানত কেইবাজনো মুখ্য কাৰ্যবাহী বিষয়াই অসমৰ উচ্চ শিক্ষা, দক্ষতা বিকাশ, সংযোগ, আন্তঃগাঁথনি আৰু টেলিকম খণ্ডত অংশীদাৰী ত্বৰান্বিত কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে ।

অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ পল্লব লোচন দাসক "We the people - 75 years of US-India Relations" শীৰ্ষক এখন কফি টেবুল কিতাপ প্ৰদান কৰা হয় ৷ অনুষ্ঠানটোত অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ সিনহাও উপস্থিত থাকে ।

লগতে পঢ়ক: Jayanta Malla Baruah react on Congress: খাৰ্গে আৰু ছোনিয়াৰ মাজত পাৰ্থক্য নাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.