ETV Bharat / bharat

Clash between congress workers and local councilor: কাউন্সিলাৰ ৰেখা ৰাথোৰ আৰু কংগ্ৰেছ কৰ্মী ৰাহুল ছেঠীৰ মাজত বাকযুদ্ধ - হেৰিটেজ পৌৰ নিগম

জয়পুৰত কংগ্ৰেছ কৰ্মী ৰাহুল ছেঠী আৰু কাউন্সিলাৰ ৰেখা ৰাথোৰৰ মাজত বাকযুদ্ধ (Clash between congress workers and local councilor)৷ কংগ্ৰেছ কৰ্মীগৰাকীয়ে ৰেখা ৰাথোৰক অভব্য আচৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে (Woman councilor alleges indecency) ৷ যাৰ বিৰুদ্ধে কাউন্সিলাৰ ৰেখা ৰাথোৰে কংগ্ৰেছ কৰ্মী ৰাহুল ছেঠীৰ বিৰুদ্ধে আৰক্ষী থানাত দাখিল কৰে এক গোচৰ ৷

CLASH BETWEEN CONGRESS WORKERS AND LOCAL COUNCILOR
মুদ্ৰাস্ফীতি সাহায্য শিবিৰত হপলস্থূল
author img

By

Published : Jun 10, 2023, 1:57 PM IST

নেশ্যনেল ডেস্ক, ১০ জুন : ‘‘মোৰ গৰম লাগিছে ৷ মোক অলপ শীতল বতাহৰ প্ৰয়োজন আছিল ৷ সেয়ে জিলা উপায়ুক্তৰ আসনখন খালী আছিল বাবেই মই তাত বহি শীতল বতাহৰ আনন্দ ল’লো ৷ তাতে হৈ-চৈ কৰিবলৈ কি হ’ল ৷’’ এতিয়া হয়তো সকলোৰে মনত প্ৰশ্ন হৈছে, কোনে কৈছে এই কথাষাৰ ? এয়া এগৰাকী কংগ্ৰেছ কৰ্মীৰ ভাষ্য ৷

প্ৰকৃততে, শনিবাৰে জয়পুৰ হেৰিটেজ পৌৰ নিগমৰ ৪৭ নং ৱাৰ্ডত আয়োজন কৰা হৈছিল এক মুদ্ৰাস্ফীতি সাহায্য শিবিৰ ৷ এই শিবিৰত প্ৰশাসনৰ বিষয়ববীয়াৰ সৈতে উপস্থিত হৈছে কংগ্ৰেছ আৰু বিজেপিৰ বহু কৰ্মীও ৷ সকলো ঠিকেই চলি আছিল ৷ কিন্তু অত্যাধিক গৰম পৰা ৰক্ষা পাবলৈ কংগ্ৰেছ কৰ্মী ৰাহুল ছেঠীয়ে জিলা উপায়ুক্তগৰাকীৰ বাবে সংৰক্ষিত হৈ থকা আসনত বহে ৷ এই অভিযোগ উত্থাপন কৰে কাউন্সিলাৰ ৰেখা ৰাথোৰে (Clash between congress workers and local councilor in Jaipur) ৷

তাৰ পাচতে কাউন্সিলাৰ ৰেখা ৰাথোৰে উপায়ুক্তগৰাকীৰ বাবে সংৰক্ষিত হৈ থকা আসনত বহাৰ বাবে কংগ্ৰেছ কৰ্মী ৰাহুল ছেঠীক প্ৰশ্ন কৰে ৷ তেতিয়া কংগ্ৰেছ কৰ্মীগৰাকীয়ে প্ৰশ্নৰ উত্তৰত কাউন্সিলাৰগৰাকীক অভব্য আচৰণ কৰাহে অভিযোগ উত্থাপন হয় ৷ এই অভিযোগ উত্থাপন কৰে কাউন্সিলাৰ ৰেখা ৰাথোৰে ৷ এই লৈ দুয়োগৰাকীৰ মাজত সৃষ্টি হয় বাক-বিতণ্ডাৰ ৷ আনকি পৰৱৰ্তী সময়ত কাউন্সিলাৰ ৰেখা ৰাথোৰে কংগ্ৰেছ কৰ্মী ৰাহুল ছেঠীৰ বিৰুদ্ধে ছ’ডালা থানাত দাখিল কৰে এক গোচৰ (Woman councilor alleges indecency case registered) ৷

উল্লেখ্য যে, হেৰিটেজ পৌৰ নিগমত এতিয়ালৈকে ১০৪২৯ খন আবেদন লাভ কৰা হৈছে । ইয়াৰে ৬৯৬১ টা পট্টা জাৰি কৰা হৈছে । আনহাতে, ২৭৭৫ খন আবেদন নাকচ কৰা হৈছে । ইয়াত আমেৰ-হাৱামহল মণ্ডলত সৰ্বাধিক ২৩৪৯ টা পট্টা বিতৰণ কৰা হৈছে । আনহাতে, আদৰ্শ নগৰত ১০৫৮ টা, চিভিল লাইনত ১৮৩৪ টা আৰু কিষাণপোলত ১৭২০ টা পট্টা বিতৰণ কৰা হৈছে ।

যদিহে বৃহত্তৰ পৌৰ নিগমৰ কথা কোৱা যায়, তেন্তে তাত এতিয়ালৈকে ৮২৫২ খন আবেদন পোৱা গৈছে । ইয়াৰে ৩০৬৫ টা পট্টা বিতৰণ কৰা হৈছে । আনহাতে, ৪৩৩১ টা পট্টা বাতিল কৰা হৈছে । বৃহত্তৰ নিগমৰ মুখ্য কাৰ্যালয়ৰ পৰা সৰ্বাধিক ১১৭৮ টা পট্টা বিতৰণ কৰা হৈছে ।

আনহাতে, মণ্ডলটোৰ সাংগানেৰত বিতৰণ কৰা হৈছে ৫২০ টা পট্টা । শুকুৰবাৰে উপায়ুক্ত মহেন্দ্ৰ সোণীয়েও অতি শীঘ্ৰে বাকী থকা বৃহত্তৰ পৌৰ নিগমত প্ৰায় ৮৫৬ টা আবেদন নিষ্পত্তি কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে ।

লগতে পঢ়ক : Gujarat ATS operation : আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠনৰে জড়িত ৪ জনক গুজৰাটত গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.