ETV Bharat / bharat

লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত অব্যাহত আছে চীনৰ নিৰ্মাণ কাৰ্য - ভাৰতীয় সেনা

ভাৰতৰ সৰ্বোচ্চ বিমানক্ষেত্ৰ দৌলত বেগ ওল্ডিৰ পৰা মাত্ৰ ২৪ কিল’মিটাৰ দূৰত পুনৰ উত্তেজনা বৃদ্ধি ৷ ভাৰত আৰু চীনৰ মাজত বিভিন্ন পৰ্যায়ত আলোচনা চলি থকাৰ মাজতে বিবাদপূৰ্ণ অঞ্চলত চীনা সেনাই অব্যাহত ৰাখিছে নিৰ্মাণ কাৰ্য । ৰঙা চীনৰ প্ৰকৃত চৰিত্ৰ পোহৰলৈ অহাৰ লগে লগে এতিয়া দেশজুৰি বিষয়টোৱে চৰ্চা লাভ কৰিছে ।

China
লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত অব্যাহত আছে চীনৰ নিৰ্মাণ কাৰ্য
author img

By

Published : Sep 16, 2021, 2:09 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৬ ছেপ্টেম্বৰ : সীমান্ত অঞ্চলৰ বিবাদকলৈ ভাৰত আৰু চীনৰ মাজত আলোচনা অব্যাহত আছে । কেইবাটাও পৰ্যায়ত ইতিমধ্যে আলোচনা সম্পন্ন হৈছে যদিও সঠিক মীমাংসা এতিয়াও হোৱা নাই । অৱশ্যে পূৱ লাডাখৰ বিতৰ্কিত অঞ্চলৰ পৰা সেনাৰ প্ৰত্যাৱৰ্তনৰ বাবে সন্মতি প্ৰদান কৰিছিল ভাৰত আৰু চীনে ।

কিন্তু ইয়াৰ মাজতে চীনৰ পিপলছ লিবাৰেচন আৰ্মীয়ে (PLA) নিয়ন্ত্ৰণ ৰেখাত আন্তঃগাঁথনি গঢ়ি তুলিছে । ইয়াকে লৈ এতিয়া তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । পূৱ লাডাখত সংঘটিত অচলাৱস্থাৰ পৰা উদ্ভৱ হোৱা উত্তেজনা হ্ৰাস কৰিবলৈ সামৰিক পৰ্যায়ৰ আলোচনা চলি থকাৰ মাজতো চীনা সেনাৰ এনে কাৰ্যই ৰঙা চীনৰ প্ৰকৃত চৰিত্ৰ পোহৰলৈ আনিছে । ইফালে চীনা সেনাৰ নিৰ্মাণ কাৰ্যৰ ছবিবোৰ শেহতীয়াকৈ আগষ্টত উপগ্ৰহ ছবিবোৰত স্পষ্ট হৈ পৰিছে ।

ভাৰতৰ সৰ্বোচ্চ বিমানক্ষেত্ৰ দৌলত বেগ ওল্ডি (DBO)ৰ পৰা মাত্ৰ ২৪ কিল’মিটাৰ দূৰত ডেপচাং সমভূমিলৈ যোৱা টাইনৱেণ্ডিয়ান ঘাইপথৰ সম্প্ৰসাৰণৰ লগে লগে পুনৰ উত্তেজনা বৃদ্ধি পাইছে । সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, ১৭ আগষ্টত উপগ্ৰহৰ ছবিয়ে ভাৰত আৰু চীনৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (LAC) পশ্চিম খণ্ডৰ সৈতে ডেপচাং সমভূমিৰ (Depsang Plains) ওচৰত গঢ়ি উঠা আন্তঃগাঁথনি প্ৰকাশ কৰিছে ।

বিশেষ খবৰ অনুসৰি আকচাই চীনত চীনা সেনাৰ নিয়ন্ত্ৰণাধীন ডেপচাং প্লেইনচ (Depsang Plains) এলেকালৈ যোৱা তিয়ানৱেণ্ডিয়ান ঘাইপথটো এই বছৰ বহল আৰু উন্নীতকৰণৰ কাম চলি আছে । ২০২০ চনৰ মে' মাহত ভাৰত আৰু চীনৰ মাজত উত্তেজনা সৃষ্টি হোৱাৰ পাছতে এই সূত্ৰটোৱে বহুতো ছবি মুকলি কৰিছিল । ঘাইপথটোৱে আকচাই চীনৰ তিয়ানৱেণ্ডিয়ানত পিএলএৰ পোষ্টটো ডেপচাং সমভূমিৰ সৈতে সংযোগ কৰিছে ।

তিয়ানৱেণ্ডিয়ান ঘাইপথটোৱে আকচাই চীনৰ পিএলএ-ৰ তিয়ানৱেণ্ডিয়ান অল-চিজন পোষ্টক ডেপচাং প্লেইনছৰ সৈতে সংযোগ কৰে । এক সংবাদ মাধ্যমৰ মতে পোষ্টটো ডিবিঅ'ৰ (DBO) পৰা মাত্ৰ ২৪ কিলোমিটাৰ দূৰত অৱস্থিত । বৰ্তমানৰ অচলাৱস্থাৰ সময়তো চীনে তেওঁলোকৰ টেংকাৰ আৰু সৈন্যক ভাৰত সীমান্তৰ ওচৰলৈ আনিছে ।

ভাৰতে দাবী কৰা মতে কেৱল পেংগঙে (Pangong) নহয় ডেপচাংকে (Depsang Plains) ধৰি সমগ্ৰ পূৱ লাডাখৰ সকলো অঞ্চল আৰু ডেমচোকৰ চাৰিওফালৰ এলেকাত ভাৰতীয় সেনাই চীনা বাহিনীৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল । ইফালে ডেপচাং প্লেইনছৰ ওপৰত চীনৰ চকু পৰাত এতিয়া ভাৰতৰ বাবে আন এক চিন্তাৰ কাৰণ হৈ পৰিছে ।

লগতে পঢ়ক : চীনৰ পৰিৱৰ্তে ভাৰতত মূলধন ব্যৱহাৰ কৰিব বিচাৰে আমেৰিকাই : নীতিন গাডকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.