ETV Bharat / bharat

Protest in Manipur for encroaching tribal lands : 144 ধাৰা ওফৰাই মণিপুৰত জনজাতীয় ভূমি ৰক্ষাৰ বাবে প্ৰতিবাদ - Protest for encroaching tribal lands

জনজাতীয় ভূমিত বন্যপ্ৰাণী অভয়াৰণ্যৰ বাবে মাটি অধিগ্ৰহণ কৰাক কেন্দ্ৰ কৰি মণিপুৰত সংঘৰ্ষ ৷ শুকুৰবাৰে জনজাতীয় ভূমি বেদখল কৰাৰ অভিযোগেৰে ৰাজপথলৈ ওলাই আহে কেইবাটাও দল-সংগঠনৰ প্ৰতিনিধি ৷ আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষ (Protest in Manipur for encroaching tribal lands) ৷

Protest for encroaching tribal lands
জনজাতীয় ভূমি ৰক্ষাৰ বাবে মণিপুৰত প্ৰতিবাদ
author img

By

Published : Mar 11, 2023, 1:06 PM IST

নেশ্যনেল ডেস্ক, 11 মাৰ্চ : বন্যপ্ৰাণী অভয়াৰণ্যৰ বাবে জনজাতীয় ভূমি চৰকাৰে অধিগ্ৰহণ কৰাক কেন্দ্ৰ কৰি মণিপুৰত শুকুৰবাৰৰ দিনটোত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতিৰ ৷ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰতিবাদকাৰীসকলে সাংবিধানিক বিধানক প্ৰত্যাহ্বান জনাইছে বুলি উল্লেখ কৰে । লগতে ৰাজ্যখনৰ নাগৰিকে পপি বাগিচা আৰু আফিং খেতিৰ বাবে সংৰক্ষিত বনাঞ্চল আৰু বন্যপ্ৰাণী অভয়াৰণ্য বেদখল কৰা বুলি কৰিলে উল্লেখ (Protest in Manipur for encroaching tribal lands)।

উল্লেখ্য যে ৰাজ্যখনৰ কাংপোকপি জিলাত সংৰক্ষিত বনাঞ্চল আৰু বন্যপ্ৰাণী অভয়াৰণ্যৰ বাবে জনজাতীয় ভূমি অধিগ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল শুকুৰবাৰে ৷ স্থানীয় লোকৰ প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে চেষ্টা চলোৱাত হিংসাত্মক সংঘৰ্ষৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় । 144 ধাৰা তথা প্ৰশাসনিক নিষেধাজ্ঞাক আওকান কৰি শুকুৰবাৰে কাংপকপি চহৰৰ থমাছৰ সমীপত খিলঞ্জীয়া জনজাতীয় নেতা মঞ্চ (আই টি এল এফ)কে ধৰি বিভিন্ন সংস্থাই আহ্বান কৰা প্ৰতিবাদী সমাৱেশৰ বাবে বৃহৎ সংখ্যক লোক সমবেত হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে (Indigenous Tribal Leaders’ Forum protest)।

আৰক্ষীয়ে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ চেষ্টা চলোৱাৰ সময়তে সংঘৰ্ষৰ সূত্ৰপাত হয় ৷ তদুপৰি, পৰৱৰ্তী সময়ত এই সংঘৰ্ষই হিংসাত্মক ৰূপ ধাৰণ কৰে । কন্দুৱা গেছৰ গোলা নিক্ষেপ হোৱাৰ ফলত কমেও পাঁচজন প্ৰতিবাদকাৰী আহত হোৱাৰ বিপৰীতে বহুকেইগৰাকী আৰক্ষী জোৱানো শিলগুটিৰ আঘাতপ্ৰাপ্ত হৈ আহত হোৱা বুলি বিষয়াসকলে জানিবলৈ দিয়ে । অৱশ্যে পিছত পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হয় বুলিও স্থানীয় সূত্ৰত প্ৰকাশ (Police protesters clash in Manipur)।

লগতে পঢ়ক : ED to question BRS MLC Kavitha today: আজি ED ৰ জেৰাৰ সন্মুখীন হ’ব মুখ্যমন্ত্ৰী কন্যা কে কবিতা

ইয়াৰ পাছতে প্ৰতিবাদকাৰীসকলে কাংপকপিৰ উপায়ুক্ত কেংগু জুৰিংগলাৰ জৰিয়তে ৰাজ্যপাল অনুছুইয়া উইকেলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । বৃহস্পতিবাৰে কাংপোকপি আৰু চুৰাচান্দপুৰ জিলাত চি আৰ পি চিৰ অধীনত ১৪৪ ধাৰাত নিষেধাজ্ঞা জাৰি কৰা হয় । ইফালে; মৰাম ইউনিয়ন, মাও ইউনিয়ন, ৰংমেই নগা কাউন্সিল মণিপুৰকে ধৰি নগা জনগোষ্ঠীৰ কেইবাটাও সংগঠনে নতুনকৈ গঠিত সংস্থা আইটিএলএফে ৰাজ্যৰ খিলঞ্জীয়াক প্ৰতিনিধিত্ব নকৰে বুলি উল্লেখ কৰে (Manipur Chief Minister N Biren Singh) ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.