ETV Bharat / bharat

Chandrayaan-3 : চন্দ্ৰপৃষ্ঠত নামি প্ৰজ্ঞানে আৰম্ভ কৰিলে নিজৰ কাম

author img

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 1:10 PM IST

লেণ্ডাৰৰ পৰা ওলাই গৈছে প্ৰজ্ঞান ৰভা’ৰ । ইছৰোৱে শ্বেয়াৰ কৰিছে ৰভাৰৰ ৰেম্পিঙৰ ভিডিঅ' । চন্দ্ৰপৃষ্ঠত বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰিব ৰ’ভাৰে । চন্দ্ৰপৃষ্ঠ মাটি আৰু শিলৰ মৌলিক গঠনো পৰীক্ষা কৰিব ৰ’ভাৰে ।

Chandrayaan-3
চন্দ্ৰপৃষ্ঠত প্ৰজ্ঞান ৰভাৰৰ কাম আৰম্ভ

নেশ্যনেল ডেস্ক,২৫ আগষ্ট : সফলতাৰে চন্দ্ৰপৃষ্ঠত অৱতৰণৰ পাছত এইবাৰ প্ৰজ্ঞান ৰ’ভাৰৰ কাম আৰম্ভ হৈছে । ইতিমধ্যে বিক্ৰম লেণ্ডাৰৰ পৰা প্ৰজ্ঞান ৰ’ভাৰে ৰেম্পিং কৰিছে অৰ্থাৎ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিছে । ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে প্ৰজ্ঞান ৰভাৰৰ ৰেম্পিঙৰ এটা ভিডিঅ' শ্বেয়াৰ কৰিছে । ইছৰোৱে পূৰ্বে এক্সত ভিডিঅ'টো শ্বেয়াৰ কৰি লিখিছিল যে চন্দ্ৰযান-৩ ৰভাৰে লেণ্ডাৰৰ পৰা চন্দ্ৰপৃষ্ঠলৈ কেনেদৰে ৰেম্প কৰিছে এই ভিডিঅ'টোত আছে ।

২৬ কিলোগ্ৰামৰ ৬ চকীয়া ৰ’ভাৰে লেণ্ডাৰৰ ভিতৰৰ পৰা চন্দ্ৰপৃষ্ঠলৈ নামি গৈছে । প্ৰজ্ঞান ৰ’ভাৰে চন্দ্ৰপৃষ্ঠত ভ্ৰমণ কৰি ইয়াৰ ইন-চিটু ৰাসায়নিক বিশ্লেষণ কৰিব । লগতে ই অৱতৰণ স্থানৰ চাৰিওফালৰ মাটি আৰু শিলৰ মৌলিক গঠন নিৰ্ধাৰণ কৰিবলৈ ইয়াৰ পেলোড এপিএক্সএছ (আলফা কণা এক্স-ৰে স্পেক্ট্ৰোমিটাৰ)ৰ জৰিয়তে চন্দ্ৰৰ পৃষ্ঠ অধ্যয়ন কৰিব । ৰ’ভাৰৰ আন এটা পেলোড, লেজাৰ ইনহেলেড ব্ৰেকডাউন স্পেক্ট্ৰোস্কোপ (এল.আই.বি.এছ.), চন্দ্ৰপৃষ্ঠৰ গঠন অধিক জানিবলৈ ৰাসায়নিক গঠন আৰু ইনফাৰ মিনাৰেলজিকেল তথ্য লাভ কৰিব ।

ইছৰোৰ বিজ্ঞানীসকলৰ মতে চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলটো অন্বেষণ কৰা হৈছে কিয়নো ইয়াৰ চাৰিওফালৰ স্থায়ীভাৱে ছাঁ থকা এলেকাবোৰত পানী থকাৰ সম্ভাৱনা আছে । ৰ’ভাৰে লেণ্ডাৰলৈ তথ্য প্ৰেৰণ কৰিব আৰু তাৰ পাছত লেণ্ডাৰে ইয়াক পৃথিৱীলৈ প্ৰেৰণ কৰিব ।

ইফালে লেণ্ডাৰ আৰু ৰ’ভাৰৰ প্ৰণালীবোৰ এতিয়া এটাৰ পাছত এটা পৰীক্ষা কৰিবলৈ সাজু আৰু পৃথিৱীৰ ১৪ দিনৰ ভিতৰত সকলো পৰীক্ষা সম্পূৰ্ণ কৰিব বুলি আশা কৰা হৈছে । চন্দ্ৰনিশা আৰম্ভ হ'লে অন্ধকাৰ আৰু অত্যাধিক ঠাণ্ডাই ইয়াক আগুৰি ধৰিব ।

উল্লেখ্য যে বুধবাৰে বিক্ৰম লেণ্ডাৰে সন্ধিয়া ৬.০৩ বজাত চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰে । তাৰ কেইঘণ্টামানৰ পাছতে প্ৰজ্ঞান ৰ’ভাৰ বিক্ৰম লেণ্ডাৰৰ পৰা ওলাই আহে । ইফালে ইছৰোৱে শুকুৰবাৰে চন্দ্ৰযান-২ৰ অৰ্বিটাৰ হাই-ৰিজলিউশ্বন কেমেৰা (অ'এইচআৰচি)ৰ দ্বাৰা বন্দী কৰা চন্দ্ৰৰ দুখন ছবি শ্বেয়াৰ কৰি পাছত সেয়া ডিলিট কৰে ।

চন্দ্ৰযান-৩য়ে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ পূৰ্বৰ আৰু পাছত তোলা দুখন ফটো শ্বেয়াৰ কৰিছিল । ডিলিট কৰা ফটো দুখনৰ এখন ২৩ আগষ্টৰ ১৪.২৮ বজাত লোৱা হৈছিল আৰু পৰৱৰ্তী ফটোখন বিক্ৰম লেণ্ডাৰৰ সৈতে অৱতৰণৰ একেদিনাই ২২.১৭ বজাত লোৱা হৈছে ।

লগতে পঢ়ক :Chandrayaan 3 Lunar mission : বিক্ৰম লেণ্ডাৰৰ পৰা অৱতৰণ ৰ’ভাৰৰ; চন্দ্ৰত খোজকাঢ়িছে প্ৰজ্ঞানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.