ETV Bharat / bharat

ভাৰত চীন সীমান্তৰ টাৱাঙত মুকলি হ’ল ছবি গৃহ - ভাৰ্চুৱেল ৰিয়েলিটি

ভাৰত-চীন সীমান্ত টাৱাঙত এতিয়াৰে পৰা সেনাবাহিনীৰ লোক আৰু স্থানীয় ৰাইজে আমোদ লাভ কৰিব চলচ্চিত্ৰৰ ৷ টাৱাঙত মুকলি কৰা হ’ল ছবি গৃহ ৷

ভাৰত চীন সীমান্তৰ টাৱাঙত মুকলি হ’ল ছবি গৃহ

author img

By

Published : Nov 20, 2021, 10:44 PM IST

তেজপুৰ, ২০নৱেম্বৰ : সাগৰ পৃষ্ঠৰ পৰা প্ৰায় 10,000 ফুট উচ্চতাত একমাত্ৰ মহিলা দলৰ দ্বাৰা পৰিচালিত এটা চিনেমা গৃহ শনিবাৰে দিনৰ ১১ বজাত দৰ্শকৰ বাবে মুকলি হল ভাৰত-চীন সীমান্ত টাৱাঙত । পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাঙৰ ভাৰত-চীন সীমান্তত বৰ্তমান চলচ্চিত্ৰৰ মনোৰঞ্জন সময় । টাৱাঙত ৮০ খন আসনৰ এই চিনেমা গৃহটো মুকলি হোৱাৰ পিছতে মনপাৰ দেশত চলচ্চিত্ৰ আৰু মনোৰঞ্জনৰ দ্বাৰা অৱসাদ দূৰ কৰিব পৰা যাব ।

ভাৰত চীন সীমান্তৰ টাৱাঙত মুকলি হ’ল ছবি গৃহ

প্ৰথম দিনাই মহিলা সৱলীকৰণৰ প্ৰতীক হিচাপে উদ্বোধন কৰি বলিউডৰ "বান্তি বাবলি" ছবিৰে আমোদ ল’লে শতাধিক জনতাই । চিত্ৰগৃহটোৰ দায়িত্বত থকা সকলে কয় যে, আমি বিচাৰো যে টাৱাঙৰ লোকসকলে চিনেমা, কেফে আৰু ভাৰ্চুৱেল ৰিয়েলিটি আৰু সকলোবোৰ অতি কম ব্যয়ত উপভোগ কৰক । আমি মানুহে ডাঙৰ চহৰলৈ দীঘলীয়া দূৰত্ব ভ্ৰমণ কৰাটো নিবিচাৰো, আমি বিচাৰো যে মানুহে তেওঁলোকৰ গৃহ চহৰত এনে আনন্দ উপভোগ কৰক ৷

স্বাভাৱিকতেই মহিলা সকলৰ দ্বাৰা পৰিচালিত হ’লটোক লৈ এতিয়া উৎসাহিত হৈ পৰিছে টাৱাং বাসী ৷

লগতে পঢ়ক : North east education conclave ত অংশ লৈ কি ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.