ETV Bharat / bharat

Clash in Chandrababu Naidus Rally : চন্দ্ৰবাবু নাইডুৰ সমদলত টিডিপি ৱাইএছআৰচিপি কৰ্মীৰ মাজত সংঘৰ্ষ

author img

By

Published : Aug 5, 2023, 10:36 AM IST

আগন্তুক বৰ্ষত অনুষ্ঠিত হ'ব অন্ধ্ৰপ্ৰদেশ বিধানসভাৰ নিৰ্বাচন । তাৰেই প্ৰস্তুতি হিচাপে চন্দ্ৰবাবু নাইডুৱে তেওঁৰ প্ৰচাৰ কাৰ্যসূচীৰ অংশ হিচাপে ৰাজ্যখনৰ বিভিন্ন জিলা ভ্ৰমণ কৰি আছে । তেনে এক কাৰ্যসূচীৰ সময়তে দুয়োটা দলৰ কৰ্মীসকলৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ঘটে ।

Clash in Chandrababu Naidus Rally
Clash in Chandrababu Naidus Rally

নিউজ ডেস্ক, ৫ আগষ্ট : শুকুৰবাৰে অন্ধ্ৰপ্ৰদেশৰ অন্নমায়াত টিডিপি সভাপতি এন চন্দ্ৰবাবু নাইডুৰ এক ৰেলীৰ সময়ত তেলেগু দেশম পাৰ্টী (টিডিপি) আৰু যুৱজনা শ্ৰমিকা ৰাইথু কংগ্ৰেছ পাৰ্টীৰ (ৱাইএছআৰচিপি) কৰ্মীসকলৰ মাজত তীব্ৰ সংঘৰ্ষৰ সৃষ্টি হয় । সংঘৰ্ষৰ সময়ত দুয়োটা দলৰ কৰ্মীয়ে ইজনে সিজনৰ ওপৰত শিলবৰ্ষণ কৰে । আনহাতে, সংঘৰ্ষ আৰম্ভ হোৱাৰ পিছতে ঘটনাস্থলীত বৃহৎ মাত্ৰাত আৰক্ষী বাহিনী মোতায়েন কৰা হয় । এই ঘটনাত দুয়োপক্ষৰে বহু কৰ্মী আহত হয় ।

উল্লেখ্য যে আগন্তুক বৰ্ষত অনুষ্ঠিত হ'ব অন্ধ্ৰপ্ৰদেশ বিধানসভাৰ নিৰ্বাচন । তাৰেই প্ৰস্তুতি হিচাপে চন্দ্ৰবাবু নাইডুৱে তেওঁৰ প্ৰচাৰ কাৰ্যসূচীৰ অংশ হিচাপে ৰাজ্যখনৰ বিভিন্ন জিলা ভ্ৰমণ কৰি আছে । তেনে এক কাৰ্যসূচীৰ সময়তে দুয়োটা দলৰ কৰ্মীসকলৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ঘটে ।

ইতিমধ্যে এই সংঘৰ্ষৰ বিভিন্ন ফটো আৰু ভিজুৱেল সামাজিক মাধ্যমত বিয়পি পৰিছে । তাত দেখা গৈছে যে উগ্ৰ সমৰ্থকে এখন বাছ বগৰাই দি তাত অগ্নিসংযোগ কৰিছে । আনহাতে, দুয়োটা দলৰ কৰ্মীসকলৰ মাজত শিল নিক্ষেপৰ ঘটনাও সংঘটিত হয় ।

আনহাতে, এই সংঘৰ্ষৰ ফলত কিছু লোক আহত হৈছে । পৰৱৰ্তী সময়ত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক ছত্ৰভঙ্গ দিয়াবলৈ লাঠিচালনা কৰিবলৈও বাধ্য হয় ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে কাডাপাত নাইডুৰ ৰেলীৰ স্থানত সামান্য জুইলগাৰ ঘটনা সংঘটিত হৈছিল । বিৰোধী নেতাজনে ৰেলী সম্বোধন কৰি থকাৰ সময়ত পথৰ কাষত থকা এখন গাড়ীত জুই লাগে ।

প্ৰাপ্ত তথ্য অনুসৰি, চন্দ্ৰবাবু নাইডু এই ঘটনাত সুখী নহয় । তেওঁৰ বিশ্বাস যে এই ঘটনা কোনো দুষ্কৃতিকাৰীয়ে ইচ্ছাকৃতভাৱে কৰিছে ।

উল্লেখ্য যে কাডাপা হৈছে মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীৰ গৃহ জিলা । চন্দ্ৰবাবু নাইডুৰ তিনিদিনীয়া ভ্ৰমণ সূচীৰ সময়ত তেওঁ জগন মোহনৰ সমষ্টি পুলিভেণ্ডুলাও ভ্ৰমণ কৰিব আৰু তাত এখন ৰাজহুৱা সভা সম্বোধন কৰিব ।

আনহাতে, ২৭ জুলাইতো অন্ধ্ৰপ্ৰদেশৰ পালনাডু জিলাৰ ভিনুকোণ্ডা চহৰত দুয়োটা দলৰ কৰ্মী-সমৰ্থকৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছিল । বিৰোধীৰ এক ৰেলীৰ সময়ত সৃষ্টি হোৱা এই সংঘৰ্ষৰ সময়ত ৱাইএছআৰচিপি আৰু টিডিপিৰ কৰ্মীসকলক ছত্ৰভঙ্গ দিয়াবলৈ আৰক্ষীয়ে শূন্যলৈ এক ৰাউণ্ড গুলীচালনা কৰিবলগা হৈছিল । আনহাতে, শিলাবৰ্ষণৰ ঘটনাত পাঁচজন লোক আহত হয় ।

লগতে পঢ়ক :hathras road accident : হাথৰাছত ভয়ংকৰ পথ দুৰ্ঘটনা; 5 জনৰ মৃত্যু, আহত 16

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.