নেশ্যনেল ডেস্ক, 28 জানুৱাৰী : আজি পুৱাই ৰাজস্থানৰ ভৰতপুৰত ভাৰতীয় বায়ুসেনাৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয় (Fighter Jet Crash in Bharatpur) ৷ প্ৰতিৰক্ষা বিভাগৰ জনসংযোগ বিষয়া কৰ্ণেল অমিতাভ শৰ্মাই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে দুৰ্ঘটনা সন্দৰ্ভত তেওঁলোকে তথ্য লাভ কৰিছে । বিমানখন আৰু বিমানখনত আৱদ্ধ হৈ থকাসকলক চিনাক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত আছে । নগলা বিজাৰ গাঁওবাসীয়ে ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে, পুৱা প্ৰায় ১০.৩০ বজাত এখন যুদ্ধ বিমান আকাশৰ পৰা তলৰ পথাৰত পৰি যায় (Chartered Aircraft Crash In Bharatpur) ।
-
Rajasthan | A chartered aircraft crashed in Bharatpur. Police and administration have been sent to the spot. More details are awaited: District Collector Alok Ranjan pic.twitter.com/wfbofbKA3I
— ANI MP/CG/Rajasthan (@ANI_MP_CG_RJ) January 28, 2023 " class="align-text-top noRightClick twitterSection" data="
">Rajasthan | A chartered aircraft crashed in Bharatpur. Police and administration have been sent to the spot. More details are awaited: District Collector Alok Ranjan pic.twitter.com/wfbofbKA3I
— ANI MP/CG/Rajasthan (@ANI_MP_CG_RJ) January 28, 2023Rajasthan | A chartered aircraft crashed in Bharatpur. Police and administration have been sent to the spot. More details are awaited: District Collector Alok Ranjan pic.twitter.com/wfbofbKA3I
— ANI MP/CG/Rajasthan (@ANI_MP_CG_RJ) January 28, 2023
ঘটনাটো প্ৰত্যক্ষ কৰাৰ লগে লগে তথা শব্দ শুনিবলৈ পোৱাৰ পাছতে গৰিষ্ঠ সংখ্যক গাঁওবাসী ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতি প্ৰত্যক্ষ কৰে । পথাৰত পৰা বিমানখনৰ ধ্বংসাৱশেষৰ পৰা জুইৰ শিখাবোৰ নুমুৱাবলৈ একাংশ গঞাই চেষ্টা কৰিছিল বুলি জানিবলৈ পৰা গৈছে । একাংশই সমগ্ৰ ঘটনাৱলী কেমেৰাত আৱদ্ধ কৰিলে বুলি জানিবলৈ দিয়ে গাঁওবাসীয়ে (IAF Fighter Jet Crash in Bharatpur) ।
লগতে গাঁওবাসীয়ে দুৰ্ঘটনাস্থলীৰ সমীপত পাইলট বা যাত্ৰী কাকোৱেই প্ৰত্যক্ষ কৰিবলৈ পোৱা হোৱা নাই বুলি উল্লেখ কৰে । দুৰ্ঘটনা সংঘটিত হোৱাৰ আগতীয়া সংকেত লাভ কৰি পাইলটগৰাকীয়ে পূৰ্বেই নিৰাপত্তমূলক ব্যৱস্থা গ্ৰহণ কৰা বুলি সন্দেহ ব্যক্ত কৰিছে আৰক্ষীয়ে । অৱশ্যে ভাৰতীয় বায়ুসেনাই এই ঘটনা সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই । আৰক্ষী অধীক্ষক শ্যাম সিঙে জানিবলৈ দিয়া মতে, ভাৰতপুৰ জিলাৰ উচচাইন অঞ্চলৰ মুকলি পথাৰত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় । অৱশ্যে হেলিকপ্টাৰ নে বিমান তাৎক্ষণিকভাৱে তথা বৰ্তমানলৈ স্পষ্ট হোৱা নাই বুলি ভাৰতীয় বায়ুসেনাৰ সূত্ৰত প্ৰকাশ । আৰক্ষীৰ উদ্ধৃতি দি সংবাদ গোষ্ঠী প্ৰেছ ট্ৰাষ্ট অব ইণ্ডিয়াই দুৰ্ঘটনাগ্ৰস্ত বিমানখন অসামৰিক বিমান নে সামৰিক বিমানো বাতৰি লিখা পৰ্যন্ত জানিব পৰা হোৱা নাই বুলি উল্লেখ কৰে (Press trust of India)।
দুৰ্ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ভাৰতপুৰৰ ডি এছ পি ৰাজে সংবাদ মাধ্যমক জনায় যে, তেওঁলোকে বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ খবৰ পুৱা ১০-১০.১৫ বজামানত লাভ কৰে ৷ ঘটনাস্থলীত উপস্থিত হোৱাৰ পাছতহে ভাৰতীয় বায়ু সেনাৰ সেইখন এখন যুঁজাৰু বিমান বুলি আৰক্ষী বিভাগ স্পষ্ট হয় । অৱশ্যে যুদ্ধ বিমান নে সাধাৰণ বিমান সেয়া ধ্বংসস্তুপৰ মাজত গৈ জনাটো সম্ভৱ নহয় বুলি উল্লেখ কৰে । পাইলটগৰাকী বিমানখনৰ ভিতৰত আছে নে নিৰাপদ স্থানত আছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই বুলি ভাৰতপুৰৰ উপ-আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে ।
লগতে পঢ়ক : Constitution of India in Sanskrit: শীঘ্ৰেই সংস্কৃত ভাষাত ভাৰতীয় সংবিধানৰ তৃতীয় সংস্কৰণ