ETV Bharat / bharat

Chandrayaan 3 Lunar mission : বিক্ৰম লেণ্ডাৰৰ পৰা অৱতৰণ ৰ’ভাৰৰ; চন্দ্ৰত খোজকাঢ়িছে প্ৰজ্ঞানে - Vikram Lander soft landed on Moon

"চন্দ্ৰযান-৩ ৰ'ভাৰ মেড ইন ইণ্ডিয়া ! চন্দ্ৰৰ বাবে নিৰ্মিত ! চি-৩ ৰ'ভাৰে লেণ্ডাৰৰ পৰা তললৈ নামি আহিছে আৰু ভাৰতে চন্দ্ৰত খোজকাঢ়িছে !" ইছৰোৱে এই কথা প্ৰকাশ কৰিছে ।

Chandrayaan 3 Lunar mission
Chandrayaan 3 Lunar mission
author img

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 12:50 PM IST

নিউজ ডেস্ক, ২৪ আগষ্ট : ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই বৃহস্পতিবাৰে বিক্ৰমৰ লেণ্ডাৰ মডিউলৰ পৰা প্ৰজ্ঞান ৰ'ভাৰৰ সফল অৱতৰণৰ কথা ঘোষণা কৰিছে । উল্লেখ্য যে লেণ্ডাৰ বিক্ৰমে বুধবাৰে সন্ধিয়া ৬.০৩ বজাত চন্দ্ৰপৃষ্ঠত মসৃণ অৱতৰণ কৰে ।

"চন্দ্ৰযান-৩ ৰ'ভাৰ মেড ইন ইণ্ডিয়া ! চন্দ্ৰৰ বাবে নিৰ্মিত ! চি-৩ ৰ'ভাৰে লেণ্ডাৰৰ পৰা তললৈ নামি আহিছে আৰু ভাৰতে চন্দ্ৰত খোজকাঢ়িছে !" ইছৰোৱে নিজৰ অফিচিয়েল ছ'চিয়েল মিডিয়া হেণ্ডেলৰ এটা পোষ্টত এনেদৰে কয় ।

আনহাতে, বিক্ৰম লেণ্ডাৰৰ পৰা ওলাই অহা প্ৰজ্ঞান ৰ'ভাৰৰ প্ৰথমখন ফটো ভাৰত চৰকাৰৰ মহাকাশ বিভাগৰ ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ প্ৰচাৰ আৰু অনুমোদন কেন্দ্ৰৰ (Indian National Space Promotion and Authorization Center, IN-SPACe) অধ্যক্ষ পৱন কে গোৱেংকাই শ্বেয়াৰ কৰিছে ।

"ৰেম্পত লেণ্ডাৰৰ পৰা ওলাই অহা ৰ'ভাৰৰ প্ৰথম ফটো ।" তেওঁ বুধবাৰে নিশা এটা এক্স (পূৰ্বতে টুইটাৰ নামেৰে জনাজাত) পোষ্টত এনেদৰে লিখিছে । ইছৰোৱে সফলতাৰে পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰযান-৩ অৱতৰণ কৰাৰ কেইঘণ্টামান পিছতে এই ফটোখন শ্বেয়াৰ কৰা হৈছে ।

প্ৰজ্ঞান ৰ'ভাৰে চন্দ্ৰত কি কৰিব ?

প্ৰজ্ঞান ৰ'ভাৰত গুণগত আৰু পৰিমাণগত মৌলিক বিশ্লেষণৰ বাবে লেজাৰ ইনহেলেড ব্ৰেকডাউন স্পেক্ট্ৰোস্কোপ (Laser Induced Breakdown Spectroscope, LIBS) প্ৰপালচন মডিউল আছে । ইছৰোৰ সূত্ৰত প্ৰকাশ । ই চন্দ্ৰপৃষ্ঠৰ বিষয়ে আমি বুজিব পৰাকৈ ৰাসায়নিক গঠন আৰু ইনফাৰ মিইনাৰলজিকেল কম্পজিচন আহৰণ কৰাত সহায় কৰিব ।

ইয়াত আলফা কণা এক্স-ৰে স্পেক্ট্ৰোমিটাৰ (Alpha Particle X-ray Spectrometer, APXS) আছে, যিয়ে মেগনেছিয়াম, এলুমিনিয়াম, ছিলিকন, পটাছিয়াম, কেলচিয়াম, টাইটেনিয়াম, চন্দ্ৰমাটিৰ লো আৰু চন্দ্ৰ অৱতৰণ স্থানৰ চাৰিওফালে শিলৰ দৰে মৌলিক গঠন নিৰ্ধাৰণ কৰিব ।

উল্লেখ্য, ইছৰোৱে চন্দ্ৰযান-৩ অভিযানত লেণ্ডাৰ মডিউলৰ সফল ছফ্ট-লেণ্ডিং ঘোষণা কৰাৰ পিছত ভাৰতে ইতিহাস ৰচনা কৰিছে । এই সফলতাই ভাৰতক বিশ্বৰ চতুৰ্থখন দেশ হিচাপে পৰিগণিত কৰিছে, যিয়ে এই বিৰল কৃতিত্ব অৰ্জন কৰিছে । আনহাতে, চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা প্ৰথমখন দেশৰ ইতিহাস ৰচিছে ভাৰতে । ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰ, পূৰ্বৰ ছোভিয়েট ইউনিয়ন আৰু চীনৰ সৈতে অভিজাত মহাকাশ ক্লাবত স্থান লাভ কৰিছে ।

  • Chandrayaan-3 Mission:

    Chandrayaan-3 ROVER:
    Made in India 🇮🇳
    Made for the MOON🌖!

    The Ch-3 Rover ramped down from the Lander and
    India took a walk on the moon !

    More updates soon.#Chandrayaan_3#Ch3

    — ISRO (@isro) August 24, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

চন্দ্ৰযান-৩ ২৪ জুলাইত শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হৈছিল । সফল উৎক্ষেপণৰ পিছত লেণ্ডাৰ মডিউল লুনাৰ অৰ্বিটত উপনীত হৈছিল আৰু ইয়াক সফল স্বয়ংক্ৰিয় অৱতৰণ ক্ৰম আৰম্ভ কৰাত সহায় কৰা প্ৰি-ফেড কমাণ্ড ব্যৱহাৰ কৰি অৱতৰণ কৰা হৈছিল ।

আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইছৰোৰ দলত ভাৰ্চুৱেলী যোগদান কৰে আৰু ভাৰতক মহাকাশীয় মানচিত্ৰত স্থান দিয়াৰ বাবে তেওঁলোকক অভিনন্দন জনায় ।

লগতে পঢ়ক :Successful landing of Chandrayaan-3: গুগলৰ CEO সুন্দৰ পিচাইয়ে অভিনন্দন জনালে ভাৰতীয় বিজ্ঞানীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.