নেশ্যনেল ডেস্ক, ৩১ আগষ্ট: মঙলবাৰে উচ্চতম ন্যায়ালয়(Supreme Court)ৰ ৯ গৰাকী নতুন ন্যায়াধীশক শপত বাক্য পাঠ কৰোৱাব মুখ্য ন্যায়াধীশ এন ভি ৰমানা(N V Ramana)ই । উচ্চতম ন্যায়ালয়ৰ অতিৰিক্ত ভৱন চৌহদৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে শপত গ্ৰহণ অনুষ্ঠান । পৰম্পৰা অনুসৰি, নতুন ন্যায়াধীশসকলৰ শপত গ্ৰহণ কাৰ্যসূচী মুখ্য ন্যায়াধীশৰ আদালত কক্ষত সম্পন্ন কৰা হয় । এই নতুন ন্যায়াধীশকেইজনে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত মুঠ ন্যায়াধীশৰ সংখ্যা ৩৩ গৰাকীলৈ বৃদ্ধি হ'ব ।
অনুমোদিত ন্যায়াধীশৰ সংখ্যা ৩৪ গৰাকী । ন্যায়াধীশক শপত গ্ৰহণ অনুষ্ঠানৰ ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে কেতবোৰ নতুনত্ব দেখা গৈছে । প্ৰথমবাৰৰ বাবে একেলগে উচ্চতম ন্যায়ালয়(Supreme Court)ৰ ৯ গৰাকী ন্যায়াধীশে শপত গ্ৰহণ কৰিব । লগতে এইবাৰ শপত গ্ৰহণ কাৰ্যসূচী মুখ্য ন্যায়াধীশৰ আদালত কক্ষৰ পৰিৱৰ্তে ন্যায়ালয়ৰ অতিৰিক্ত ভৱন চৌহদৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে ।
সৰ্বোচ্চ ন্যায়ালয়ৰ জনসম্পৰ্কৰক্ষী বিষয়াৰ কাৰ্যালয়ৰ তৰফৰ পৰা জাৰি কৰা এক সংবাদ বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে যে, ক'ভিড-১৯ প্ৰট'কল কঠোৰভাৱে মানি চলাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিবলগীয়া ৯ জন নতুন ন্যায়াধীশৰ ভিতৰত আছে- কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ অভয় শ্ৰীনিবাস ওকা(Abhay Shreeniwas Oka), গুজৰাট উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ বিক্ৰম নাথ(Vikram Nath), ছিকিম উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ জীতেন্দ্ৰ কুমাৰ মহেশ্বৰী(Jitendra Kumar Maheshwari), তেলেংগানা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হিমা কোহলী(Hima Kohli) আৰু কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি ভি নাগাৰাথনা(B V Nagarathna) ।
লগতে কেৰালা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ চি টি ৰবিকুমাৰ(C T Ravikumar), মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ এম এম সুন্দ্ৰেশ(M M Sundresh), গুজৰাট উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বেলা এম ত্ৰিবেদী(Bela M Trivedi) আৰু জ্যেষ্ঠ অধিবক্তা তথা প্ৰাক্তন অতিৰিক্ত ছলিচিটৰ জেনেৰেল পি এছ নৰসিংহ(P S Narasimha)য়ো শপত গ্ৰহণ কৰিব ।
ন্যায়াধীশ বি ভি নাগাৰাথনাই ২০২৭ চনৰ ছেপ্টেম্বৰ মাহত উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ সম্ভাৱনা আছে । ১৯৬২ চনৰ ৩০ অক্টোবৰত জন্মগ্ৰহণ কৰা ন্যায়াধীশ নাগাৰাথনা প্ৰাক্তন মুখ্য ন্যায়াধীশ ই এছ ভেংকটাৰামিয়াৰ কন্যা ।
আনহাতে, ৯ জন নতুন ন্যায়াধীশৰ ভিতৰত তিনিগৰাকী ন্যায়াধীশ বিক্ৰম নাথ আৰু বি ভি নাগাৰাথনা আৰু পি এছ নৰসিংহৰ নাম চৰ্চাত আছে । ২০২৭ চনৰ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সূৰ্য কান্তৰ অৱসৰৰ পিছত ন্যায়াধীশ বিক্ৰম নাথ মুখ্য ন্যায়াধীশৰ দায়িত্ব লাভ কৰাৰো সম্ভাৱনা আছে ।
ইফালে, ন্যায়াধীশ নৰসিংহই ন্যায়াধীশ নাগাৰাথনাৰ উত্তৰসুৰী হ'ব আৰু ছয় মাহৰো অধিক সময় ধৰি এই দায়িত্বত থাকিব । ১৭ আগষ্টত শীৰ্ষ ন্যায়ালয়ৰ কলেজিয়ামে এই ৯ গৰাকী ন্যায়াধীশক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ পৰামৰ্শ আগবঢ়াইছিল । পিছত, ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ন্যায়াধীশ হিচাপে তেওঁলোকক নিযুক্তি প্ৰদান কৰে ।
১৯৫০ চনৰ ২৬ জানুৱাৰীত কাৰ্যকৰী হোৱা সৰ্বোচ্চ আদালতখনত আৰম্ভণিৰে পৰা খুব কম সংখ্যক মহিলা ন্যায়াধীশে নিযুক্তি লাভ কৰা পৰিলক্ষিত হৈছে আৰু ১৯৮৯ চনত এম ফাতিমা বীভিকে ধৰি যোৱা ৭১ বছৰত মাত্ৰ আঠগৰাকী মহিলা ন্যায়াধীশ নিযুক্তি দিয়া হৈছে । ন্যায়াধীশ ইন্দিৰা বেনাৰ্জী হৈছে বৰ্তমান উচ্চতম ন্যায়ালয়ত সেৱা আগবঢ়াই থকা একমাত্ৰ মহিলা ন্যায়াধীশ । মাদ্ৰাজ উচ্চ ন্যায়ালয়ত মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ইন্দিৰা বেনাৰ্জীৰ ২০১৮ চনৰ ৭ আগষ্টত পদোন্নতি হয় ।
উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলে ৬২ বছৰ বয়সত অৱসৰ লয় যদিও উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ অৱসৰৰ বয়স ৬৫ বছৰ ধাৰ্য কৰা হৈছে । এই নতুন নিযুক্তিক লৈ বিগত ২১ মাহে উচ্চতম ন্যায়ালয়ত নতুন সমস্যাৰ উদ্ভৱ হৈছিল । নিযুক্তিক লৈ হোৱা পৰিস্থিতিয়ে এনে ৰূপ লৈছিল যে, ২০১৯ চনৰ ১৭ নৱেম্বৰত তদানীন্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ অৱসৰৰ পিছত শীৰ্ষ ন্যায়ালয়ত ন্যায়াধীশ পদৰ বাবে এগৰাকীও ন্যায়াধীশৰ নাম বিবেচিত কৰিব পৰা নাছিল ।
লগতে পঢ়ক: বলুকা শিল্পৰে দেশবাসীলৈ জন্মাষ্টমীৰ শুভেচ্ছা সুদৰ্শন পাটনায়কৰ