ETV Bharat / bharat

উত্তৰাখণ্ডৰ সীমান্তত পুনৰ আৰম্ভ চীনা সৈন্যৰ গতিবিধি - চীনা সৈন্যৰ গতিবিধি

উত্তৰাখণ্ডৰ বাৰাহোটি অঞ্চলত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষত পুনৰ বৃদ্ধি পাইছে চীনা সৈন্যৰ গতিবিধি ৷ শেহতীয়াকৈ পিপলছ লিবাৰেচন আৰ্মীৰ এটা প্লাটুনে তাত কাম কৰা দেখা গৈছে । বাৰাহোটি অঞ্চলৰ চাৰিওফালে পিপলছ লিবাৰেচন আৰ্মীৰ (People's Liberation Army) প্ৰায় ৩৫ জনীয়া প্লাটুনে কাম কৰা দেখা গৈছে ।

Chinese Army enhances activity opposite Barahoti along LAC in Uttarakhand
উত্তৰাখণ্ডৰ সীমান্তত পুনৰ আৰম্ভ চীনা সৈন্যৰ গতিবিধি
author img

By

Published : Jul 22, 2021, 9:57 PM IST

নেশ্যনেল ডেস্ক , ২১ জুলাই : সীমান্ত বিবাদকলৈ ভাৰত আৰু চীনৰ মাজত আলোচনা অব্যাহত আছে । যোৱা বছৰ লাডাখত চীনা সেনাই ভাৰতীয় সেনাৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰ পিছতে দুয়োখন দেশৰ শীৰ্ষ সেনা তথা চৰকাৰী কৰ্তৃপক্ষই এই আলোচনা অব্যাহত ৰাখিছে । কিন্তু, লক্ষণীয়ভাৱে এই আলোচনা চলি থাকোতেই সীমান্ত অঞ্চলত পুনৰ চীনা সেনাৰ গতিবিধি ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷

এক সূত্ৰৰ পৰা জানিব পৰা মতে চীনা সেনাই উত্তৰাখণ্ডৰ বাৰাহোটি অঞ্চলত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ(Line of Actual Control) কাষত তেওঁলোকৰ কাৰ্যকলাপ বৃদ্ধি কৰিছে । শেহতীয়াকৈ পিপলছ লিবাৰেচন আৰ্মীৰ (People's Liberation Army) এটা প্লাটুনে তাত কাম কৰা দেখা গৈছে । বাৰাহোটি অঞ্চলৰ চাৰিওফালে পিপলছ লিবাৰেচন আৰ্মীৰ প্ৰায় ৩৫ জনীয়া প্লাটুনে কাম কৰা দেখা গৈছে । সূত্ৰটোৱে জনোৱা মতে, এক দীঘলীয়া সময়ৰ ব্যৱধানত এই অঞ্চলটোৰ চাৰিওফালে চীনা সকলৰ গতিবিধি প্ৰত্যক্ষ কৰা হৈছে ৷

অৱশ্যে চীনা সেনাসকল সেই স্থানত থকাৰ সময়ত নিৰন্তৰভাৱে ভাৰতীয় সেনাই নিৰীক্ষণ কৰি আছিল । সূত্ৰৰ মতে, ভাৰতীয় সেনাই অঞ্চলটোত পৰ্যাপ্ত ব্যৱস্থাও গ্ৰহণ কৰিছে । উক্ত অঞ্চলত চীনা সেনাই কিছু কাৰ্যকলাপ আৰম্ভ কৰিব পাৰে বুলি নিৰাপত্তা সংস্থাসমূহে আশংকা কৰিছে যদিও এই ক্ষেত্ৰত ভাৰতীয় পক্ষ সম্পূৰ্ণ প্ৰস্তুত বুলিও সূত্ৰই জানিবলৈ দিছে ।

শেহতীয়াকৈ চীফ ডিফেন্স ষ্টাফ(Chief of Defence Staff) জেনেৰেল বিপিন ৰাৱট আৰু কেন্দ্ৰীয় সেনাপ্ৰধান লেফটেনেণ্ট জেনেৰেল ৱাই ডিমৰীয়েও চীনৰ সৈতে থকা কেন্দ্ৰীয় খণ্ডৰ সীমা পৰিদৰ্শন কৰি তাত পৰিস্থিতি আৰু কাৰ্যকৰী প্ৰস্তুতি পৰ্যালোচনা কৰিছে । তেওঁলোকে পৰিস্থিতি সন্দৰ্ভত মত পোষণ কৰি কৈছিল যে, বাৰাহোটি অঞ্চলৰ কাষৰ এয়াৰবেছত চীনা গতিবিধি বৃদ্ধি পাইছে আৰু তাত তেওঁলোকে বৃহৎ সংখ্যক ড্ৰোন মোতায়েন কৰিছে । সূত্ৰটোৱে প্ৰকাশ কৰা মতে ভাৰতীয় পক্ষইও সেই অঞ্চলত অতিৰিক্ত সেনা নিয়োগ কৰিছে ।

ভাৰতীয় বায়ু সেনাই তাত কিছুমান এয়াৰবেচ সক্ৰিয় কৰি ৰাখিছে । তাৰ ভিতৰত আছে চিনিয়ালিচাউণ্ড এডভাঞ্চ লেণ্ডিং ক্ষেত্ৰ য'ত এএন-৩২ (AN-32) সঘনাই অৱতৰণ কৰি আহিছে । লগতে চিনুক হেভি-লিফ্ট হেলিকপ্টাৰবোৰো (Chinook heavy lift helicopters) সেই এলেকাত কাৰ্যক্ষম কৰি ৰখা হৈছে যাতে যেতিয়াই প্ৰয়োজন হয় আন্তঃ উপত্যকাত সৈন্য স্থানান্তৰ কৰিব পাৰে ।

লগতে পঢ়ক :ভাৰতক মিগ-২৯ যুঁজাৰু বিমান হস্তান্তৰৰ যো-জা চলাইছে ৰাছিয়াই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.