ETV Bharat / bharat

Bypolls in Wayanad: ৰাহুল গান্ধীৰ সমষ্টিত উপ নিৰ্বাচন সন্দৰ্ভত মুখ্য নিৰ্বাচন আয়ুক্তই কৰিলে মন্তব্য

author img

By

Published : Mar 29, 2023, 9:34 PM IST

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হোৱাৰ পাচত কেৰালাৰ ৱায়ানদ সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে কেইটামান দিন অপেক্ষা কৰিব খুজিছে কেন্দ্ৰীয় নিৰ্বাচন আয়োগে ৷ আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় দল ঘোষণাৰ বিষয়টোও বিবেচনাধীন হৈ আছে আয়োগত (Bypolls in Wayanad) ৷

Bypolls in Wayanad
By Election in Rahul Gandhis Wayanad seat

নিউজ ডেস্ক, 29 মাৰ্চ: বুধবাৰে মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে কয় যে, কংগ্ৰেছ নেতা ৰাহুল গান্ধী অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিচত ন্যায়িক প্ৰতিকাৰৰ বাবে আদালতে 30 দিনৰ সময় দিছে ৷ গতিকে ৱায়ানদ সংসদীয় সমষ্টিত উপ-নিৰ্বাচন ঘোষণা কৰাৰ পূৰ্বে আয়োগে কেইদিনমান অপেক্ষা কৰিব ৷ এখন সংবাদমেলত কুমাৰে কয়, "এখন আসন খালী হোৱাৰ পিচত উপ-নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আমাৰ হাতত ছমাহৰ সময় আছে । বিচাৰ আদালতে ন্যায়িক প্ৰতিকাৰৰ বাবে 30 দিনৰ সময় দিছে । গতিকে, আমি অপেক্ষা কৰিম ।" (By Election in Rahul Gandhis Wayanad seat) ৷

‘মোডী উপাধি’ৰ মন্তব্যৰ বাবে চুৰাট আদালতে অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰাৰ পিচত যোৱা 24 মাৰ্চত ৰাহুল গান্ধীক লোকসভাৰ সাংসদ পদৰ পৰা অযোগ্য ঘোষণা কৰা হৈছিল ৷ ৰাহুলৰ সাংসদ পদ খাৰিজৰ পাচতে দেশজুৰি সৃষ্টি হয় প্ৰতিক্ৰিয়াৰ ৷ বিৰোধী দল কংগ্ৰেছৰ লগতে আন বহুকেইটা দলে এয়া ৰাহুলৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰ তথা মাত বন্ধ কৰাৰ বাবে কাৰচাজী বুলি উল্লেখ কৰিছে (Reaction on Rahul Gandhi disqualification) ৷

ইফালে, আম আদমী পাৰ্টিক ৰাষ্ট্ৰীয় দল হিচাপে মৰ্যাদা প্ৰদান সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত মুখ্য নিৰ্বাচন আয়ুক্তই কয় যে, এই মৰ্যাদাৰ বিষয়টো আয়োগৰ পৰ্যালোচনাধীন হৈ আছে । জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ সন্দৰ্ভত তেওঁ কয় যে, আয়োগ "Vecuum"ৰ ক্ষেত্ৰ সচেতন আৰু ইয়াক পূৰণ কৰিব লাগিব (CEC on Jammu Kashmir election)।

‘‘যোৱা 1 অক্টোবৰত জম্মু-কাশ্মীৰত অনুষ্ঠিত হৈছিল এছ এছ আৰ (বিশেষ সাৰাংশ পুনৰীক্ষণ) । সমগ্ৰ দেশতে ১ জানুৱাৰীৰ কাট অৱ ডেট লৈ এছ এছ আৰ চলোৱা হয় । প্ৰক্ৰিয়াটো আমি তাতেই সম্পন্ন কৰিলোঁ, কাৰণ আমি প্ৰক্ৰিয়াটো যথা সম্ভৱভাৱে সম্পূৰ্ণ কৰিব বিচাৰিছিলো । এই প্ৰক্ৰিয়াটো হৈছে ভোটাৰ তালিকাৰ ক্ষেত্ৰত দেশৰ বাকী অংশৰ সৈতে যিমান দূৰলৈকে সম্ভৱ সমতা অনা । আমি জানো যে এটা শূন্যতা আছে আৰু সেইটো পূৰণ কৰাটো প্ৰয়োজন ।’’ মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে কয় ৷

লগতে পঢ়ক: Rahul Gandhi Disqualification: ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ উত্তাল‌ বিধানসভা

