ETV Bharat / bharat

শিশু দিৱস 2021: শিশুসকলৰ বাবে পাঁচটা চিৰসেউজ গীত - পণ্ডিত জৱাহৰলাল নেহৰু

আজি শিশু দিৱস ৷ ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটো শিশু দিৱস হিচাপে উদযাপন কৰা হয় ৷

Children's day 2021
শিশু দিৱস 2021: শিশুসকলৰ বাবে পাঁচটা চিৰসেউজ গীত
author img

By

Published : Nov 14, 2021, 11:23 AM IST

নিউজ ডেস্ক, 14 নৱেম্বৰ : প্ৰতিবছৰে 14 নৱেম্বৰৰ দিনটোত ‘শিশু দিৱস’ হিচাপে উদযাপন কৰা হয় ৷ ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটোক শিশু দিৱস হিচাপে পালন কৰা হয় কিয়নো নেহৰু শিশুসকলৰ মাজত যথেষ্ট জনপ্ৰিয় আছিল ৷

শিশু দিৱস উদযাপনৰ প্ৰকৃত উদ্দেশ্য হ’ল শিশুসকলৰ অধিকাৰক লৈ সজাগতা বৃদ্ধি কৰা ৷ এইবছৰ শিশু দিৱস উদযাপন অন্য বছৰৰ তুলনাত কিছু পৃথক হ’ল কিয়নো বিগত দুটা বছৰে সমগ্ৰ বিশ্বই কৰ’ণা মহামাৰীৰ ভয়াৱহতাৰ সৈতে যুঁজ দিবলগীয়া হৈছে ৷ যিয়ে জ্যেষ্ঠ সকলৰ লগতে শিশুসকলৰ মন-মগজুতো যথেষ্ট প্ৰভাৱ পেলাইছে ৷ বহু শিশু নূন্যতম স্বাস্থ্যৰ সুবিধা, শিক্ষা আৰু সুক্ষাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে ৷

আমাৰ দেশত লাখ লাখ দৰিদ্ৰ শিশু আছে যিসকলে অতি সীমিত সা-সুবিধাৰ মাজতে জীৱন পাৰ কৰিবলগীয়া হৈছে ৷ মহামাৰীয়ে এইসকল শিশুক যথেষ্টভাৱে প্ৰভাৱান্বিত কৰিছে ৷ ধনীসকল যদিও প্ৰভাৱান্বিত হৈছে কিন্তু এই শিশুসকলে মহামাৰীৰ মাজতো নিজৰ ভাতসাজ মোকলোৱাৰ বাবে প্ৰতিদিনে ঘৰৰ বাহিৰলৈ ওলাবলৈ বাধ্য হৈছে ৷

ইতিমধ্যেই বলীউডৰ কেইবাখনো ছবিত বহুকেইটা স্মৰণীয় গীতৰ জৰিয়তে শৈশৱকালৰ বিস্ময়কৰ আৰু নিষ্পাপ সময়ছোৱাক দৰ্শোৱা হৈছে ৷ ইয়াৰ ভিতৰত জনপ্ৰিয় পাঁচটা গীত হ’ল-

নন্না মুন্না ৰাহী হ্যু (1962)

এই দেশপ্ৰেমমূলক শিশুগীতটি 1962 চনত মুক্তিপ্ৰাপ্ত ছবি ‘Son Of India’ৰ ৷ ছবিখনে গোপাল নামৰ এটি শিশুৰ কাহিনী দৰ্শাই ৷ গোপালৰ দেশপ্ৰেমক প্ৰদৰ্শন কৰা এই গীতটি পৰিৱেশন কৰিছিল শান্তি মাথুৰে ৷ গীতটিৰ কথা আছিল চাকিল বাদায়ুনীৰ আৰু গীতটি ৰচনা কৰিছিল নৌচাদে ৷

চন্দা হ্যে তু মেৰা সুৰয হ্যে তু (1969)

এছ ডি বৰ্মনে ৰচনা কৰা এই গীতটি ‘আৰাধনা’(1969) ছবিখনৰ ৷ গীতটিত কন্ঠদান কৰিছে লতা মংগেশকাৰে ৷ আনন্দ বক্সীয়ে বন্দনা আৰু তেওঁৰ পুত্ৰ সুৰজৰ মাজত এটা কোমল মুহূৰ্ত দেখুৱাইছে, এজন নৱজাতক আৰু কিশোৰ হিচাপে । চলচ্চিত্ৰখনত ৰাজেশ খান্নাই শৰ্মিলা ঠাকুৰৰ চৰিত্ৰ বন্দনাৰ স্বামী অৰুণৰ লগতে তেওঁৰ প্ৰাপ্তবয়স্ক পুত্ৰ সুৰজৰ দ্বৈত চৰিত্ৰত অভিনয় কৰিছে ।

লকড়ী কী কাঠী (1983)

আন এক ঐতিহাসিক শিশু গীত হ’ল ‘Masoom’ (1983) ছবিখনৰ আৰ ডি বৰ্মনৰ ৰচিত ‘লকড়ী কী কাঠী’ গীতটো ৷ গতটোত অভিনয় কৰিছে নাছিৰুদ্দিন শ্বাহ, শ্বাবানা আজমী, জুগল হংসৰাজ, উৰ্মিলা মটোণ্ডকাৰ ৷ গীতটি পৰিৱেশন কৰিছে ভনিতা মিশ্ৰা, গৌৰী বাপট, গুৰপ্ৰীত কৌৰ আৰু গীতটিৰ কথা আছিল গুলজাৰৰ ৷

বচ্ছে মন কে সচ্ছে (1968)

নীতি সিঙে ‘Suraj’(1966) ছবিখনৰ জৰিয়তে শিশু শিল্পী হিচাপে তেওঁৰ অভিনয় কেৰিয়াৰৰ পাতনি মেলিছিল ৷ ইয়াৰ দুবছৰ পিছতে তেওঁ ‘দো কলিয়া’ ছবিখনত গংগা-যমুনা নামৰ দুজনী যমজ ভগ্নীৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল যিখন ছবিতে এই গীতটি আছিল ৷ লতা মংগেশকাৰে কন্ঠাদান কৰা এই গীতটি ৰচনা কৰিছিল চাহিৰ লুধিয়ানবীয়ে ৷

‘ছট্টে বট্টে’ (2011)

ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত 2011 চনৰ ছবি ‘চিল্লৰ পাৰ্টী’ৰ এই গীতটি ৰচনা কৰিছিল অমিত ত্ৰিৱেদীয়ে ৷ গীতটিৰ কথা নীতেশ তিৱাৰী আৰু গীতটিত কন্ঠদান কৰিছে অৰমান মালিক, মোহিত চৌহান, গৌৰিকা ৰায় আৰু কেশৱ ৰায়ে ৷ এই ছবিখনে শিশুকেইটাৰ মাজৰ আৰু community dog ভীড়ুৰ মাজৰ বন্ধুক দৰ্শাইছে ৷

লগতে পঢ়ক : দিল্লীত পুনৰ Lockdownৰ পোষকতা উচ্চতম ন্যায়ালয়ৰ:কিন্তু কিয় ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.