ছট্টিশগড়ৰ নক্সাল বিৰোধী অভিযান অসম্পূৰ্ণভাৱে ডিজাইন কৰা হৈছিল : ৰাহুল গান্ধী - ৰাহুল গান্ধী
22 গৰাকীকৈ সুৰক্ষা কৰ্মীয়ে মৃত্যুক সাৱটা ছট্টিশগড়ৰ নক্সাল বিৰোধী অভিযানক অসম্পূৰ্ণভাৱে ডিজাইন কৰা হৈছিল বুলি অভিযোগ কৰিছে ৰাহুল গান্ধীয়ে ৷ দেশৰ জোৱান সকল cannon fodder নহয় বুলি মন্তব্য গান্ধীৰ ৷

নেশ্যনেল ডেস্ক, 5 এপ্ৰিল: 22 গৰাকীকৈ সুৰক্ষা কৰ্মীয়ে দুৰ্ভাগ্যজনকভাৱে মৃত্যুক সাৱটি ল'ব লগীয়া হোৱা নক্সালবাদীৰ বিৰুদ্ধে ছট্টিশগড়ত চলোৱা অভিযানক অসম্পূৰ্ণ তথা দুৰ্বলভাৱে ডিজাইন কৰা বুলি অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৷ দেশৰ জোৱান সকল কেনন ফডাৰ (cannon fodder) নহয় বুলি মন্তব্য কৰি টুইটাৰযোগে গান্ধীয়ে এইবুলি কয়, "Our jawans are not cannon fodder to be martyred at will" ৷
ৰাজ্যখনত নক্সালবাদীৰ আক্ৰমণত নিহত 22 গৰাকী লোকৰ ভিতৰত আছে চেন্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফৰ্চ(চিআৰপিএফ) ৰ আঠগৰাকী জোৱান ৷ ইয়াৰে সাতগৰাকী কোব্ৰা বেটেলিয়নৰ আৰু এগৰাকী বস্তৰীয়া বেটেলিয়নৰ ৷ ডিআৰজিৰ আঠ গৰাকী জোৱানে প্ৰাণ হেৰুওৱাৰ লগতে অন্য পাঁচ গৰাকী নিহত স্পেচিয়েল টাস্ক ফৰ্চৰ বুলি জানিব পৰা গৈছে ৷
চিআৰপিএফৰ সঞ্চালক প্ৰধান কুলদ্বীপ সিঙে এই অভিযানত কোনো ধৰণৰ কৌশলগত বিফলতা নাছিল বুলি দাবী কৰাৰ লগতে বিপক্ষৰো সমানে লোক নিহত হৈছে বুলি কৰা দাবীৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গান্ধীয়ে কয় যে, যদিহে এই অভিযানত কোনো ধৰণৰ কৌশলগত বিফলতা নাছিল তেন্তে 1:1 মৃত্যুৱে এই কথাই বুজাই যে, এই সমগ্ৰ অভিযান দুৰ্বল আৰু অসম্পূৰ্ণভাৱে ডিজাইন কৰা হৈছিল ৷
বিভাগীয় সূত্ৰৰ পৰা চিআৰপিএফৰ ইন্সপেক্টৰ এতিয়াও সন্ধানহীন বুলি জানিব পৰা গৈছে ৷ নক্সালবাদীৰ আক্ৰমণত 31 গৰাকীকৈ সুৰক্ষা কৰ্মী আহত হোৱাৰো খবৰ পোৱা গৈছে ৷ ৰাজ্যখনৰ বিজাপুৰ আৰু চুকমা জিলাৰ সীমান্ত অঞ্চলৰ জংঘলত এক অভিযান চলোৱাৰ সময়তে সুৰক্ষা কৰ্মী সকলৰ ওপৰত নক্সালবাদীয়ে আক্ৰমণ চলায় ৷
লগতে পঢ়ক: আজি ছত্তিশগড়ৰ মাওবাদী আক্ৰমণৰ স্থান পৰিদৰ্শন কৰিব অমিত শ্বাহে