ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ ভূ-গৰ্ভত সুৰংগ উদ্ধাৰক লৈ কি ক‘লে প্ৰাক্তন ডি.জি. প্ৰকাশ সিঙে

পূৰ্বৰ সেনা কৰ্মীসকলে কয় যে, বি এছ এফে অতীতত পাকিস্তানত ইয়াৰ উৎপত্তি হোৱা এনে কেইবাটাও সুৰংগ উদঘাটন কৰিছিল । এই সুৰংগবোৰ সন্ত্ৰাবাদীয়ে ভাৰতত প্ৰৱেশ কৰিবলৈ ব্যৱহাৰ কৰিছিল । শেহতীয়া এনে ঘটনা নৱেম্বৰত পাকিস্তানৰ সৈতে আন্তৰ্জাতিক সীমাৰ ১৯৮ কিলোমিটাৰ প্ৰান্তৰ সাম্বা জিলাত হৈছিল।

china-may-pressure-pak-to-open-another-front-for-india
জম্মু-কাশ্মীৰত ভূ-গৰ্ভস্থ সুৰংগ উদ্ধাৰ হোৱাক লৈ কি ক‘লে প্ৰাক্তন ডি.জি. প্ৰকাশ সিঙে
author img

By

Published : Dec 16, 2020, 9:41 PM IST

নিউজ ডেস্ক, 16 ডিচেম্বৰ : শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ সাম্বাত ১৫০ মিটাৰ দীঘল ভূ-গৰ্ভস্থ সুৰংগ উদ্ধাৰ কৰাৰ পিছত সীমা সুৰক্ষা বল (বিএছফ)ৰ প্ৰাক্তন মহানিৰ্দেশক (ডি.জি) প্ৰকাশ সিঙে বুধবাৰে কয় যে, চীনে পাকিস্তানক ভাৰতৰ বাবে আন এটা 'মৰ্চা' খুলিবলৈ বাধ্য কৰিব পাৰে।

ইটিভি ভাৰতৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰত সিঙে কয়, " সুৰংগ চিনাক্তকৰণ নতুন একো কথা নহয়। কিন্তু ইয়াৰ সময়ৰ ফলত এটা ধাৰণা হয় যে, ভাৰতৰ বাবে আন এটা মৰ্চা খুলিবলৈ চীনে পাকিস্তানৰ ওপৰত চাপ পেলাইছে। যেতিয়া ভাৰতীয় সেনাই লাডাখত চীনৰ সৈতে মুখামুখি হয়, তেওঁলোকে বিচাৰে যে পাকিস্তানেও সমস্যা সৃষ্টি কৰিব লাগে যাতে এনে পৰিস্থিতিত ভাৰতীয় সেনাৰ দল গুচি যায়।"

পূৰ্বৰ সেনা কৰ্মীসকলে কয় যে, বি এছ এফে অতীতত পাকিস্তানত ইয়াৰ উৎপত্তি হোৱা এনে কেইবাটাও সুৰংগ উদঘাটন কৰিছিল । এই সুৰংগবোৰ সন্ত্ৰাবাদীয়ে ভাৰতত প্ৰৱেশ কৰিবলৈ ব্যৱহাৰ কৰিছিল। শেহতীয়া এনে ঘটনা নৱেম্বৰত পাকিস্তানৰ সৈতে আন্তৰ্জাতিক সীমাৰ ১৯৮ কিলোমিটাৰ প্ৰান্তৰ সাম্বা জিলাত হৈছিল ।

নিৰাপত্তা বিষয়াসকলে কয় যে, এই সুৰংগটো পাকিস্তানৰ দ্বাৰা সন্ত্ৰাসবাদীক ভাৰতলৈ ঠেলি দিয়াৰ বাবে ব্যৱহাৰ কৰা হ'ব পাৰে। জম্মু আৰু কাশ্মীৰৰ হাইৱেৰ কাষৰ নাগৰোটা অঞ্চলৰ এটা টোল প্লাজাৰ ওচৰত হোৱা শেহতীয়া সংঘৰ্ষৰ পাছতে চলোৱা অভিযানত এই সুৰংগটো উদ্ধাৰ হয় ৷ টোল প্লাজাত সংঘটিত উক্ত ঘটনাত সেনাৰ গুলিত চাৰিটাকৈ সন্ত্ৰাসবাদী নিহত হৈছিল ৷

লগতে পঢ়ক: হাগ্ৰামাৰ ভয়ত লিলিত আৱদ্ধ ২২ নৱ নিৰ্বাচিত পাৰিষদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.