ETV Bharat / bharat

চীন এতিয়াও তীব্ৰ প্ৰত্যাহ্বানকাৰী : ভাৰতীয় নৌসেনা প্ৰধান - Navy Chief on China power

বিভিন্ন ক্ষেত্ৰত চীনে নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে । স্থল সীমান্তৰ উপৰিও জল ক্ষেত্ৰত চীন চৰম ভাবুকি হিচাপে থিয় দিছে (China remains a formidable challenger)। এই গুৰুত্বপূৰ্ণ ভাৰতৰ নৌসেনা প্ৰধান এডমিৰেল আৰ হৰি কুমাৰৰ ।

Indian Ocean Region
চীন এতিয়াও তীব্ৰ প্ৰত্যাহ্বানকাৰী
author img

By

Published : Sep 21, 2022, 3:25 PM IST

নেশ্যনেল ডেস্ক, ২১ ছেপ্টেম্বৰ : ভাৰতৰ সন্মুখত চীন এক তীব্ৰ প্ৰত্যাহ্বান হিচাপে থিয় দিছে । ভাৰতৰ কেৱল স্থল সীমান্ততে নহয়, সামুদ্ৰিক ক্ষেত্ৰতো চীনৰ কাৰ্যকলাপ বৃদ্ধি পাইছে । এই মন্তব্য নৌসেনা প্ৰধান এডমিৰেল আৰ হৰি কুমাৰৰ (Navy Chief Admiral R Hari Kumar)।

অৱশ্যে নৌসেনা প্ৰধানগৰাকী নিশ্চিত যে এই ক্ষেত্ৰত ভাৰতৰ নৌসেনাই ভাৰত মহাসাগৰ অঞ্চলত (IOR) নিয়মীয়াকৈ চোকা দৃষ্টি ৰাখিছে । 'মহাসাগৰ শক্তি হোৱালৈ ভাৰতৰ নৌসেনাৰ বিপ্লৱ' শীৰ্ষক এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি নৌসেনা প্ৰধানগৰাকীয়ে দেশৰ বাবে পৰম্পৰাগত আৰু অন্যান্য নিৰাপত্তা প্ৰত্যাহ্বানৰ বিষয়ে উল্লেখ কৰে । তেওঁ লগতে কয় যে অৰ্থনৈতিক সংকটৰ সন্মুখীন হোৱা স্বত্বেও পাকিস্তানে সামৰিক আধুনিকীকৰণ অব্যাহত ৰাখিছে ।

তেওঁ উল্লেখ কৰা মতে পৰম্পৰাগত সামৰিক প্ৰত্যাহ্বানসমূহ অব্যাহত থকাৰ উপৰিও নিৰাপত্তাৰ ক্ষেত্ৰত সন্ত্ৰাসবাদ এক ডাঙৰ ভাবুকি হৈ আছে কিয়নো ইয়াৰ আকাৰ আৰু পৰিসৰ বাঢ়ি গৈ আছে । তেওঁ কোৱা মতে প্ৰতিযোগিতা দৈনন্দিন বৃদ্ধি পাইছে যাৰ ফলত বিৰোধীৰ সৈতে যুদ্ধ কোনো কাৰণকে অস্বীকাৰ কৰিব নোৱাৰি ।

ভাষণ প্ৰসংগত নৌসেনা প্ৰধানগৰাকীয়ে কয় যে এই ক্ষেত্ৰত চীন এক তীব্ৰ প্ৰত্যাহ্বান হৈ আহিছে আৰু কেৱল স্থল সীমান্ততে নহয়, জল পৰিসৰটো বিভিন্ন জলদস্যু বিৰোধী কাৰ্যকলাপৰ জৰিয়তে ইয়াৰ অস্তিত্ব দেখুৱাবলৈ চেষ্টা কৰিছে (Navy Chief on China power)। চীন ২০০৮ চনৰ পৰাই ভাৰত মহাসাগৰত আছে আৰু জিবৌটিত এক সামৰিক ঘাটিও স্থাপন কৰিছে । একে সময়তে, চীনে শ্ৰীলংকা, ম্যানমাৰ, পাকিস্তান আৰু অঞ্চলটোৰ অন্যান্য দেশৰ উপকূলীয় অঞ্চলত বিভিন্ন বন্দৰ নিৰ্মাণ কৰি আছে । অৱশ্যে ভাৰতে চীনৰ কাৰ্যকলাপ নিৰীক্ষণ কৰি আছে বুলিও দাবী কৰে নৌসেনা প্ৰধানগৰাকীয়ে ।

নৌসেনা প্ৰধান এডমিৰেল আৰ হৰি কুমাৰে উল্লেখ কৰা মতে জাহাজ আৰু চাবমেৰিন উৎপাদনৰ পৰা আৰম্ভ কৰি স্পেয়াৰ আৰু অস্ত্ৰ-শস্ত্ৰলৈকে ভাৰতীয় নৌসেনা ২০৪৭ চনৰ ভিতৰত সম্পূৰ্ণৰূপে আত্মনিৰ্ভৰশীল হৈ উঠিব । এডমিৰেল কুমাৰে লগতে কয় যে ৰাছিয়া-ইউক্ৰেইন সংঘৰ্ষৰ পৰা বহুতো শিকিবলগীয়া আছে য'ত নতুন প্ৰযুক্তি, চাইবাৰস্পেচ আৰু সকলো ধৰণৰ গোলাবাৰুদৰ ব্যৱহাৰ দেখা গৈছিল ।

তেওঁ কয় যে দুয়োখন দেশৰ মাজৰ এই সংঘৰ্ষই যিকোনো দেশৰ সুৰক্ষাৰ বাবে আত্মনিৰ্ভৰশীলতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । ভাৰত প্ৰতিৰক্ষা সন্মিলন ২০২২ৰ (India Defence Summit 2022) সময়ত এক প্ৰশ্নৰ উত্তৰত এডমিৰেল কুমাৰে কয় যে ২০৪৭ চনৰ ভিতৰত ভাৰতৰ এখন সম্পূৰ্ণ থলুৱা নৌসেনা বাহিনী থাকিব । সেয়া জাহাজ হওঁক বা চাবমেৰিনে হওঁক, বিমান, মানৱবিহীন প্ৰযুক্তি, অস্ত্ৰ ইত্যাদি সকলো থলুৱা হ'ব ।

নৌসেনা প্ৰধানগৰাকীয়ে উল্লেখ কৰা মতে এতিয়ালৈকে ভাৰতৰ ওপৰত কোনো শক্তিশালী চাপ নাই । দেশত পৰ্যাপ্ত সামগ্ৰী মজুত আছে । ভাৰতে আনকি থলুৱা উদ্যোগৰ পৰা সহায় বিচাৰি বিভিন্ন পদক্ষেপ লৈছে বুলিও তেওঁ দাবী কৰে ।

লগতে পঢ়ক :পৃথিৱীত পৰুৱাৰ সংখ্যা কিমান ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.