ETV Bharat / bharat

ক্ষমতাশালী ভাৰতীয়ৰ তালিকা: কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীতকৈ বহু আগত অসমৰ মুখ্যমন্ত্ৰীৰ স্থান - ক্ষমতাশালী ভাৰতীয়ৰ তালিকা

ইণ্ডিয়ান এক্সপ্ৰেছৰ এশগৰাকী ক্ষমতাশালী ভাৰতীয়ৰ তালিকাত (list of 100 most powerful Indians) ৩২ সংখ্যক স্থানত অসমৰ মুখ্যমন্ত্ৰী ৷ ২০২১ বৰ্ষৰ ইণ্ডিয়ান এক্সপ্ৰেছৰ এই তালিকাত ড৹ শৰ্মাৰ স্থান আছিল ৬০ নম্বৰত । কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী, বহু কেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক চেৰ পেলাই এই স্থানত ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

Chief Minister of Assam ranked 32nd in list of 100 most powerful Indians
ক্ষমতাশালী ভাৰতীয়ৰ তালিকা: কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীতকৈ বহু আগত অসমৰ মুখ্যমন্ত্ৰীৰ স্থান
author img

By

Published : Mar 31, 2022, 4:07 PM IST

গুৱাহাটী, ৩১ মাৰ্চ : ইণ্ডিয়ান এক্সপ্ৰেছে প্ৰকাশ কৰা ২০২২ বৰ্ষৰ এশগৰাকী ক্ষমতাশালী ভাৰতীয়ৰ তালিকাত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই লাভ কৰিছে ৩২ সংখ্যক স্থান (Assam CM among 100 most powerful Indians) । বিগত বৰ্ষত অৰ্থাৎ ২০২১ বৰ্ষৰ ইণ্ডিয়ান এক্সপ্ৰেছৰ এই তালিকাত ড৹ শৰ্মাৰ স্থান আছিল ৬০ নম্বৰত । আনহাতে, ২০২২ বৰ্ষৰ এই এশগৰাকী প্ৰভাৱশালী ভাৰতীয়ৰ তালিকাত প্ৰত্যাশিতভাবেই প্ৰথম স্থানত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।

ইপিনে, দ্বিতীয় স্থানত আছে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু তৃতীয় স্থান দিয়া হৈছে আৰএছএছৰ মুৰব্বী মোহন ভাগৱতক । আনহাতে, চতুৰ্থ স্থানত ৰখা হৈছে বিজেপিৰ সভাপতি জে পি নাড্ডাক । একেদৰে প্ৰখ্যাত উদ্যোগপতি মুকেশ আম্বানীক পঞ্চম স্থানত, যোগী আদিত্যনাথক ষষ্ঠ স্থানত, উদ্যোগপতি গৌতম আদানীক সপ্তম স্থানত, দেশৰ নিৰাপত্তা উপদেষ্টা অজিত দোভালক অষ্টম স্থানত, অৰবিন্দ কেজৰিৱালক নৱম স্থানত আৰু দেশৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনক দশম স্থানত ৰখা হৈছে ।

Chief Minister of Assam ranked 32nd in list of 100 most powerful Indians
ক্ষমতাশালী ভাৰতীয়ৰ তালিকা: কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীতকৈ বহু আগত অসমৰ মুখ্যমন্ত্ৰীৰ স্থান

আনহাতে, অসমৰ মুখ্যমন্ত্ৰীতকৈও ওপৰত অৰ্থাৎ একাদশ স্থানত আছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী । প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক দিয়া হৈছে ত্ৰয়োদশ সংখ্যক স্থান । ১৬ নম্বৰ স্থানত আছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে । লক্ষনীয় ভাবে এই তালিকাত ছোনিয়া গান্ধীক ২৭ নম্বৰত, প্ৰিয়ংকা গান্ধীক ৭৫ নম্বৰত আৰু ৰাহুল গান্ধীক ৫১ নম্বৰত স্থান দিয়া হৈছে ।

৫২ নম্বৰ স্থানত আছে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু ৷ ইপিনে, অসমৰ মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ স্থানৰ তলত আছে আন কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী । হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল আছে ৪৩ নম্বৰ স্থানত । মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আছে ৪০ নন্বৰ স্থানত । অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগনমোহন ৰেড্ডীক ৩৯ নম্বৰত, তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওক ৩৮ নম্বৰত, দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনিষ চিছোদিয়াক ৩৬ নম্বৰত, ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলক ৩৫ নম্বৰত স্থান দিয়া হৈছে ।

লগতে পঢ়ক : Rajya Sabha election 2022: বিজেপি মিত্রজোঁটৰ 4 বিধায়কৰ ভোট বাতিলৰ দাবী কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.