ETV Bharat / bharat

ছত্তিশগড়ত নক্সালবাদীৰ সংঘৰ্ষত নিহত ৫ জোৱান

ছত্তিশগড়ৰ বিজাপুৰ জিলাত নিৰাপত্তা বাহিনীৰ নক্সালবাদ বিৰোধী এক অভিযানত ৫ জন জোৱান নিহত হোৱাৰ লগতে প্ৰায় ১০ গৰাকী জোৱান আহত হয় ।

author img

By

Published : Apr 4, 2021, 11:03 AM IST

ছত্তীশগড়ত নক্সালবাদীৰ সংঘৰ্ষত শ্বহীদ ৫ জোৱান

নেশ্যনেল ডেস্ক,4 এপ্ৰিল: শনিবাৰে ছত্তিশগড়ৰ বিজাপুৰ জিলাত সুৰক্ষাকৰ্মীৰ সৈতে নক্সালবাদীৰ সংঘৰ্ষ হয় ৷ নিৰাপত্তা বাহিনীৰ নক্সালবাদ বিৰোধী এক অভিযানত বিজাপুৰ জিলাৰ তৰেমৰ সমীপৰ জংঘলত এই সংঘৰ্ষ সংঘটিত হয় । নক্সালবাদীৰে হোৱা এই সংঘৰ্ষত দুগৰাকী জোৱান নিহত হোৱাৰ লতে প্ৰায় ১৫ গৰাকী সুৰক্ষাকৰ্মী সম্প্ৰতি সন্ধানহীন হৈ আছে । ইফালে আহতসকলৰ ২৩ গৰাকীক বিজাপুৰ চিকিৎসালয়ত আৰু ৭ গৰাকীক ৰায়পুৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি ছত্তিশগড় আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে ।

এই সংঘৰ্ষত ৫ জন জোৱান শ্বহীদ হোৱাৰ লগতে প্ৰায় ১০ গৰাকী জোৱান আহত হয় । শ্বহীদ পাঁচজনৰ ভিতৰত ৩ গৰাকী ডিআৰজি আৰু ৩ গৰাকী চিআৰপিএফ জোৱান বুলি জানিব পৰা গৈছে । ইফালে, এই সংঘৰ্ষত ৯ জন নক্সালবাদী নিহত হোৱাৰ খবৰ লাভ কৰা গৈছে ।

যোৱা ১০ দিন ধৰি ছত্তিশগড়ৰ নিৰাপত্তা বাহিনীয়ে নিষিদ্ধ ঘোষিত চিপিআই (মাওবাদী) ৰ শীৰ্ষ নক্সাল মাদভি হিডমাই আত্মগোপন কৰি থকাৰ খবৰৰ ভিত্তিত এই অভিযান চলাইছিল । উল্লেখ্য যে, ২০১৩ চনত ঝিৰাম উপত্যকাত হোৱা আক্ৰমণকে ধৰি বহু বৃহৎ আক্ৰমণেৰে জড়িত শীৰ্ষ নক্সাল মাদভি হিডমা ।

লগতে পঢ়ক: উত্তৰ প্ৰদেশত ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ, ধৰ্যণ কৰি হত্যাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.