ETV Bharat / bharat

Chandrayaan-3: প্ৰজ্ঞান ৰ’ভাৰে আৱদ্ধ কৰা বিক্ৰম অন মুনৰ প্ৰথমখন থ্ৰীডি ইমেজ মুকলি কৰিলে ইছৰ’ৱে - বিক্ৰম লেণ্ডাৰৰ প্ৰথমখন থ্ৰী ডি ছবি

এনাগ্লিফখন NavCam Stereo Images ব্যৱহাৰ কৰি তৈয়াৰ কৰা হৈছে, য’ত প্ৰজ্ঞান ৰ’ভাৰে লোৱা বাওঁফালৰ লগতে সোঁফালৰো ছবি আছে । ইছৰ’ই প্ৰকাশ কৰে এই তথ্য ৷

Chandrayaan-3
বিক্ৰম অন মুনৰ প্ৰথমখন থ্ৰীডি ইমেজ মুকলি কৰিলে ইছৰ’ৱে
author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 9:45 PM IST

নিউজ ডেস্ক, ৫ ছেপ্টেম্বৰ: ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৱে মঙলবাৰে চন্দ্ৰত বিক্ৰম লেণ্ডাৰৰ প্ৰথমখন থ্ৰী-ডি ছবি প্ৰকাশ কৰে । প্ৰজ্ঞান ৰ’ভাৰে লোৱা বাওঁ আৰু সোঁ দুয়ো তৰফৰ ছবিৰ সহায়ত NavCam Stereo Images ব্যৱহাৰ কৰি এই থ্ৰী-ডি ইমেজ তৈয়াৰ কৰা হৈছে ৷ ইছৰ’ৱে X (পূৰ্বৰ টুইটাৰ)ত এই বিক্ৰম অন মুনৰ প্ৰথমখন থ্ৰীডি ইমেজ মুকলি কৰি প্ৰজ্ঞান ৰ’ভাৰে ২০২৩ চনৰ ৩০ আগষ্টত এই ছবি আৱদ্ধ কৰাৰ কথা উল্লেখ কৰে ।

  • Chandrayaan-3 Mission:

    Anaglyph is a simple visualization of the object or terrain in three dimensions from stereo or multi-view images.

    The Anaglyph presented here is created using NavCam Stereo Images, which consist of both a left and right image captured onboard the Pragyan… pic.twitter.com/T8ksnvrovA

    — ISRO (@isro) September 5, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

মহাকাশ সংস্থাটোৱে নিজৰ পোষ্টত কয়, এনাগ্লিফ হৈছে ষ্টেৰিঅ’ বা মাল্টি-ভিউ ছবিৰ পৰা বস্তু বা ভূখণ্ডৰ তিনিটা মাত্ৰাত সৰল দৃশ্যায়ন । "ইয়াত উপস্থাপন কৰা এনাগ্লিফ NavCam Stereo Images ব্যৱহাৰ কৰি তৈয়াৰ কৰা হৈছে, যিবোৰ প্ৰজ্ঞান ৰ’ভাৰত ধৰা পৰা বাওঁ আৰু সোঁ দুয়ো তৰফৰ ছবিৰে গঠিত । এই ৩-চেনেল ছবিখনত বাওঁ ছবিখন ৰঙা চেনেলত স্থাপন কৰা হৈছে, আনহাতে সোঁফালৰ ছবিখন নীলা আৰু সেউজীয়া চেনেলত ৰখা হয় (creating cyan)।"

এই দুখন ছবিৰ মাজৰ দৃষ্টিভংগীৰ পাৰ্থক্যৰ ফলত ষ্টেৰিঅ' ইফেক্ট হয়, যিয়ে তিনিটা মাত্ৰাৰ দৃশ্যমান ছাপ দিয়ে ৷" মহাকাশ সংস্থাটোৱে ৰঙা আৰু চিয়ান(CYAN) ৰঙৰ চশমা পৰিধান কৰি ছবিখন চাবলৈ পৰামৰ্শ দিয়ে । ইছৰোৱে লগতে কয় যে, "NavCam LEOS / ISRO দ্বাৰা বিকশিত কৰা হৈছে । ডাটা প্ৰচেছিং SAC/ISRO দ্বাৰা কৰা হয় ।"

ইয়াৰ পূৰ্বে সোমবাৰে ইছৰ’ই উল্লেখ কৰিছিল যে, তেওঁলোকে সফল হপ টেষ্ট চলাইছিল য’ত বিক্ৰম লেণ্ডাৰখন ওপৰলৈ তুলি লৈ পুনৰ চন্দ্ৰত কোমল অৱতৰণ কৰিছিল । পৰীক্ষাৰ পিচত লেণ্ডাৰৰ পেলোডবোৰ বন্ধ কৰি দিয়া হৈছিল । ইছৰ’ই লগতে কয় যে এই হপ পৰীক্ষাই ভৱিষ্যতৰ চন্দ্ৰ অভিযানত বিজ্ঞানীসকলক সহায় কৰিব য’ত নমুনা পৃথিৱীলৈ ঘূৰাই আনিব পৰা যাব আৰু তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ই পৰিকল্পনা কৰা মানৱ অভিযানত সহায় কৰিব ।

মহাকাশ সংস্থাটোৱে জনোৱা মতে, সোমবাৰে পুৱা প্ৰায় ৮ বজাত বিক্ৰম লেণ্ডাৰক শ্লিপ মোডত স্থাপন কৰা হৈছিল । লেণ্ডাৰ ৰিচিভাৰ অন কৰি ৰখাৰ সময়ত পেলোড বন্ধ কৰি দিয়া হৈছে । টোপনিৰ অৱস্থালৈ যোৱাৰ আগতে নতুন স্থানত লেণ্ডাৰত ChaSTE, RAMBHA-LP আৰু ILSA পেলোডৰ দ্বাৰা ইন-চিটু পৰীক্ষা কৰা হৈছিল । সংগ্ৰহ কৰা তথ্য পৃথিৱীত লাভ কৰা হৈছে ।

লগতে পঢ়ক: Chandrayaan-3 Mission update: কৰ্তব্য সমাপন কৰি জিৰণি লৈছে ‘প্ৰজ্ঞানে’

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.