ETV Bharat / bharat

ছত্তীশগড়ৰ দান্তেৱাড়াত ১৫ খনকৈ বাহনত অগ্নিসংযোগ মাওবাদীৰ

ছত্তীশগড়ত মাওবাদীৰ কাৰ্যকলাপ অব্যাহত আছে । পথ নিৰ্মাণত জড়িত এটা কোম্পানীৰ কেইবাখনো বাহন জ্বলাই দিলে মাওবাদীয়ে । নিশা কোম্পানীটোৰ শিবিৰত প্ৰৱেশত কৰি বাহনসমূহ জ্বলাই দিয়ে সশস্ত্ৰ মাওবাদীয়ে । নিৰ্মাণকাৰ্য বন্ধ কৰিবলৈ ভাবুকি দিয়ে মাওবাদীয়ে ।

Naxal attack
পথ নিৰ্মাণ কোম্পানীৰ ১৫ খনকৈ বাহনত অগ্নিসংযোগ মাওবাদীৰ
author img

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 11:53 AM IST

নেশ্যনেল ডেস্ক, ২৭ নৱেম্বৰ : মাওবাদী অধ্যুষিত ছত্তীশগড়ত ভয়ংকৰ ঘটনা। ছত্তীশগড়ৰ দান্তেৱাড়া জিলাত মাওবাদীয়ে ভয়ংকৰ আক্ৰমণ কৰে । দেওবাৰে মাওবাদীয়ে প্ৰায় ১৫ খনত বাহনত অগ্নিসংযোগ কৰে । বাহনসমূহ এটা ব্যক্তিগত নিৰ্মাণ প্ৰতিষ্ঠানৰ বুলি জানিব পৰা গৈছে । নিশা মাওবাদীয়ে বেইলাডিলা ৰোডত বাহনসমূহত অগ্নিসংযোগ কৰে ।

উল্লেখ্য যে দান্তেৱাড়া আৰু বেইলাডিলাৰ মাজত পথ নিৰ্মাণৰ কাম চলি আছে । আৰচি নাহৰ কোম্পানী এই নিৰ্মাণ কাৰ্যত জড়িত হৈ আছে । কোম্পানীটোৱে ভাঞ্চি আৰক্ষী থানাৰ পৰা ১ কিলোমিটাৰ দূৰত বঙালী শিবিৰৰ ওচৰত তেওঁলোকৰ শিবিৰ স্থাপন কৰিছিল । কিন্তু নিশা প্ৰায় ২ মান বজাত ১৫০ তকৈও অধিক মাওবাদী তাত উপস্থিত হয় আৰু পথ নিৰ্মাণত ব্যৱহৃত বাহনসমূহত অগ্নিসংযোগ কৰে । জানিব পৰা মতে আক্ৰমণকাৰীসকলৰ ভিতৰত ইউনিফৰ্ম পৰিহিত সশস্ত্ৰ মাওবাদীও আছিল ।

দান্তেৱাড়াৰ আৰক্ষী অধীক্ষক গৌৰৱ ৰায়ে ঘটনাটো সন্দৰ্ভত কয় যে মাওবাদীয়ে বাহনসমূহত অগ্নিসংযোগ কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে । উক্ত সময়ছোৱাত মাওবাদীয়ে ঘটনাস্থলীত উপস্থিত থকা চকীদাৰজনকো ভাবুকি প্ৰদান কৰে আৰু নিৰ্মাণ কাৰ্য বন্ধ কৰাৰো ভাবুকি দিয়ে । ভৱিষ্যতেও এনে ধৰণৰ ঘটনা সংঘটিত কৰিব বুলিও মাওবাদীয়ে হুংকাৰ দিয়ে । আৰক্ষী অধীক্ষকগৰাকীৰ মতে ঘটনাস্থলীৰ পৰা একাংশ বেনাৰ পোষ্টাৰো উদ্ধাৰ কৰা হৈছে । ঘটনাৰ খবৰ পোৱাৰ পাছতে আৰক্ষীৰ এটা সেই স্থানত উপস্থিত হৈছে আৰু গাঁওবাসীক সোধা-পোছা অব্যাহত ৰাখিছে ।

এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে কোৱা মতে নিশা ১ বজাৰ পৰা ২ বজাৰ ভিতৰত ৫০ ৰ পৰা ৬০ গৰাকী সশস্ত্ৰ মাওবাদী সেই স্থানত উপস্থিত হৈছিল । মাওবাদীয়ে তাত উপস্থিত লোকসকলৰ পৰা মোবাইল ফোন কাঢ়ি লৈছিল । ইয়াৰ পাছত মাওবাদীয়ে এফালৰ পৰা বাহনবোৰৰ পৰা ডিজেল উলিয়াই আৰু বাহনবোৰত অগ্নিসংযোগ কৰে ।

উল্লেখ্য যে ঘটনাটো সংঘটিত স্থান ভাঞ্চি আৰক্ষী থানাৰ পৰা প্ৰায় ১ কিলোমিটাৰ দূৰত অৱস্থিত । অগ্নিসংযোগৰ ঘটনাটোৰ পাছতে অঞ্চলটোত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে । অঞ্চলটোত নিৰাপত্তা বাহিনীৰ দলটোৱে মাওবাদীৰ বিৰুদ্ধে অভিযানো আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :পাকিস্তান সমৰ্থিত গজৱা ই হিন্দ মডিউলৰ বিৰুদ্ধে কেইবাখনো ৰাজ্যত এনআইএৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.