ETV Bharat / bharat

chandrayaan 3: বিক্ৰম লেণ্ডাৰৰ ফটো প্ৰেৰণ কৰিলে প্ৰজ্ঞান ৰ’ভাৰে - ISRO

চন্দ্ৰপৃষ্ঠৰ পৰা আন এখন ফটো প্ৰেৰণ কৰিছে প্ৰজ্ঞান ৰ’ভাৰে ৷ লগতে পোৱা গৈছে বিভিন্ন উপাদানৰ অৱস্থিতিৰ তথ্য ৷ সৱিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদনত ৷

chandrayaan 3
chandrayaan 3
author img

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 5:43 PM IST

নেশ্যনেল ডেস্ক, 30 আগষ্ট: ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই বুধবাৰে পুনৰ তন্দ্ৰপৃষ্ঠৰ এখন ছবি প্ৰকাশ কৰিছে ৷ ৰ’ভাৰ প্ৰজ্ঞানে গ্ৰহণ কৰি প্ৰেৰণ কৰা লেণ্ডাৰ বিক্ৰমৰ ছবি টুইটাৰ হেণ্ডেলত প্ৰকাশ কৰিছে ইছৰ’য়ে ৷

  • Chandrayaan-3 Mission:

    Smile, please📸!

    Pragyan Rover clicked an image of Vikram Lander this morning.

    The 'image of the mission' was taken by the Navigation Camera onboard the Rover (NavCam).

    NavCams for the Chandrayaan-3 Mission are developed by the Laboratory for… pic.twitter.com/Oece2bi6zE

    — ISRO (@isro) August 30, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ছবি প্ৰকাশ কৰি ইছৰ’য়ে টুইটাৰত লিখিছে, ‘‘প্ৰজ্ঞান ৰভাৰে আজি পুৱা বিক্ৰম লেণ্ডাৰৰ এখন ছবি তুলিছিল । এই ছবিখন ৰ’ভাৰত সংযুক্ত নেভিগেশ্যন কেমেৰাৰ দ্বাৰা তুলা হৈছে ৷ চন্দ্ৰযান-3 মিছনৰ বাবে নেভিগেশ্যন কেমেৰা লেবৰেটৰী ফ’ৰ ইলেক্ট্ৰ’-অপ্টিক্স চিষ্টেমৰ (LEOS) দ্বাৰা নিৰ্মাণ কৰা হৈছে ৷’’

ইয়াৰ পূৰ্বে ইছৰ’য়ে চন্দ্ৰপৃষ্ঠত বিভিন্ন ৰাসায়নিক উপাদান থকাৰ কথা প্ৰকাশ কৰিছিল ৷ মঙলবাৰে ইছৰ’ৱে এক টুইটত কয়, ‘‘ইন-চিটু বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা অব্যাহত আছে... ৰভাৰৰ ওপৰত থকা লেজাৰ-প্ৰেৰিত ব্ৰেকডাউন স্পেক্ট্ৰোস্কোপ (LIBS) সঁজুলিটোৱে প্ৰথমবাৰৰ বাবে ইন-চিটু জোখৰ জৰিয়তে দক্ষিণ মেৰুৰ ওচৰৰ চন্দ্ৰপৃষ্ঠত ছালফাৰ (S)ৰ উপস্থিতি স্পষ্টভাৱে নিশ্চিত কৰে ৷ আশা কৰা অনুসৰি Al, Ca, Fe, Cr, Ti, Mn, Si, আৰু O ৰ উপস্থিতি চিনাক্ত কৰা হৈছে ৷’’

উল্লেখ্য যে ভাৰত হৈছে চন্দ্ৰজয় কৰা বিশ্বৰ চতুৰ্থখন দেশ ৷ আমেৰিকা যুক্তৰাষ্ট্ৰ, পূৰ্বৰ ছোভিয়েট ইউনিয়ন আৰু চীনৰ পাছতেই ভাৰতৰ স্থান ৷ আনহাতে চন্দ্ৰযান-3ৰ সফলতাৰ পাছতেই চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা বিশ্বৰ প্ৰথমখন দেশত পৰিণত হ’ল ভাৰত ৷

ভাৰতৰ এই ঐতিহাসিক সফলতাৰ পাছতেই বিশ্বৰ আগশাৰীৰ দেশসমূহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ইছৰ’ৰ বিজ্ঞানীসকলক প্ৰশংসাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে ৷ ইফালে বেংগালুৰুস্থিত ইছৰ’ৰ মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হৈ বিজ্ঞানীসকলক সাক্ষাৎ কৰি অভিনন্দন জ্ঞাপন কৰাৰ লগতে 23 আগষ্টৰ দিনটো ‘ৰাষ্ট্ৰীয় মহাকাশ দিৱস’ হিচাবে প্ৰতিবছৰে পালন কৰা হ’ব বুলি ঘোষণা কৰে ৷ উল্লেখ্য যে 23 আগষ্ট তাৰিখে ভাৰতে চন্দ্ৰৰ দক্ষিণ মেৰুত বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম হৈছিল ৷

লগতে পঢ়ক: ISRO latest update: চন্দ্ৰপৃষ্ঠত পোৱা গৈছে এইসমূহ উপাদান; আছে নেকি হাইড্ৰজেন ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.