ETV Bharat / bharat

Arvind Kejriwal on Modi Govt : বিৰোধী নেতাসকলক হাৰাশাস্তিৰ অভিযোগ কেজৰিৱালৰ

author img

By

Published : Mar 6, 2023, 5:15 PM IST

আশ্ৰম ডিএনডি ফ্লাইঅ'ভাৰ সম্প্ৰসাৰণ উদ্বোধন কৰিবলৈ ৰাজধানীত উপস্থিত হোৱা মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে তেওঁৰ চৰকাৰে দিল্লীৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত যথেষ্ট কাম কৰিছে । লগতে তেওঁ কয় যে কেন্দ্ৰীয় সংস্থাসমূহৰ অপব্যৱহাৰ কৰা হৈছে (Arvind Kejriwal on investigative organisations) ।

Kejriwal
Kejriwal

নিউজ ডেস্ক, ৬ মাৰ্চ : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে (Delhi CM Arvind Kejriwal) সোমবাৰে ৰিং ৰোডত আশ্ৰম ফ্লাইঅ'ভাৰ সম্প্ৰসাৰণ উদ্বোধন কৰে । এই সময়ছোৱাত তেওঁ কয় যে বিগত ৭ বছৰত আম আদমী পাৰ্টীৰ দিল্লী চৰকাৰে ৰাজধানীৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত যথেষ্ট কাম কৰিছে । দিল্লী চৰকাৰে ২৭ খন ফ্লাইঅ'ভাৰ আৰু আণ্ডাৰপাছ নিৰ্মাণ কৰিছে (Arvind Kejriwal inaugurated flyover) । একে সময়তে 15 টা ডাঙৰ প্ৰকল্পৰ কাম চলি আছে । কিছুমান সম্পূৰ্ণ হ'বলৈ ওলাইছে আৰু কিছুমান সোনকালেই আৰম্ভ হ'বলৈ গৈ আছে ।

আনহাতে, বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাৱৰী দেৱীৰ ঘৰত চলা চিবিআই অভিযান সন্দৰ্ভতো মন্তব্য কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে (Kejriwal on CBI raids in Rabri Devi house) । সোমবাৰে এই প্ৰসংগত তেওঁ কয় যে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবৰী দেৱীৰ বাসগৃহত চলি থকা চিবিআই অভিযানৰ বাবে কেন্দ্ৰীয় অনুসন্ধান সংস্থা (CBI) আৰু ইডিৰ (ED) দৰে কেন্দ্ৰীয় সংস্থাসমূহৰ অপব্যৱহাৰ কৰা হৈছে । যিবোৰ ৰাজ্যত বিৰোধী দলসমূহ শাসনত আছে তেওঁলোকক কাম কৰিবলৈ অনুমতি দিয়া হোৱা নাই । তেওঁ এইটোও কয় যে বিৰোধী নেতাসকলক চিবিআই আৰু ইডিৰ প্ৰতি ভয় দেখুওৱা হৈছে । কেৱল সিমানেই নহয়, কিছুমান ৰাজ্যৰ ৰাজ্যপালেও নিৰ্বাচিত চৰকাৰসমূহক হাৰাশাস্তি কৰি আছে (Kejriwal alleged harassment of opposition leaders) ।

অৰবিন্দ কেজৰিৱালে কৈছিল যে যিসকলক ৰাইজে নিৰ্বাচিত কৰিছে আৰু চৰকাৰ গঠন কৰিবলৈ প্ৰেৰণ কৰিছে, তেওঁলোকক কাম কৰিবলৈ অনুমতি দিয়া উচিত । গণতন্ত্ৰই এনেদৰেই কাম কৰে । কেজৰিৱালে কয় যে তেওঁৰ চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা দিল্লীৰ আন্তঃগাঁথনিৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে । চৰকাৰে জনসাধাৰণৰ যাতায়াতৰ সুবিধাৰ বাবে ৰাজধানীত উৰণীয়া সেতু আৰু পথ উন্নীত কৰাৰ চেষ্টা কৰি আছে ।

কেজৰিৱালে কয় যে দিল্লীত ১০১ খন ফ্লাইঅ'ভাৰ আৰু আণ্ডাৰপাছ আছে । ইয়াৰে ভিতৰত আম আদমী পাৰ্টী চৰকাৰৰ অধীনত বিগত সাত বছৰত ২৭ খন ফ্লাইঅ'ভাৰ আৰু আণ্ডাৰপাছ নিৰ্মাণ কৰা হৈছে । নেহৰু প্লেচ ফ্লাইঅ'ভাৰ সম্প্ৰসাৰণৰ কাষত আন এখন ফ্লাইঅ'ভাৰ নিৰ্মাণৰ কাম সোনকালেই আৰম্ভ হ'ব । মা আনন্দমাই উৰণীয়া সেতু আদিৰ কামো সোনকালেই আৰম্ভ হ'ব । ইয়াৰ উপৰি, ছাৰাই কালে খান ফ্লাইঅ'ভাৰৰ কাষত এখন নতুন ফ্লাইঅ'ভাৰ নিৰ্মাণৰ কাম চলি আছে । এইখনৰ কাম জুলাই মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব ।

আনহাতে, বৰ্তমান দিল্লীৰ ৰাস্তাবোৰ লেণ্ডস্কেপিঙৰ জৰিয়তে সুন্দৰ কৰি তোলা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী কেজৰিৱালে কয় যে দিল্লীত প্ৰায় ১,৪৮০ কিলোমিটাৰ পথ পৰিষ্কাৰ কৰাৰ পিডব্লিউডিৰ ব্যৱস্থাক অধিক উন্নত কৰাৰ বাবে এয়া আমাৰ প্ৰয়াস । পিডব্লিউডি বিষয়াসকলে ইয়াৰ বাবে কাম কৰি আছে । কেজৰিৱালে কয় যে আশ্ৰম ফ্লাইঅ'ভাৰ সম্প্ৰসাৰণ কাৰ্যকৰী হোৱাৰ বাবে নয়ডাৰ পৰা এইমছলৈ যাত্ৰা কৰাটো বহুত সহজ হ'ব । লগতে দিল্লীৰ পৰা ফৰিদাবাদলৈ অহা লোকসকলেও যথেষ্ট সুবিধা পাব । তেওঁ কয় যে বৰ্তমান কেৱল বাইক আৰু লঘু বাহনহে এই উৰণীয়া সেতুৰে পাৰ হ'ব । এই মাহৰ শেষৰ ফালে উৰণীয়া সেতুৰ পথত অহা উচ্চ ক্ষমতাসম্পন্ন বিদ্যুতৰ তাঁৰবোৰ আঁতৰ কৰা হ'ব । তাৰ পিছতহে সকলো বাহন ইয়াৰ ওপৰেদি চলাচল কৰিব পাৰিব ।

লগতে পঢ়ক :Govt formation in NE states: পূৰ্বোত্তৰৰ দুই ৰাজ্যত চৰকাৰ গঠন সন্দৰ্ভত অমিত শ্বাহৰ বাসগৃহত গুৰুত্বপূৰ্ণ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.