ETV Bharat / bharat

Decision On Right To Privacy; পত্নীৰ অজ্ঞাতে স্বামীয়ে ফোনৰ কথোপকথন ৰেকৰ্ডিং কৰাটো গোপনীয়তাৰ অধিকাৰ খৰ্ব কৰা বুজায়: ছত্তীশগড় HC

author img

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 7:09 AM IST

Decision On Right To Privacy সন্দৰ্ভত ছত্তীশগড় উচ্চ ন্যায়ালয়ে এটা ডাঙৰ সিদ্ধান্ত লৈছে । আদালতে কয় যে যদি কোনো ব্যক্তিৰ কথা-বতৰা তেওঁৰ অনুমতি অবিহনে আনৰ ম’বাইলত ৰেকৰ্ড কৰা হয়, তেন্তে সেয়া ভুল । সংবিধানৰ ২১ নং অনুচ্ছেদৰ অধীনত ইয়াক গোপনীয়তাৰ অধিকাৰ উলংঘা কৰা বুলি বিবেচনা কৰা হ’ব ।

Decision On Right To Privacy
ecision On Right To Privacy সন্দৰ্ভত ছত্তীশগড় উচ্চ ন্যায়ালয়ে এটা ডাঙৰ সিদ্ধান্ত

নেশ্যনেল ডেস্ক, ১৫ অক্টোবৰ : বিলাসপুৰস্থিত ছত্তীশগড় উচ্চ ন্যায়ালয়ে জাৰি কৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত । য’ত আদালতে এজন ব্যক্তিৰ কথোপকথন তেওঁৰ অনুমতি অবিহনে ম’বাইলত ৰেকৰ্ড কৰাটো ভুল বুলি ঘোষণা কৰে । আদালতে ইয়াক গোপনীয়তাৰ অধিকাৰ উলংঘা বুলি অভিহিত কৰে ।

উচ্চ ন্যায়ালয়ে কয় যে পত্নীৰ অজ্ঞাতে স্বামীৰ ফোনৰ কথোপকথন ৰেকৰ্ডিং কৰাটো তেওঁৰ গোপনীয়তাৰ অধিকাৰ খৰ্ব কৰা বুজায় । ভাৰতীয় সংবিধানৰ ২১ নং অনুচ্ছেদৰ অধীনত দিয়া অধিকাৰ খৰ্ব কৰা হৈছে ।

মহিলাগৰাকীৰ আবেদন সন্দৰ্ভত আদালতে দিয়া ৰায় :

এই সমগ্ৰ বিষয়টো বিবাহ বিচ্ছেদৰ গোচৰৰ সৈতে জড়িত । য’ত ২০২২ চনত এগৰাকী মহিলাই ছত্তীশগড় উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল । অভিযোগ আছিল যে মহিলাগৰাকীৰ স্বামীয়ে কোনো তথ্য নিদিয়াকৈ তেওঁৰ কথা-বতৰা ম’বাইলত ৰেকৰ্ডিং কৰিছে ৷ যাৰ ওপৰত ছত্তীশগড় উচ্চ ন্যায়ালয়ে শুনানি গ্ৰহণ কৰি এই সিদ্ধান্ত গ্ৰহণ কৰে ।

প্ৰকৃততে কি আছিল ঘটনাটো :

অধিবক্তা বৈভৱ এ গোবৰ্ধনে কয় যে এই গোটেই বিষয়টো ২০১৯ চনত স্বামী-স্ত্ৰীৰ বিবাহ বিচ্ছেদৰ সৈতে জড়িত । মহাসমুন্দৰ এগৰাকী মহিলাই স্বামীৰ পৰা ভৰণ-পোষণৰ ভাট্টা বিচাৰি পৰিয়াল আদালতৰ কাষ চাপিছিল । যিটো আদালতেও মানি লৈছিল ।

তাৰ পিচত মহিলাগৰাকীৰ স্বামীয়ে পৰিয়াল আদালতত পত্নীৰ ম’বাইলত হোৱা কিছু কথোপকথনৰ বিষয় সন্দৰ্ভত উপস্থাপন কৰিছিল । তেওঁ ৰেকৰ্ড কৰা কথোপকথনটোৰ সৈতে পত্নীক মুখামুখি কৰিব বিচাৰিছিল । পৰৱৰ্তী সময়ত মহিলাগৰাকীয়ে ২০২২ চনত পৰিয়াল আদালতৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল ।

ছত্তীশগড় উচ্চ ন্যায়ালয়ৰ আবেদনত মহিলাগৰাকীয়ে কি ক’লে :

উচ্চ ন্যায়ালয়ত দাখিল কৰা আৱেদনত মহিলাগৰাকীয়ে কয় যে স্বামীয়ে পৰিয়াল আদালতৰ সন্মুখত ম’বাইল কথোপকথনৰ জৰিয়তে এক বেলেগ যুক্তি প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছিল । তেওঁ প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছিল যে তেওঁৰ পত্নীয়ে ব্যভিচাৰ কৰিছে । সেয়েহে বিবাহ বিচ্ছেদৰ পিচত তেওঁৰ ভৰণ-পোষণৰ ধন দিয়াৰ প্ৰয়োজন নাই ।

বিলাসপুৰ উচ্চ ন্যায়ালয়ৰ শুনানিত কি হ’ল :

উচ্চ ন্যায়ালয়ৰ শুনানিৰ সময়ত মহিলাগৰাকীৰ অধিবক্তাই কয় যে পৰিয়াল আদালতে আবেদনৰ অনুমতি দি আইনী ভুল কৰিছে । কাৰণ ইয়াৰ ফলত আবেদনকাৰীৰ গোপনীয়তাৰ অধিকাৰ খৰ্ব হৈছে । তেওঁৰ অজ্ঞাতে এই কথা-বতৰা স্বামীয়ে ৰেকৰ্ডিং কৰিছিল আৰু তেওঁৰ বিৰুদ্ধে ইয়াক ব্যৱহাৰ কৰিব নোৱাৰিব ।

তাৰ পাচত তেওঁ উচ্চতম ন্যায়ালয় আৰু মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে গৃহীত কৰা কিছু ৰায়ৰ উদ্ধৃতি দিয়ে । ইয়াৰ পিচত ৫ অক্টোবৰত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰাকেশ মোহন পাণ্ডেই পৰিয়াল আদালতৰ সিদ্ধান্ত বাতিল কৰে । আদালতে কয় যে স্বামীয়ে পত্নীক অৱগত নকৰাকৈয়ে পত্নীৰ কথা-বতৰা ৰেকৰ্ডিং কৰা যেন লাগে । যিটো তেওঁৰ গোপনীয়তাৰ অধিকাৰ উলংঘা কৰা হৈছে । ইয়াৰ উপৰিও ভাৰতৰ সংবিধানৰ ২১ নং দফাৰ অধীনত দিয়া অধিকাৰৰ উলংঘাও ।

লগতে পঢ়ক : IAF air show : বায়ুসেনা ষ্টেচনত IAF এয়াৰ শ্ব'ৰ বাবে সাজু ৰাফেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.