ETV Bharat / bharat

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীৰ নামত কোনে পেলাইছিল প্ৰৱঞ্চনাৰ জাল ?

author img

By

Published : Apr 29, 2022, 2:13 PM IST

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীৰ নাম লৈ বহুতো শীৰ্ষ বিষয়াক প্ৰৱঞ্চনা (Fraud in the name of Tripura CM and Dy CM)। ত্ৰিপুৰা আৰক্ষীৰ দলে বৃহস্পতিবাৰে চিট্টোড়গড়ত অভিযান চলায় । ঘটনা সন্দৰ্ভত ৫ অভিযুক্তক গ্ৰেপ্তাৰ । ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

Tripura
ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীৰ নামত প্ৰৱঞ্চনা

নেশ্যনেল ডেস্ক,২৯ এপ্ৰিল : ত্ৰিপুৰা আৰক্ষীৰ জালত এটা বৃহৎ প্ৰৱঞ্চকৰ দল । ৰাজস্থানৰ চিট্টোড়গড়ৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কেইবাজনীয়া এটা প্ৰৱঞ্চকৰ দলক (Tripura Police Busted Big Fraud Case)। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীৰ নামত বহুতো আই.এ.এছ (IAS) আৰু আই.পি.এছ (IPS) বিষয়াৰ পৰা লাখ লাখ টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগ আছে দলটোৰ বিৰুদ্ধে । চিট্টোড়গড় চাইবাৰ চেলৰ সহযোগত ত্ৰিপুৰা আৰক্ষীয়ে অভিযান চলাই ইতিমধ্যে দলটোৰ ৫ জনক গ্ৰেপ্তাৰ কৰিছে (Five fraud Arrested from Chittorgarh)।

অভিযুক্তকেইজনক সদৰ আৰক্ষীৰ জিম্মাত ৰখা হৈছে । ত্ৰিপুৰাৰ শীৰ্ষ আৰক্ষী বিষয়াসকল চিট্টোড়গড়ত উপস্থিত হৈ ইতিমধ্যে অভিযুক্তকেইজনক সোধা-পোছা অব্যাহত ৰাখিছে । ইফালে আটাইকেইজনকে চিজেএম আদালতত হাজিৰ কৰোৱা হৈছিল, য'ত তেওঁলোক সকলোৱে জামিন লাভ কৰিছে ।

ত্ৰিপুৰাৰ আগৰতলা চাইবাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক দেৱে কোৱা মতে ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰীৰ নামত এজন জ্যেষ্ঠ আই.এ.এছ বিষয়ালৈ এটা হোৱাটছএপ এছএমএছ প্ৰেৰণ কৰা হৈছিল আৰু কোৱা হৈছিল যে তেওঁ নম্বৰটো নতুনকৈ লৈছে । এছএমএছটোত এটা বেংক একাউণ্ট নম্বৰও প্ৰেৰণ কৰা হৈছিল আৰু ধন সেই নম্বৰলৈ স্থানান্তৰ কৰিবলৈ কোৱা হৈছিল । তেওঁ বৰ্তমান সভাত ব্যস্ত হৈ আছে । সভাৰ পৰা আহি ধনখিনি তেওঁ ঘূৰাই দিব ।

আই.এ.এছ বিষয়াজনে টকাখিনি সেই একাউণ্টলৈ স্থানান্তৰ কৰিছিল । বহু দিনৰ অন্তত, যেতিয়া উপ-মুখ্যমন্ত্ৰীয়ে এই বিষয়ে কোনো কথা পতা নাছিল, আই.এ.এছ বিষয়াগৰাকীয়ে তেওঁক সুধিছিল । কিন্তু সমগ্ৰ বিষয়টো অস্বীকাৰ কৰিছিল উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে । দেৱে কোৱা মতে অভিযুক্তজনে এটা হোৱাটছএপ গ্ৰুপও খুলিছিল য'ত শীৰ্ষ আই.এ.এছ আৰু আই.পি.এছ বিষয়াসকলক (Cheating from Big Officials) অন্তৰ্ভুক্ত কৰা হৈছিল ।

