নিউজ ডেস্ক, ১১ জুলাই : ভাৰতৰ তৃতীয় চন্দ্ৰ অন্বেষণ অভিযান চন্দ্ৰযান-৩ এলভিএম৩ লঞ্চাৰৰ চতুৰ্থ কাৰ্যকৰী অভিযানত (এম4) উৰা মাৰিবলৈ সাজু হৈছে । চন্দ্ৰপৃষ্ঠত ইয়াৰ চন্দ্ৰ মডিউলৰ দ্বাৰা মসৃণ অৱতৰণ কৰি আৰু চন্দ্ৰৰ ভূখণ্ডত ভ্ৰমণ কৰি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই কেইটামান সীমা অতিক্ৰম কৰাৰ প্ৰয়াস কৰিছে । এই অভিযানটো ইছৰোৰ ভৱিষ্যতৰ আন্তঃগ্ৰহ অভিযানৰ সমৰ্থনকাৰী হ'ব বুলি ধাৰণা কৰা হৈছে ।
ইয়াৰ উপৰি ৰ'ভাৰ আৰু ইন-চিটু বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাই চন্দ্ৰ অভিযানত নতুন মাত্ৰা অৰ্জন কৰিব । ইছৰোৱে ইয়াৰ পথপ্ৰদৰ্শক পৰীক্ষাৰ জৰিয়তে চন্দ্ৰক আমাৰ ওচৰলৈ অনাৰ পৰিকল্পনা কৰিছে । অভিযানটো ১০ টা পৰ্যায়ত সম্পন্ন কৰা হ'ব; ১. পৃথিৱীকেন্দ্ৰিক পৰ্যায়টো হ'ব 'প্ৰথম পৰ্যায়'; ২. চন্দ্ৰ স্থানান্তৰ পৰ্যায় হ'ব 'দ্বিতীয় পৰ্যায়'; ৩. চন্দ্ৰকেন্দ্ৰিক পৰ্যায়ত ৩-১০ টা পৰ্যায় থাকিব ।
১. পৃথিৱীকেন্দ্ৰিক পৰ্যায় (পৰ্যায়-১) :
প্ৰাক-উৎক্ষেপণ পৰ্যায়
উৎক্ষেপণ আৰু আৰোহণ পৰ্যায়
পৃথিৱী-আবদ্ধ কৌশল পৰ্যায় (Earth-bound Manoeuvre Phase)
২. চন্দ্ৰ স্থানান্তৰ পৰ্যায় (পৰ্যায়-২) :
স্থানান্তৰ গতিপথ পৰ্যায়
৩. চন্দ্ৰকেন্দ্ৰিক পৰ্যায় :
লুনাৰ অৰ্বিট ইনচাৰচন ফেজ (LOI)-(পৰ্যায়-৩)
চন্দ্ৰ-আবদ্ধ কৌশল পৰ্যায় (Moon-bound Manoeuvre Phase) (পৰ্যায়-4)
পিএম আৰু লুনাৰ মডিউল পৃথকীকৰণ (পৰ্যায়-৫)
ডি-বুষ্ট পৰ্যায় (De-boost Phase) (পৰ্যায়-৬)
প্ৰাক-অৱতৰণ পৰ্যায় (পৰ্যায়-৭)
অৱতৰণ পৰ্যায় (পৰ্যায়-৮)
লেণ্ডাৰ আৰু ৰ'ভাৰৰ বাবে স্বাভাৱিক পৰ্যায় (পৰ্যায়-৯)
চন্দ্ৰকেন্দ্ৰিক স্বাভাৱিক কক্ষপথ পৰ্যায় (১০০ কিঃমিঃ বৃত্তাকাৰ কক্ষপথ) - প্ৰপালচন মডিউলৰ বাবে (পৰ্যায়-১০)
চন্দ্ৰযান-৩-ত আন্তঃগ্ৰহ অভিযানৰ বাবে প্ৰয়োজনীয় নতুন প্ৰযুক্তি বিকশিত আৰু প্ৰদৰ্শন কৰাৰ বাবে এক থলুৱা প্ৰপালচন মডিউল, এটা লেণ্ডাৰ মডিউল আৰু এটা ৰ'ভাৰ আছে । প্ৰপালচন মডিউলটোৱে লেণ্ডাৰ আৰু ৰ'ভাৰক ইনজেকচন অৰবিটৰ পৰা ১০০ কিলোমিটাৰ চন্দ্ৰ কক্ষপথলৈ লৈ যাব । প্ৰপালচন মডিউলৰ মুখ্য কাম হৈছে উৎক্ষেপণ বাহনৰ ইজেকচন অৰবিটৰ পৰা লেণ্ডাৰ পৃথকীকৰণলৈকে এলএম কঢ়িয়াই নিয়া ।
এলভিএম৩ হৈছে ইছৰোৰ কাৰ্যকৰী হেভি-লিফ্ট উৎক্ষেপণ বাহন আৰু একেৰাহে ৬ টা সফল অভিযান সম্পূৰ্ণ কৰাৰ এক চমৎকাৰ ৰেকৰ্ড আছে । এয়া হৈছে এলভিএম৩-ৰ চতুৰ্থ কাৰ্যকৰী উৰণ, যাৰ উদ্দেশ্য হৈছে চন্দ্ৰযান-৩ মহাকাশযানক জিঅ' ট্ৰেন্সফাৰ অৰ্বিটলৈ (Geo Transfer Orbit, GTO) উৎক্ষেপণ কৰা । এলভিএম৩-য়ে আটাইতকৈ জটিল অভিযান সফলতাৰে সম্পন্ন কৰাৰ ৰেকৰ্ড আছে । ইায়ৰ ভিতৰত-
- মাল্টি-চেটেলাইট ইনজেক্টিং (Injecting multi-satellites) ।
- পুনৰ-অভিমুখীকৰণ আৰু বেগ সংযোজন কৌশলৰ জৰিয়তে পৃথক উপগ্ৰহৰ মাজত সুৰক্ষিত আপেক্ষিক দূৰত্ব নিশ্চিত কৰাৰ বাবে মিছন পৰিকল্পনা ।
- মাল্টি অৰ্বিট (LEO, MEO, GEO) আৰু আন্তঃগ্ৰহ অভিযান সম্পাদন কৰা ।
- ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় গ্ৰাহক উপগ্ৰহ কঢ়িয়াই নিয়া ভাৰতৰ আটাইতকৈ ডাঙৰ আৰু গধুৰ উৎক্ষেপণ বাহন ।
শ্ৰীহৰিকোটাত সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ দ্বিতীয় উৎক্ষেপণ পেডৰ (SLP) পৰা এলভিএম৩-এম৪ উৎক্ষেপণ কৰা হ'ব । এলভিএম৩-এম৪-ৰ পেলোড ভৰ (payload mass) হৈছে ৩৮৯৫ কিঃগ্ৰাঃ আৰু ই ৪৩.৫ মিটাৰ উচ্চতাত আছে । চন্দ্ৰযান-৩-য়ে ইয়াৰ 'লঞ্চ ৰিহাৰ্চেল' (উৎক্ষেপণ আখৰা) সমাপ্ত কৰিছে । ভাৰতীয় সময় অনুসৰি ১৪ জুলাইৰ দুপৰীয়া ২.৩৫ বজাত ইয়াৰ উৎক্ষেপণৰ বাবে সময় নিৰ্ধাৰণ কৰা হৈছে ।
লগতে পঢ়ক : Chandrayaan 3 launch : চন্দ্ৰত মহাকাশযান অৱতৰণ কৰা চতুৰ্থ দেশ হোৱাৰ দিশে ভাৰত