ETV Bharat / bharat

চেন্নাইত বানৰ মাজত উদ্ধাৰকাৰীৰ নাৱত অভিনেতা আমিৰ খান - Aamir Khan rescued

ছুপাৰষ্টাৰ আমিৰ খানক মঙলবাৰে তামিল অভিনেতা বিষ্ণু বিশালৰ সৈতে চেন্নাইৰ বানত ক্ষতিগ্ৰস্ত আন লোকৰ সৈতে উদ্ধাৰকাৰী নাৱত বহি থকা দেখা যায় । অভিনেতা দুজনে উদ্ধাৰকাৰী বিষয়াৰ পৰা সহায় লোৱাৰ ছবি ইণ্টাৰনেটত প্ৰকাশ পাইছে ।

Chennai floods
Chennai floods
author img

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 10:37 PM IST

নেশ্যনেল, 5 নৱেম্বৰ: শেহতীয়াকৈ বানত বিধ্বস্ত হৈছে চেন্নাইৰ বহু অঞ্চল ৷ এই বানত আৱদ্ধ হৈ আছিল আন বহু লোকৰ দৰে বলীউডৰ অভিনেতা আমিৰ খানো । মঙলবাৰে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা ফটোত তামিল অভিনেতা বিষ্ণু বিশাল আৰু অন্যান্য বানাক্ৰান্ত লোকৰ সৈতে এখন উদ্ধাৰকাৰী নাৱত বহি থকা দেখা গ’ল অভিনেতাগৰাকীক ৷

বিষ্ণু বিশালে পূৰ্বতে টুইটাৰ নামেৰে জনাজাত X ত এই ফটোসমূহ শ্বেয়াৰ কৰি অগ্নিনিৰ্বাপক আৰু উদ্ধাৰকাৰী দলক আৱদ্ধ লোকক সহায় কৰাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে । তেওঁ উল্লেখ কৰে যে ইতিমধ্যে কাৰাপাক্কামত উদ্ধাৰ অভিযান আৰম্ভ হৈছে আৰু তিনিখন নাৱে ফলপ্ৰসূভাৱে কাম কৰি আছে ।

  • Thanks to the fire and rescue department in helping people like us who are stranded

    Rescue operations have started in karapakkam..
    Saw 3 boats functioning already

    Great work by TN govt in such testing times

    Thanks to all the administrative people who are working relentlessly https://t.co/QdoW7zaBuI pic.twitter.com/qyzX73kHmc

    — VISHNU VISHAL - VV (@TheVishnuVishal) December 5, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

এই বিপৰ্যয়ৰ সময়ছোৱাত তামিলনাডু চৰকাৰৰ উল্লেখযোগ্য প্ৰচেষ্টাক শলাগ লৈ অক্লান্তভাৱে কাম কৰি অহা সকলো প্ৰশাসনিক কৰ্মীক ধন্যবাদ জ্ঞাপন কৰে অভিনেতাগৰাকীয়ে ।

ইয়াৰ পূৰ্বে বিষ্ণুৱে শ্বেয়াৰ কৰিছিল যে তেওঁ চেন্নাইৰ বাসগৃহত বিদ্যুৎ বা নেটৱৰ্ক নোহোৱাকৈ আবদ্ধ হৈ আছে । তেওঁৰ ঘৰত পানী সোমোৱাৰ কথাও প্ৰকাশ কৰে । ধ্বংসলীলা প্ৰদৰ্শন কৰা ফটো শ্বেয়াৰ কৰাৰ সমান্তৰালভাৱে তেওঁ সহায়ৰ আশা প্ৰকাশ কৰে, কিয়নো কাৰাপাক্কামত পানীৰ স্তৰ আতংকজনকভাৱে বৃদ্ধি পাইছে ।

  • Water is entering my house and the level is rising badly in karapakkam
    I have called for help
    No electricity no wifi
    No phone signal
    Nothing
    Only on terrace at a particular point i get some signal
    Lets hope i and so many here get some help❤️
    I can feel for people all over chennai… pic.twitter.com/pSHcK2pFNf

বিদ্যুৎ, ৱাইফাই, ফোনৰ চিগনেলৰ সুবিধা নথকাৰ বাবে বিষ্ণুৱে নিজৰ টেৰেচত সীমিত চিগনেলহে পাবলৈ সক্ষম হৈছিল । সমগ্ৰ চেন্নাইত অগণন ব্যক্তিয়ে সন্মুখীন হোৱা দুৰ্দশাৰ প্ৰতি তেওঁ সহানুভূতিশীল আছিল ।

তামিলনাডুত ঘূৰ্ণীবতাহৰ ফলত হোৱা প্ৰচণ্ড বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰে ৷ প্ৰধানকৈ চেন্নাই, চেংগলপট্টু, কাঞ্চীপুৰম, নাগাপট্টিনাম, কুড্ডালোৰ, তিৰুভাল্লুৰ আদি জিলাত প্ৰভাৱ পেলায় । বৰ্তমান চেন্নাইৰ এক বৃহৎ অংশ বানত ডুব গৈছে, বিশেষকৈ নিম্নভূমি অঞ্চলত ইয়াৰ প্ৰভাৱ পৰিছে । স্থবিৰ পানী পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত নাগৰিক সংস্থাৰ কৰ্মীসকলে প্ৰচেষ্টা চলোৱাৰ পিছতো পানীৰে ভৰি থকা পথত কিছুমান অঞ্চলত গাড়ী উটি যোৱা দেখা গৈছে ৷

তামিল অভিনেতা সূৰ্য আৰু কাৰ্তিয়ে প্ৰাৰম্ভিকভাৱে ১০ লাখ টকাৰ অনুদান ঘোষণা কৰিছে ৷ যিটো যিকোনো প্ৰয়োজনীয় সাহায্য প্ৰদানৰ বাবে ব্যৱহাৰ কৰা হ’ব । নিজ নিজ ফেন ক্লাবৰ জৰিয়তে সাহায্য বিতৰণ পৰিচালনা কৰা হ’ব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: বিগত ৫ বছৰত নৰ্দমা পৰিষ্কাৰ কৰোঁতে ৪৪৩ জন শ্ৰমিকৰ মৃত্যু হৈছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.