ETV Bharat / bharat

Clash in Vadodara : গুজৰাটত ফটকা ফুটুৱাক লৈ দুটা ফৈদৰ সংঘৰ্ষ

author img

By

Published : Oct 25, 2022, 2:24 PM IST

Updated : Oct 25, 2022, 3:13 PM IST

চৌদিশে দীপাৱলীৰ আনন্দ(Diwali 2022 in India) । দীপাৱলী উপলক্ষে ফটকা তথা আতচবাজী ফুটাই আনন্দ কৰিছে সকলোৱে (Festival of Diwali) । কিন্তু দীপাৱলীৰ আনন্দত ব্যাঘাত । ফটকা ফুটুৱাক লৈ গুজৰাটত দুটা ফৈদৰ প্ৰচণ্ড মাৰপিট ।

Clash over bursting of crackers on Diwali in Vadodara
গুজৰাটত ফটকা ফুটুৱাক লৈ দুটা ফৈদৰ সংঘৰ্ষ

নেশ্যনেল ডেস্ক, ২৫ অক্টোবৰ : দেশজুৰি উদযাপন কৰা হৈছে পোহৰৰ উৎসৱ দীপাৱলী (Diwali 2022 in India) । দীপাৱলীক কেন্দ্ৰ কৰি সমগ্ৰ দেশতে উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে (Festival of Diwali) । ৰং-বিৰঙী আলোক সজ্জাৰে সজোৱা হৈছে বাসগৃহ, অনুষ্ঠান প্ৰতিষ্ঠান আদি । সমানে পয়োভৰ ঘটিছে ভিন্ন আটচবাজীৰ । ইয়াৰ মাজতে গুজৰাটৰ বদোদৰাত ফটকা ফুটুৱাক লৈ সৃষ্টি হয় সংঘৰ্ষ(Clash over bursting of crackers on Diwali in Vadodara) ।

জানিবপৰা মতে, দেৱালীত গুজৰাটৰ বদোদৰা চহৰৰ এটা অঞ্চলত আতচবাজী জ্বলোৱাক লৈ দুটা সম্প্ৰদায়ৰ মাজত সংঘৰ্ষৰ সুত্ৰপাত হয় । সাম্প্ৰদায়িকভাৱে সংবেদনশীল পানীগেট এলেকাত মঙলবাৰে পুৱা প্ৰায় ১২.৪৫ বজাত সংঘৰ্ষটো সংঘটিত হয় এই ঘটনা । বদোদৰাৰ আৰক্ষী উপায়ুক্ত যশপাল জগনিয়াই পিটিআইক জনোৱা অনুসৰি অঞ্চলটোত ৰকেটৰ আতচবাজী পৰি যোৱাৰ ফলত অঞ্চলটোত ৰখাই থোৱা এখন মটৰচাইকেলত জুই লাগিছিল ।

তাৰ পাছতেই আনটো ফৈদেও ৰকেট আতচবাজী নিক্ষেপ কৰে সিটো ফৈদলৈ । পিছত, দুটা সম্প্ৰদায়ৰ লোকে ইজনে সিজনৰ ওপৰত শিল নিক্ষেপ কৰে । ঘটনাৰ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ এটা দল । পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে যদিও এজন ব্যক্তিয়ে সংঘৰ্ষ আৰম্ভ হোৱাৰ প্ৰায় এঘণ্টা পিছত স্থানীয় এটা ঘৰৰ তৃতীয় মহলাৰ পৰা আৰক্ষীৰ ওপৰত পেট্ৰ'ল বোমা নিক্ষেপ কৰিছিল । আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে লোকজনক ।

আৰক্ষীয়ে দুয়োটা ফৈদৰ ১৯ গৰাকী ব্যক্তিক আটক কৰে । বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে বুলি উল্লেখ কৰে আৰক্ষীয়ে । ইফালে দুয়োটা সম্প্ৰদায়ৰ কেইবাজনো সন্দেহজনক ব্যক্তিক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

লগতে পঢ়ক: Dibrugarh All India Radio : আকাশবাণী ডিব্ৰুগড়ৰ অসমীয়া নিউজ বুলেটিন বন্ধ হোৱাত অসন্তুষ্ট মন্ত্ৰী

Last Updated : Oct 25, 2022, 3:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.