ETV Bharat / bharat

Rahul Gandhi Accused PM Modi : অ'বিচি প্ৰসংগত বিজেপিক তীব্ৰ আক্ৰমণ ৰাহুলৰ - Chhattisgarh election 2023

ছত্তীশগড়ত ৰাহুল গান্ধীয়ে বিজেপি চৰকাৰক লক্ষ্য কৰি গুৰুতৰ অভিযোগ উত্থাপন কৰে । তেওঁৰ মতে মোদী চৰকাৰে অ'বিচি শ্ৰেণীক প্ৰতাৰণা কৰি আহিছে । তেওঁ জাতিগত লোকপিয়লৰো দাবী কৰে ।

Rahul Gandhi Accused PM Modi
অ'বিচি প্ৰসংগত বিজেপিক তীব্ৰ আক্ৰমণ ৰাহুলৰ
author img

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 6:09 PM IST

নেশ্যনেল ডেস্ক,২৫ ছেপ্টেম্বৰ : দেশৰ নিৰ্বাচনমুখী ৰাজ্যসমূহত ৰাজনৈতিক নেতাসকলৰ বাকযুদ্ধ আৰম্ভ হৈছে । কেতিয়াবা যদি বিজেপি, কেতিয়াবা আকৌ কংগ্ৰেছ দলৰ নেতাসকলে ৰাজ্যসমূহত উপস্থিত হৈ ভোটাৰক আকৰ্ষণৰ চেষ্টা চলাইছে । তাৰ মাজতে দলীয় নেতাসকলৰ বাকযুদ্ধই বিশেষ চৰ্চা লাভ কৰিছে । ছত্তীশগড় বিধানসভা নিৰ্বাচনৰো ৰাজনৈতিক যুঁজ আৰম্ভ হৈছে । সোমবাৰে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে ছত্তীশগড় ভ্ৰমণ কৰে । তেওঁ বিলাসপুৰত ছত্তীশগড় গ্ৰাম্য গৃহ ন্যায় আঁচনিৰ শুভাৰম্ভ কৰে । বিলাসপুৰত তেওঁ অ'বিচি শ্ৰেণীৰ বিষয়টো উত্থাপন কৰে আৰু মোদী চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে ।

  • LIVE: आवास न्याय सम्मेलन | बिलासपुर, छत्तीसगढ़ https://t.co/X1vqr7mjwu

    — Rahul Gandhi (@RahulGandhi) September 25, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

অ'বিচি সম্প্ৰদায়ৰ প্ৰসংগত তেওঁ পোনপটীয়াকৈ মোদী চৰকাৰক লক্ষ্য কৰি লয় । ৰাহুল গান্ধীয়ে অভিযোগ কৰা মতে এতিয়া এটা নতুন সমস্যাৰ উদ্ভৱ হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী য'তেই যায়, তেওঁ অ'বিচি শ্ৰেণীৰ বিষয়ে কয় । কংগ্ৰেছ দলে জাতিগত লোকপিয়লৰ আয়োজন কৰিছিল । ভাৰতত প্ৰতিটো জাতিৰ কিমানগৰাকী লোক আছে ? তাত উল্লেখ আছে । ৰাহুল গান্ধীৰ মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই তথ্যসমূহ ৰাইজক দেখুৱাব নিবিচাৰে ।

ৰাহুল গান্ধীৰ গুৰুতৰ অভিযোগ বিজেপিয়ে অ'বিচি সম্প্ৰদায়ৰ লোকক প্ৰতাৰণা কৰিছে । চৰকাৰে আঁচনিসমূহত দলিত আৰু মহিলাসকলৰ অংশগ্ৰহণ বন্ধ কৰিবলৈ কাম কৰি আছে । কংগ্ৰেছ নেতাগৰাকীৰ অভিযোগ অনুসৰি বিজেপি চৰকাৰৰ ৯০ গৰাকী সচিবৰ ভিতৰত মাত্ৰ ৩ জন হে অ'বিচি শ্ৰেণীৰ ।

ৰাহুল গান্ধীয়ে পুনৰ মোদী চৰকাৰক আক্ৰমণ কৰি কয় তেওঁ সংসদত প্ৰশ্ন কৰিছিল প্ৰধানমন্ত্ৰীয়ে কিয় জাতিগত লোকপিয়ল ভয় কৰে । আনহাতে ৰাহুল গান্ধীয়ে বিলাসপুৰৰ পৰা দেশবাসীক প্ৰতিশ্ৰুতি দি কয় যে যদি কেন্দ্ৰত তেওঁৰ চৰকাৰ গঠন কৰা হয়, তেন্তে তেওঁ জাতিগত লোকপিয়ল অনুষ্ঠিত কৰিব । ৰাজস্থান হওঁক, হিমাচল হওঁক বা ছত্তীশগড় হওঁক কংগ্ৰেছ দলে য'তে চৰকাৰ চলাই দলটোৱে মানুহৰ বাবে কাম কৰে ।

কৰ্ণাটকত দিয়া ঐতিহাসিক ৫ টা প্ৰতিশ্ৰুতিও কংগ্ৰেছে পূৰণ কৰিছে বুলি তেওঁ দাবী কৰে । কংগ্ৰেছ চৰকাৰ ৰিম'ট কণ্ট্ৰোলৰ দ্বাৰা পৰিচালিত নহয় । ৰাহুল গান্ধীৰ মতে কংগ্ৰেছৰ চৰকাৰ হৈছে কৃষক, দলিত আৰু পিছপৰা শ্ৰেণীৰ চৰকাৰ ।

লগতে পঢ়ক :PM Modi slams Congress : 'চহৰৰ মাওবাদীয়ে চলাই আছে দেউলীয়া কংগ্ৰেছ দল'-প্ৰধানমন্ত্ৰী মোদী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.