ইয়াৰ পূৰ্বে মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিছিল । অহা 10 মে’ত একক পৰ্যায়ত ভোটগ্ৰহণ হ’ব বুলি মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে জানিবলৈ দিয়ে ৷ এই নিৰ্বাচনৰ ভোট গণনা হ’ব অহা 13 মে’ত । ভোটাৰসকলৰ তথ্যৰ বিশদ বিৱৰণ দি তেওঁ কয় যে, ৰাজ্যখনত মুঠ 5.21 কোটি লোক আছে আৰু 100 বছৰৰ ঊৰ্ধৰ ভোটাৰৰ সংখ্যা 16,976 জন । তেওঁ জনাইছে যে, সমগ্ৰ ৰাজ্যতে 58 হাজাৰৰো অধিক ভোটকেন্দ্ৰ স্থাপন কৰা হ’ব (Karnataka general election date) ।

‘‘224 টা বিধানসভা সমষ্টিৰ ভিতৰত 36 টা অনুসূচিত জাতি আৰু 15 টা অনুসূচিত জনজাতিসমূহৰ বাবে সংৰক্ষিত । ৰাজ্যৰ মুঠ ভোটাৰ 5,21,73,579 কোটি যাৰ ভিতৰত পুৰুষৰ সংখ্যা 2.62 কোটি আৰু মহিলাৰ সংখ্যা 2.59 কোটি । 80 বছৰৰ ঊৰ্ধৰ ভোটাৰৰ সংখ্যা 12.15 লাখ ৷ 2018 চনৰ তুলনাত এই সংখ্যা 32 শতাংশ বৃদ্ধি পাইছে । ইয়াৰ লগতে 100 ৰ ঊৰ্ধৰ 16,976 জন গৌৰৱান্বিত ভোটাৰকো অন্তৰ্ভুক্ত কৰা হৈছে । প্ৰতিবন্ধী ব্যক্তিৰ সংখ্যা 5.55 লাখলৈ বৃদ্ধি পাইছে । এই বৃদ্ধিৰ হাৰ প্ৰায় ১৫০ শতাংশ (Karnataka assembly election date declared) ৷

তেওঁ কয় যে, কৰ্ণাটকত 2018-19 বৰ্ষৰ পৰা প্ৰথমবাৰৰ বাবে ভোটাৰৰ সংখ্যা 9.17 লাখ বৃদ্ধি পাইছে । 1 এপ্ৰিলৰ ভিতৰত 18 বছৰ বয়স সম্পূৰ্ণ কৰা সকলো যুৱ ভোটাৰে কৰ্ণাটক বিধানসভা নিৰ্বাচনত ভোটদান কৰিব পাৰিব বুলিও তেওঁ কয় । ৰাজ্যৰ চিনাক্তকৃত স্পৰ্শকাতৰ বুথসমূহৰ সুৰক্ষা ব্যৱস্থাও নিৰ্ধাৰণ কৰে মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে ।

লগতে পঢ়ক: Karnataka Election 2023 : ১০ মে'ত কৰ্ণাটকৰ নিৰ্বাচন, ১৩ মে'ত ফলাফল

তেওঁ লগতে কয়, ‘‘কৰ্ণাটকত 58,282 টা ভোটকেন্দ্ৰ আছে ইয়াৰে 20,866 টা নগৰীয়া অঞ্চলত আছে । প্ৰতিটো ভোটকেন্দ্ৰত গড় ভোটাৰৰ সংখ্যা 883 জন । যিবোৰ স্পৰ্শকাতৰ বুথ চিনাক্ত কৰা হৈছে, সেইবোৰতে আমি চাৰিৰ পৰা পাঁচটা ব্যৱস্থা গ্ৰহণ কৰিছোঁ । হয় CAPF, নহয় ৱেব বা কাষ্টিং বা মাইক্ৰ' অবজাৰ্ভাৰ থাকিব ।’’ যুৱক-যুৱতীসকলক ভোটদানৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে কেন্দ্ৰীয় নিৰ্বাচন আয়োগে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে ব্যাখ্যা কৰি কুমাৰে লগতে কয়, "240 টা মডেল ভোটকেন্দ্ৰ থাকিব, যিবোৰ পৰিৱেশ অনুকূল আৰু সেউজ বুথ নিৰ্মাণ কৰা হ'ব । 100 টা বুথ বিশেষভাৱে সক্ষম লোকে পৰিচালনা কৰিব ।"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.