ETV Bharat / bharat

ছত্তিশগড়ত সুৰক্ষা বাহিনীৰ অভিযানত নিহত 2 নক্সালবাদী - নক্সালবাদী

মঙলবাৰে পুৱাৰভাগতে ছত্তিশগড়ত সুৰক্ষা বাহিনীৰ অভিযানত দুজন নক্সালবাদী নিহত হোৱাৰ তথ্য পোৱা গৈছে ৷ ঘটনাস্থলীৰ পৰা অভিযানকাৰী দলটোৱে অস্ত্ৰৰ লগতে বিস্ফোৰক উদ্ধাৰ কৰিছে ৷

Chhattisgarh: 2 Naxals killed in encounter with security forces in Sukma
ছত্তিশগড়ত সুৰক্ষা বাহিনীৰ অভিযানত নিহত 2 নক্সালবাদী
author img

By

Published : Aug 24, 2021, 1:43 PM IST

নেশ্যনেল ডেস্ক, 24 আগষ্ট : ছত্তিশগড়ৰ চুকমা জিলাত সুৰক্ষা বাহিনী আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষ ৷ মঙলবাৰে পুৱা প্ৰায় 8 বজাত ৰায়পুৰৰ পৰা 850 কিলোমিটাৰ নিলগৰ কানহাইগুড়া গাঁও আৰু গোম্পাদৰ কাষৰ বনাঞ্চলত সুৰক্ষা বাহিনী আৰু নক্সালবাদীৰ মাজত গুলিয়াগুলীৰ ঘটনা সংঘটিত হয় ৷ উক্ত অঞ্চলত সুৰক্ষা বাহিনীৰ নক্সাল বিৰোধী অভিযানৰ সময়তেই এই গুলিয়াগুলীৰ ঘটনাটো সংঘটিত হোৱা বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে চুকমাৰ আৰক্ষী অধীক্ষক সুনীল শৰ্মাই ৷

এই অভিযান চলাইছিল District Reserve Guard (DRG), Central Reserve Police Force (CRPF) আৰু Commando Battalion for Resolute Action (CoBRA) ই ৷ এই অভিযানত দুজন নক্সালবাদী নিহত হৈছে ৷ ঘটনাস্থলীৰ পৰা অভিযানকাৰী দলটোৱে অস্ত্ৰৰ লগতে বিস্ফোৰক উদ্ধাৰ কৰিছে ৷ আনহাতে, ঘটনাস্থলীত পোৱা তেজৰ দাগৰ পৰা অনুমান কৰা হৈছে যে হয়তো আন বহু কেইগৰাকী নক্সালবাদী এই এনকাউন্টাৰত নিহত নতুবা আঘাতপ্ৰাপ্ত হৈছে ৷ কিন্তু তেওঁলোকৰ সহযোগীয়ে তেওঁলোকক ঘন অৰণ্যৰ মাজলৈ লৈ যাবলৈ সক্ষম হৈছে ৷

বৰ্তমানলৈকে নিহত সদস্য দুজনৰ পৰিচয় জানিব পৰা হোৱা নাই যদিও ইয়াৰে এজন কাৱাচী হাংগা বুলি অনুমান কৰা হৈছে ৷ কাৱাচী হাংগা কোন্টা অঞ্চলত যথেষ্ট সক্ৰিয় হৈ আছিল ৷ বৰ্তমানলৈকে অঞ্চলটোত অভিযান অব্যাহত ৰখা হৈছে ৷

লগতে পঢ়ক : জম্মু-কাশ্মীৰৰ বাৰামুলাত সেনা আৰু সন্ত্ৰাসবাদীৰ সংঘাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.