ETV Bharat / bharat

Chhattisgarh Govt Aid For Himachal : হিমাচলৰ দুৰ্যোগপীড়িতৰ বাবে ছত্তীশগড় চৰকাৰৰ ১১ কোটি সাহায্য

ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে বৰ্ষাপীড়িত হিমাচল প্ৰদেশলৈ ১১ কোটি টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে । ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী বাঘেলে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে ।

author img

By

Published : Aug 18, 2023, 5:44 PM IST

Chhattisgarh Govt Aid For Himachal
Chhattisgarh Govt Aid For Himachal

নিউজ ডেস্ক, ১৮ আগষ্ট : প্ৰকৃতিৰ কোপদৃষ্টিত এক প্ৰকাৰ অসহায় হৈ পৰিছে পাহাৰীয়া ৰাজ্য হিমাচল প্ৰদেশ । প্ৰকৃতিৰ নিষ্ঠুৰ আঘাতত এক প্ৰকাৰ ধ্বংসস্তূপত পৰিণত হৈছে পৰ্যটকৰ আকৰ্ষণীয় ৰাজ্য হিমাচল । ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত বিপৰ্যস্ত হৈ পৰিছে ৰাজ্যখন । কেইবাশ লোকে অকালতে প্ৰাণ হেৰুওৱাৰ উপৰি কেইবা হাজাৰ কোটিৰ সা-সম্পত্তি ধ্বংস হৈছে । তেনে পৰিস্থিতিত ৰাজ্যখন স্বাভাৱিক ছন্দলৈ উভতি আহিবলৈ অন্তত এটা বছৰ সময় লাগিব বুলি হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে । আনহাতে, ৰাজ্যখনৰ পুনৰ নিৰ্মাণৰ বাবে কেন্দ্ৰৰ পৰা সাহায্য বিচাৰিছে মুখ্যমন্ত্ৰীয়ে ।

ইয়াৰ মাজতে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে আৰু ৰাজ্যখনৰ পৰিস্থিতিৰ বিষয়ে তেওঁৰ পৰা অৱগত হয় । আনহাতে, মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে হিমাচল প্ৰদেশৰ বাবে সম্ভৱপৰ সকলো প্ৰকাৰৰ সহায় কৰাৰো আশ্বাস প্ৰদান কৰে । ইয়াৰ লগতে মুখ্যমন্ত্ৰী বাঘেলে হিমাচল প্ৰদেশলৈ ১১ কোটি টকাৰ বিত্তীয় সাহায্যৰ কথা ঘোষণা কৰে ।

মুখ্যমন্ত্ৰী বাঘেলে দুৰ্যোগপীড়িতসকলৰ সাহায্য আৰু পুনৰ্সংস্থাপনৰ বাবে হিমাচল প্ৰদেশ চৰকাৰক ১১ কোটি টকা সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে । মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে টুইটত হিমাচল প্ৰদেশৰ কাষত থিয় দিয়াৰ কথা উল্লে কৰে । বাঘেলে টুইট কৰি কয়, "প্ৰাকৃতিক দুৰ্যোগত বিপৰ্যস্ত হৈ কঠিন সময়ৰ মাজেৰে গতি কৰি থকা দেৱভূমি হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৰ সৈতে ফোনযোগে কথা পাতোঁ আৰু ৰাজ্যখনৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰোঁ । এই বিপদত সকলো দেশবাসী একত্ৰিত হৈছে । আমি সকলো প্ৰয়োজনীয় প্ৰচেষ্টাত একেলগে আছোঁ ।"

  • देवभूमि हिमाचल प्रदेश में भारी बारिश और भूस्खलन से आई विपदा की स्थिति में पीड़ित लोगों की मदद के लिए हम सब छत्तीसगढ़वासियों की ओर से 11 करोड़ रुपये की सहायता राशि की घोषणा करता हूँ।

    हम सभी छत्तीसगढ़वासी हिमाचल के लोगों के साथ खड़े हैं और सामूहिक एकजुटता के साथ आपदा का सामना…

    — Bhupesh Baghel (@bhupeshbaghel) August 18, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে এইবাৰ যেন হিমাচল প্ৰদেশত সকলো ধ্বংস কৰিবলৈয়ে আহিছে বাৰিষাৰ বৰষুণ । এইবাৰ বিপদ হৈ পৰা বৰষুণে ৰাজ্যখনত ধ্বংসযজ্ঞ চলাইছে । ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্যখনত ৰাস্তা, খোৱাপানী, বিদ্যুত আৰু অন্যান্য আন্তঃগাঁথনিৰ যথেষ্ট ক্ষতি হৈছে । ধাৰাসাৰ বৰষুণৰ ফলত মানুহৰ সম্পত্তিও ধ্বংস হৈ আছে । হিমাচল প্ৰদেশত ধাৰাসাৰ বৰষুণে এতিয়ালৈকে ৩৩০ জন লোকৰ প্ৰাণ কাঢ়ি নিছে । এতিয়ালৈকে বৰষুণৰ ফলত ৭৬০০ কোটি টকাৰো অধিক ক্ষতিগ্ৰস্ত হৈছে । ধাৰাসাৰ বৰষুণৰ বাবে বহুতো পথ বন্ধ কৰি দিয়া হৈছে । আনহাতে, পথবোৰ বন্ধ হোৱাৰ বাবে ৰাজ্যখন আন অঞ্চলৰ পৰা বিচ্ছিন্ন হৈ পৰিছে । এতিয়ালৈকে ৮৭৫ টা পথ বন্ধ কৰা হৈছে ।

লগতে পঢ়ক :Crime Journalist shot dead: বিহাৰত দুৰ্বৃত্তৰ গুলীত নিহত সাংবাদিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.