ETV Bharat / bharat

Congress on Ajit Pawar Issue : ইণ্ডিয়া বৈঠকৰ পূৰ্বে অজিত পাৱাৰৰ ওপৰত স্থিতি স্পষ্ট কৰক; শৰদ পাৱাৰক আহ্বান কংগ্ৰেছৰ - Congress on Ajit Pawar issue

শৰদ পাৱাৰে এনচিপিত কোনো বিভাজন হোৱা নাই বুলি কৈ সকলোকে আচৰিত কৰাৰ কেইঘণ্টামান পিছত কংগ্ৰেছৰ প্ৰবীণ নেতাজনৰ মন্তব্য আহিছে । শৰদ পাৱাৰে কৈছিল যে অজিত পাৱাৰ এতিয়াও দলৰ এজন নেতা আৰু তেওঁৰ ভতিজাকৰ ভিন্ন মত পোষণ কৰাটো গণতন্ত্ৰৰ এক অংশ ।

Congress on Ajit Pawar Issue
Congress on Ajit Pawar Issue
author img

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 8:40 PM IST

নিউজ ডেস্ক, ২৫ আগষ্ট : কংগ্ৰেছে শুকুৰবাৰে এনচিপিৰ মুৰব্বী শৰদ পাৱাৰক বিদ্ৰোহী ভতিজাক অজিত পাৱাৰ সন্দৰ্ভত তেওঁৰ স্থিতি স্পষ্ট কৰিবলৈ কৈছে । "শৰদ পাৱাৰে তেওঁৰ স্থিতি স্পষ্ট কৰা উচিত । এনচিপিত কোনো বিভাজন নাই আৰু অজিত পাৱাৰে প্ৰকাশ কৰা মতামত গণতন্ত্ৰৰ অংশ বুলি কৰা তেওঁৰ মন্তব্য বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ সদস্যসকলে গ্ৰহণ নকৰিব ।" কংগ্ৰেছ ৱৰ্কিং কমিটীৰ সদস্য তাৰিক আনোৱাৰে কয় ।

উল্লেখ্য যে শৰদ পাৱাৰে এনচিপিত কোনো বিভাজন হোৱা নাই বুলি কৈ সকলোকে আচৰিত কৰাৰ কেইঘণ্টামান পিছতে কংগ্ৰেছৰ প্ৰবীণ নেতাজনৰ পৰা এই মন্তব্য আহে । শৰদ পাৱাৰে কৈছিল যে অজিত পাৱাৰ এতিয়াও দলৰ এজন নেতা আৰু তেওঁৰ ভতিজাকৰ ভিন্ন মত পোষণ কৰাটো গণতন্ত্ৰৰ এক অংশ ।

আনহাতে, শৰদ পাৱাৰে তেওঁৰ জন্মস্থান বাৰামতীত কৰা এই মন্তব্যক দেশৰ মহা পুৰণি দলটোৰ বহুতেই চতুৰ ৰাজনীতিবিদজনৰ এক ৰাজনৈতিক গুগলি হিচাপে লক্ষ্য কৰিছে । উল্লেখ্য যে পুনেত এক অনুষ্ঠানত অংশ গ্ৰহণ কৰি শৰদ পাৱাৰে উক্ত মন্তব্যৰে এক ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি কৰিছিল । উক্ত অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীক লোকমান্য তিলক ন্যাসে সম্বৰ্ধনা জনাইছিল ।

উল্লেখ্য যে পুনেৰ অনুষ্ঠানটো এনচিপিৰ এনে এক পটভূমিত অনুষ্ঠিত হৈছিল, য'ত বিজেপিয়ে আঞ্চলিক দলটোত বিভাজন ঘটাইছিল । ইয়াৰ ফলত অজিত পাৱাৰে দলটোৰ বিধায়কসকলৰ এটা অংশ লৈ শিৱসেনা-বিজেপি চৰকাৰত যোগদান কৰিছিল । পিছত অজিত পাৱাৰ আৰু শৰদ পাৱাৰৰ প্ৰাক্তন ঘনিষ্ঠ সহযোগী প্ৰফুল পেটেল দুয়োজনে ১৮ জুলাইত দিল্লীত এনডিএৰ এখন বৈঠকত অংশগ্ৰহণ কৰিছিল । সিদিনাই ২৬ টা বিৰোধী দলে বেংগালুৰুত মিলিত হয় আৰু তেওঁলোকৰ মিত্ৰতাৰ বাবে ইণ্ডিয়া নামটো চূড়ান্ত কৰে ।

"শৰদ পাৱাৰ মহাৰাষ্ট্ৰৰ মহা বিকাশ আঘাড়ী নামৰ শিৱসেনা উদ্ধৱ থাকৰে-এনচিপি-কংগ্ৰেছ মিত্ৰজোঁটৰ এজন গুৰুত্বপূৰ্ণ সদস্য । তেওঁ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াতো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে । তেওঁ ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত মুম্বাইত বিৰোধী মিত্ৰজোঁটৰ তৃতীয়খন বৈঠক অনুষ্ঠিত কৰিব । সেয়েহে শৰদ পাৱাৰে সন্মিলনৰ পূৰ্বে অজিত পাৱাৰ সন্দৰ্ভত তেওঁৰ স্থিতি স্পষ্ট কৰা উচিত ।" আনোৱাৰে কয় ।

লগতে পঢ়ক :Rahul Gandhi China Remarks : চীন সন্দৰ্ভত মন্তব্যত ৰাহুল গান্ধীক তীব্ৰ আক্ৰমণ বিজেপিৰ; ভিত্তিহীন, অযৌক্তিক আখ্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.