ৰায়পুৰ, ১৪ ডিচেম্বৰ: চত্তিশগড়ৰ আই ই ডি বিস্ফোৰণত আহত হোৱা চিআৰপিএফৰ এলাইট ইউনিট কোব্ৰাৰ এগৰাকী বিষয়াৰ সোমবাৰে মৃত্যু হয় ৷ চত্তিশগড়ৰ চুকমা জিলাত সংঘটিত আই ই ডি বিস্ফোৰণত গুৰুতৰভাৱে আহত হৈছিল চিআৰপিএফৰ বিষয়াগৰাকী ৷ এই কথা প্ৰকাশ কৰে চিআৰপিএফৰ এগৰাকী উচ্চ পদস্থ বিষয়াই ৷
কোব্ৰা ২০৮ বেটেলিয়নৰ ডেপুটি কমাণ্ডাৰ বিকাশ কুমাৰ নামৰ বিষয়াগৰাকী আই ই ডি বিস্ফোৰণত গুৰুতৰভাৱে আহত হৈছিল দেওবাৰে ৷ মাওবাদীয়ে স্থাপন কৰা আই ই ডি বোমা এটা নিস্ক্ৰিয় কৰি থকাৰ সময়তে বিস্ফোৰণ ঘটাত গুৰুতৰভাৱে আহত হৈছিল বিষয়াগৰাকী ৷
আহত চিআৰপিএফৰ বিষয়াগৰাকীক লগে লগে ৰায়পুৰৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও বিষয়াজনে সোমবাৰে পুৱতি নিশা ১ বজাত মৃত্যুক সাৱটি লয় ৷ এই কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে বাষ্টাৰ মণ্ডলৰ আৰক্ষী অধীক্ষক সুন্দৰৰাজ পিয়ে ৷
উল্লেখ্য যে, ঘন অৰণ্যত মাওবাদীৰ বিৰুদ্ধে অভিযান চলাবৰ বাবে গঠন কৰা হৈছিল চিআৰপিএফৰ কোব্ৰা বেটেলিয়ন ৷
আনহাতে, ইয়াৰ পূৰ্বেও ২৮ নৱেম্বৰত চিআৰপিএফৰ কোব্ৰা বেটেলিয়নৰ আন এগৰাকী বিষয়া আই ই ডি বিস্ফোৰণত নিহত হোৱাৰ বিপৰীতে ৯ গৰাকী কামাণ্ডো আহত হৈছিল মাওবাদীয়ে সংস্থাপন কৰা আই ই ডি বিস্ফোৰণত ৷ ৰাজ্যখনৰ ৰাজধানী চহৰ চত্তিশগড়ৰ ৰায়পুৰৰ পৰা প্ৰায় ৪৫০ কিলোমিটাৰ দূৰৈৰ চুকমা জিলাৰ চিন্টলনাৰ অঞ্চলত মাওবাদীয়েে চিআৰপিএফক লক্ষ্য কৰি সংস্থাপন কৰিছিল আই ই ডি বোমাটো ৷
লগতে পঢ়ক : দিল্লী সীমান্তৰ পৰা প্ৰতিবাদীক আঁতৰোৱা আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে