ETV Bharat / bharat

Rape case against opposition leader son: বিজেপি নেতাৰ পুত্ৰৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ

author img

By

Published : Jan 20, 2023, 12:00 PM IST

ৰায়পুৰৰ জঘন্য ঘটনা ৷ বিজেপি নেতাৰ পুত্ৰই বিবাহৰ প্ৰলেভন দি এগৰাকী যুৱতীক ধৰ্ষণ কৰাৰ লগতে শাৰীৰিক উৎপীড়ন চলোৱাৰ ঘটনা পোহৰলৈ আহিছে (Rape of woman pretext of marriage)৷

chhattisgarh-bjp-mla-son-booked-for-rape
বিজেপি নেতাৰ পুত্ৰৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ

নেশ্যনেল ডেস্ক, 20 জানুৱাৰী: ছত্তিশগড়ৰ ৰায়পুৰত বিবাহৰ প্ৰলোভন দি এগৰাকী যুৱতীক ধৰ্ষণ কৰাৰ ভয়ংকৰ খবৰ পোহৰলৈ আহিছে (Rape case Chhattisgarh) ৷ বিজেপি নেতাৰ পুত্ৰই এই ধৰ্ষণকাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

ঘটনা অনুসৰি ছত্তিশগড়ৰ বিজেপি নেতা নাৰায়ণ চান্দেলৰ পুত্ৰ (BJP Narayan Chandel son Palash Chandel) পলাশ চান্দেলে 2019 বৰ্ষৰ পৰা এগৰাকী যুৱতীৰ লগত প্ৰেমৰ সম্পৰ্কত আছিল ৷ যুৱতীগৰাকীক বিয়াৰ প্ৰতিশ্ৰুতি দি পলাশে 2022 চনলৈ যুৱতীগৰাকীৰ লগত শাৰীৰিক সম্পৰ্ক অব্যাহত ৰাখিছিল (Rape of woman pretext of marriage) ৷ শাৰীৰিক সম্পৰ্কত অনুমতি নিদিলে পলাশে যুৱতীগৰাকীক শাৰীৰিকভাৱে উৎপীড়নো চলাইছিল ৷ পৰৱৰ্তী সময়ত যুৱতীগৰাকীয়ে বিয়াৰ কথা ক’লেই পলাশে কথাৰ পৰা ফালৰি কাটিছিল ৷ এই কথাক লৈ দুয়োৰে মাজত প্ৰায়েই তুমুল বিতৰ্কৰো সৃষ্টি হৈছিল ৷

লগতে পঢ়ক: Husband inserted rod in wife body: ঘৰুৱা বিবাদৰ বাবেই পত্নীৰ দেহত পাঁচ ফুট দীঘল ৰড ভৰালে বিনোদে

অৱশেষত ভুক্তভোগী যুৱতীগৰাকীয়ে 18 জানুৱাৰীত ৰায়পুৰৰ মহিলা আৰক্ষী চকীত পলাশৰ বিৰুদ্ধে লিখিত (FIR at Raipur Women police station) অভিযোগ দাখিল কৰিছিল। এই ক্ষেত্ৰত মহিলা আৰক্ষী থানাই পলাশ চান্দেলৰ বিৰুদ্ধে জিৰোত এটা গোচৰ ৰুজু কৰাৰ লগতে পলাশৰ গোচৰটো জাঞ্জগিৰ চম্পালৈ প্ৰেৰণ কৰিছে।

ভুক্তভোগীগৰাকী সুৰগুজাৰ বাসিন্দা। তেওঁ জাঞ্জগিৰ চম্পাত কৰ্মসূত্ৰে বাস কৰে ৷ ইতিমধ্যে যুৱতীগৰাকীয়ে ছত্তিশগড় ৰাজ্যিক অনুসূচীত জনজাতি আয়োগৰ ওচৰতো অভিযোগ দাখিল কৰিছিল । আয়োগৰ নিৰ্দেশনা অনুসৰি, ৰায়পুৰৰ মহিলা আৰক্ষী চকীত ধৰ্ষণৰ অভিযোগ দাখিল কৰা হৈছিল । তাৰ ওপৰত আধাৰিত কৰি ইতিমধ্যে এটা গোচৰ ৰুজু কৰা হৈছে ।

সমগ্ৰ ঘটনা সন্দৰ্ভত মহিলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কবিতা ধ্ৰুৱে কয় যে ৪০ বছৰীয়া যুৱতী এগৰাকীয়ে ধৰ্ষণৰ অভিযোগ দাখিল কৰিছে ।

সম্প্ৰতি মধ্য প্ৰদেশৰ এগৰাকী মহিলাক অম্বিকাপুৰ কোতৱালী আৰক্ষী থানাৰ অধীনত চাৰি যুৱকে দলবদ্ধ ধৰ্ষণ কৰিছিল । ই-ৰিক্সা এখনত গৈ থকা এগৰাকী মহিলাক চাৰি যুৱকে আঁতৰাই লৈ গৈ দলবদ্ধভাৱে ধৰ্ষণ কৰিছিল ৷ সম্প্ৰতি আৰক্ষীয়ে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। আনহাতে দুজন অভিযুক্ত পলাতক হৈ আছে।

লগতে পঢ়ক: Rape case in Vijayapura karnataka: হত্যাৰ ভাবুকিৰে তিনি যুৱকে মানসিকভাৱে অসুস্থ যুৱতীক কৰিলে ধৰ্ষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.