নেশ্যনেল ডেস্ক, 9 ডিচেম্বৰ : বুধবাৰৰ অভিশপ্ত হেলিকপ্তাৰ দুৰ্ঘটনা(Coonoor helicopter Crash) । য’ত কালে কাঢ়ি নিলে দেশৰ সেনাপ্ৰধান বিপিন ৰাৱাট(CDS General Bipin Rawat passed away)ৰ লগতে পত্নীসহ মুঠ 13 জনকৈ লোকক ৷ তামিলনাডুৰ কইম্বাটোৰৰ সমীপৰ কুনুৰৰ এটা বায়ু সেনা ঘাটিৰ পৰা বুধবাৰে পুৱা উৰা মাৰিছিল সেনাৰ M17 V5 হেলিকপ্তাৰখনে ৷ হেলিকপ্তাৰখনে উৰা মৰাৰ কিছু সময় পিছতে দুৰ্ঘটনাত পতিত হয় ৷
সেনাপ্ৰধান ৰাৱাটে ৱেলিংটনৰ প্ৰতিৰক্ষা সেৱা কৰ্মচাৰী মহাবিদ্যালয়লৈ প্ৰশিক্ষণ গ্ৰহণকাৰী শিক্ষক আৰু বিষয়াসকলক সম্বোধন কৰিবলৈ গৈ থকা অৱস্থাতে হেলিকপ্তাৰখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল । সংক্ষেপে চাওক কেতিয়া ঘটিছিল(Chopper Crash timeline) এই দুৰ্ঘটনা-
লগতে চাওক: CDS General Bipin Rawat passed away : আজি দিল্লীলৈ অনা হ’ব ৰাৱাট দম্পতীৰ নশ্বৰদেহ