গ্ৰুপটোৰ প্ৰ'ফাইল ছবিত মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীৰ ফটো লগোৱা হৈছিল । এনেদৰে, বহু বিষয়াইও টকা দিছিল । যেতিয়া একাউণ্টটো পৰীক্ষা কৰি গোচৰ ৰুজু কৰা হৈছিল তেতিয়া দেখা গৈছিল যে ধনখিনি চিট্টোড়গড়ৰ চাহানৱাৰ বাসিন্দা জগদীশ জাটৰ পুত্ৰ ৰাজু জাটৰ বেংক একাউণ্টত জমা কৰা হৈছিল ।

আৰক্ষীয়ে লগে লগে অভিযান চলাই ৰাজু জাটক আটক কৰি জেৰা চলায় । পৰৱৰ্তী তদন্তত পোহৰলৈ আহিছিল যে একাউণ্টটোত থকা ম'বাইল নম্বৰটো কোনো এটা পৌৰ নিগম কলনিৰ মাহিবৰ্ধন সিং ৰাণাৱটৰ নামত আছিল । জেৰাত, এইটো প্ৰকাশ পাইছিল যে নাৰায়ণ সিঙৰ পুত্ৰ ভৈৰু সিঙে মাহিৰ নিৰ্দেশত ৰাজুক এটা অনলাইন একাউণ্ট খুলিবলৈ প্ৰস্তাৱ দিছিল । ৰাজুৱে সন্মত হৈছিল আৰু একাউণ্টটো খুলিছিল আৰু ইয়াত মাহিবৰ্ধনৰ নম্বৰ দিছিল, যাতে মাহিয়ে বেংক একাউণ্টটো নিয়ন্ত্ৰণ কৰিব পাৰে ।

আৰক্ষীৰ তদন্তত এইটোও প্ৰকাশ পাইছে যে বেংকত একাউণ্ট খোলাৰ পাছত, মাহিবৰ্ধনে ভৈৰুক ৫,০০০ টকা দিছিল । তেওঁলোকৰ ভিতৰত ভৈৰুৱে কমিছন হিচাপে ২,০০০ টকা ৰাখিছিল আৰু ৰাজুক ৩,০০০ টকা দিছিল । ভৈৰুৱে মাহিৰ নিৰ্দেশত আন দুটা নতুন একাউণ্ট খুলিছিল । ইয়াৰ বাবে, তেওঁ মাহিৰ পৰা ১০ হাজাৰ টকা লৈছিল ।

ভৈৰুৱে এই দুটা একাউণ্ট মাহিক হস্তান্তৰ কৰিছিল । মাহিয়ে একাউণ্টটো আদৰ্শ কলনিৰ বাসিন্দা ধৰ্মেন্দ্ৰ সিঙৰ পুত্ৰ নৱনীত সিঙক বিক্ৰী কৰিছিল । নৱনীতে ইয়াক ক্ৰয় কৰি ওড়িশাৰ পৰিতোষ সুন্দৰক ২০,০০০ টকাত বিক্ৰী কৰিছিল ।

ইফালে, ব্যৱহৃত ম'বাইল ছীমখন চেগৱা হাউচিং বোৰ্ডৰ বাসিন্দা সোহন লাল মেনাৰিয়াৰ পুত্ৰ নীতেশৰ আছিল । আৰক্ষীয়ে আটাইকেইজন অভিযুক্তক চাইবাৰ চেলৰ সহযোগত বিচাৰি উলিয়াইছিল । আগৰতলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক দেৱে কোৱা মতে এতিয়ালৈকে কেৱল ৰাজু জাটৰ একাউণ্ট পৰীক্ষা কৰা হৈছে । ৰাজু জাটৰ বিৰুদ্ধে ৮ লাখ টকাৰ প্ৰৱঞ্চনা কৰাৰ অভিযোগ আছে ৷ বাকীসকলৰ একাউণ্ট এতিয়াও পৰীক্ষা কৰা হোৱা নাই । হয়টো এই ঘটনাৰ তদন্তত কোটি কোটি টকাৰ জালিয়াতিৰ তথ্য পোহৰলৈ আহিব ।

লগতে পঢ়ক :Minority Scholarship Scam: কোনে কোনে হজম কৰিলে সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কোটি কোটি টকা?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.