নিউজ ডেস্ক, ৩০ আগষ্ট : বৰ্তমান ভাৰত ভ্ৰমণত থকা ১১ জনীয়া তিব্বতীয় সাংসদৰ এটি দলে দেশৰ নেতাসকলক চীনৰ অভিসন্ধি সন্দৰ্ভত সচেতন কৰি আছে । লগতে নিৰ্বাসিত তিব্বতীয় সাংসদ প্ৰতিনিধি দলটোৱে ভাৰতীয় কৰ্তৃপক্ষক এছিয়াৰ চুবুৰীয়া দেশখনৰ সম্প্ৰসাৰণবাদী কাৰ্যসূচী সন্দৰ্ভত সতৰ্ক হৈ থাকিবলৈও সকীয়াই দিছে ।
অৰুণাচল প্ৰদেশৰ ওপৰত চীনে কৰা দাবীৰ কেইদিনমান পিছতে তেওঁলোকে কেনেদৰে তিব্বতী লোকসকলে চীনা শাসনৰ বশ্যতা স্বীকাৰ কৰি চীনা শাসনৰ মাজেৰে চলিবলগা হৈছে সেই বিষয়ে অৱগত কৰে । উল্লেখ্য যে, প্ৰতিনিধি দলটোৱে তিব্বতৰ পৰিস্থিতিৰ বিষয়ে অৱগত কৰিবলৈ ভাৰতৰ বিভিন্ন ৰাজ্যৰ বুদ্ধিজীৱীসকলক সাক্ষাৎ কৰি কৰিছে । আনহাতে, অৰুণাচল প্ৰদেশ আৰু আকচাই চীনক চীনৰ নতুন মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ বাবে চীনক গৰিহণা দি তিব্বতৰ নিৰ্বাসিত সংসদৰ সদস্য দাৱা চেৰিঙে কয়, "চীনক কেতিয়াও বিশ্বাস কৰিব নোৱাৰি ।"
উল্লেখ্য যে, চীনে সোমবাৰে নিজৰ 'মানক মানচিত্ৰ'ৰ (standard map) ২০২৩ সংস্কৰণ মুকলি কৰে । তাত অৰুণাচল প্ৰদেশ আৰু আকচাই চীন অঞ্চলক চীনৰ ভূখণ্ডৰ অংশ হিচাপে দেখুওৱা হৈছে । "চীনে সদায় কয় যে তেওঁলোকে আপোনালোকৰ সৈতে বন্ধুত্ব বিচাৰে । কিন্তু চীনৰ বিদ্বেষ ইয়াৰ চলাহি কথাৰ আঁৰত লুকাই আছে । চীন আৰু তাৰ নেতাসকলক কেতিয়াও বিশ্বাস নকৰিব, কিয়নো তেওঁলোক কেতিয়াও কাৰো বন্ধু হ'ব নোৱাৰে ।" চেৰিঙে সংবাদ সংস্থা এএনআইৰ আগত কয় ।
"চি জিনপিংক কেতিয়াও বিশ্বাস কৰা উচিত নহয় ।" তেওঁ জোৰ দি কয় । তেওঁ লগতে আহ্বান জনায়, "দক্ষিণ এছিয়াৰ সকলো দেশে চীনা সম্প্ৰসাৰণবাদী নীতিৰ বিৰুদ্ধে থিয় দিব লাগিব । এই কাৰ্যক গৰিহণা দিব লাগিব ।" নিৰ্বাসিত আন এজন তিব্বতী সাংসদ য়েছি ডলমাই চীনৰ কাৰ্যক 'উচটনিমূলক' বুলি অভিহিত কৰে । তেওঁ কয় যে, চীনে অহা মাহত জি-২০ সন্মিলনৰ পূৰ্বে ভাৰতক উত্তেজিত কৰিব বিচাৰে ।
"চীনে ১৯৫৯ চনত অবৈধভাৱে তিব্বত আক্ৰমণ কৰিছিল আৰু এতিয়া চুবুৰীয়া দেশ ভাৰতৰ সীমা বেদখল কৰিবলৈ চেষ্টা কৰি আছে ।" ডলমাই এএনআইৰ আগত কয় । নিৰ্বাসিত তিব্বতৰ দুজন সাংসদে বিভিন্ন ভাৰতীয় ৰাজ্য ভ্ৰমণৰ কাৰ্যসূচীৰ অংশ হিচাপে জম্মু-কাশ্মীৰ ভ্ৰমণৰ সময়ত এএনআইৰ সৈতে বাৰ্তালাপত এই মন্তব্য কৰে ।
উল্লেখ্য যে, নিৰ্বাসিত ১১ জন তিব্বতীয় সাংসদৰ এটা প্ৰতিনিধি দল বৰ্তমান ভাৰত ভ্ৰমণত আছে । তেওঁলোকে তিব্বতৰ পৰিস্থিতিৰ বিষয়ে অৱগত কৰিবলৈ বিভিন্ন ৰাজ্যৰ নেতা আৰু বুদ্ধিজীৱীসকলক সাক্ষাৎ কৰিছে । জম্মুত তেওঁলোকে কৌশলগত বিশ্লেষক লেফটেনেণ্ট জেনেৰেল ৰাকেশ শৰ্মাকো সাক্ষাৎ কৰে । সেই সময়ত চীনৰ সম্প্ৰসাৰণবাদী নীতিৰ ওপৰত তেওঁৰ মতামত প্ৰকাশ কৰে । আনহাতে, চীনৰ নতুন 'মানক মানচিত্ৰ'ক তেওঁ 'সম্পূৰ্ণ ভুল' বুলি অভিহিত কৰে ।
লগতে পঢ়ক :Indo china conflict: চীনৰ দখলত ভাৰতৰ ভূখণ্ড; মোদীৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ নেতা ৰাহুল গান্ধী