ETV Bharat / bharat

ভাৰতলৈ আহিব পাৰে বিপদ; চীনে ভাৰতীয় ভূখণ্ডৰ নিচেই কাষতে স্থাপন কৰিছে ম’বাইল টাৱাৰ

author img

By

Published : Apr 17, 2022, 9:51 PM IST

পাংগং হ্ৰদৰ ওপৰত দলং খন সম্পূৰ্ণ কৰাৰ পিছত এইবাৰ চীনে ভাৰতীয় ভূখণ্ডৰ নিচেই কাষতে স্থাপন কৰিছে 3টা ম’বাইল টাৱাৰ (China mobile towers in Ladakh) ৷ শনিবাৰে এই কথা টুইটযোগে সদৰী কৰিছে লাডাখৰ চুছুল কাউন্সিলাৰ কনচোক ষ্টানজিনে ৷

ভাৰতলৈ আহিব পাৰে বিপদ
ভাৰতলৈ আহিব পাৰে বিপদ

নেশ্যনেল ডেস্ক, 17 এপ্ৰিল : ভাৰত সীমান্তত দ্ৰুত আন্তঃগাঁথনি উন্নয়নত নিয়োজিত হৈ আছে চীন (Chushul Councillor Konchok Stanzin)৷ আনকি শেহতীয়াকৈ চীনৰ গৰম পানীৰ ঝৰণাৰ ওচৰত তিনিটা ম’বাইল টাৱাৰো স্থাপন কৰিছে চীনে (Chinese mobile towers near hot springs)৷ এই কথা দাবী কৰিছে লাডাখৰ এগৰাকী কাউন্সিলাৰে ।

শনিবাৰে লাডাখৰ চুছুল কাউন্সিলাৰ কনচোক ষ্টানজিনে টুইটযোগে কয় যে, ‘‘পাংগং হ্ৰদৰ ওপৰত নিৰ্মাণ হৈ থকা দলং খন সম্পূৰ্ণ কৰাৰ পিছত চীনে ভাৰতীয় ভূখণ্ডৰ নিচেই কাষতে চীনৰ গৰম পানীৰ ঝৰ্ণা (Hot Springs in china)ৰ কাষত স্থাপন কৰিছে 3 টা ম’বাইল টাৱাৰ’’ । লগতে তেওঁ কয় যে, ‘‘এইটো চিন্তাৰ বিষয় নহয় নেকি ? আমাৰ আনকি গাঁওবোৰত 4G ৰ সুবিধাও নাই । মোৰ সমষ্টিৰ 11 খন গাঁৱত কোনো 4G ৰ সুবিধা নাই’’ ৷

  • After completing the bridge over Pangong lake, China has installed 3 mobile towers near China's hot spring very close to the Indian territory. Isn't it a concern? We don't even have 4G facilities in human habitation villages. 11 villages in my constituency have no 4G facilities. pic.twitter.com/4AhP4TYVNY

    — Konchok Stanzin (@kstanzinladakh) April 16, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে তেওঁ কয়, "মই মোৰ লোকসকলৰ বাবে মাত মাতিছো ৷ চীনে শেহতীয়াকৈ তেওঁলোকৰ আন্তঃগাঁথনিৰ গতি বৃদ্ধি কৰিছে ৷ তেওঁলোকে পাংগঙৰ ওপৰত এখন দলং মুকলি কৰিছে আৰু এতিয়া শেহতীয়াকৈ তেওঁলোকে এটা গৰম পানীৰ ঝৰণাৰ কাষত তিনিটা টাৱাৰ নিৰ্মাণ কৰিছে ৷ যাক ড্ৰোণৰ বাবে ব্যৱহাৰ কৰিব পাৰি ’’।

"মই চৰকাৰক অনুৰোধ কৰিব বিচাৰো যে, আমি চীনক প্ৰত্যুত্তৰ দিয়াটো অতি প্ৰয়োজন । পাৰ্যমানে অধিক আন্তঃগাঁথনি নিৰ্মাণ কৰিব লাগে ৷ কিয়নো চীনে প্ৰথমে অসামৰিক লোকসকলৰ বসতি স্থাপন কৰিবলৈ চেষ্টা কৰিছিল আৰু তাৰ পিছত ইয়াত সেনা বাহিনীক হস্তান্তৰ কৰিছিল । আমি ইয়াক গুৰুত্বসহকাৰে লোৱা উচিত । সৰ্বাধিক সীমান্তৱৰ্তী গাঁওবোৰত 4G ইণ্টাৰনেট নাই ৷ আমি যোগাযোগৰ ক্ষেত্ৰত পিছ পৰি আছো’’ ৷

ইয়াৰ পূৰ্বে বিগত ফেব্ৰুৱাৰী মাহত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ভি মুৰলীধৰণে লোকসভাত অৱগত কৰে, "চৰকাৰে পাংগং হ্ৰদ (Pangong lake in China)ত চীনে নিৰ্মাণ কৰা এখন দলঙৰ প্ৰতি লক্ষ্য ৰাখিছে । এই দলংখন ১৯৬২ চনৰ পৰা চীনৰ অবৈধ দখলত থকা অঞ্চলসমূহত নিৰ্মাণ কৰা হৈছে’’ ৷

লগতে পঢ়ক : অধিক গেছ আহৰণৰ বাবে ত্ৰিপুৰাত ONGC ৰ নতুন প্ৰযুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.