ETV Bharat / bharat

চিকিৎসা বিশেষজ্ঞৰ তিনিজনীয়া দলক ইলুৰুলৈ প্ৰেৰণ কৰিলে কেন্দ্ৰই

সোমবাৰে উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনৰ সৈতে আলোচনা কৰাৰ পিছতে আজি চিকিৎসা বিশেষজ্ঞৰ তিনিজনীয়া দলক কেন্দ্ৰীয় চৰকাৰে অন্ধ্ৰ প্ৰদেশৰ ইলুৰুলৈ প্ৰেৰণ কৰে । বিগত কিছুদিন ধৰি ইলুৰুত বহু অসুস্থ শিশু চিকিৎসাধীন হৈ আছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী আৰু AIIMSৰ সঞ্চালকে উপ-ৰাষ্ট্ৰপতিগৰাকীক আশ্বাস দিয়ে যে তেজৰ নমুনা পৰীক্ষণৰ ফলাফল লাভ কৰাৰ পিছতে ৰোগ সম্বন্ধে নিশ্চিত হৈ চিকিৎসা সেৱা আগবঢ়োৱা হ'ব ।

চিকিত্সা বিশেষজ্ঞৰ তিনিজনীয়া দলক ইলুৰুলৈ প্ৰেৰণ

author img

By

Published : Dec 8, 2020, 4:55 PM IST

নেশ্যনেল ডেস্ক, ৮ ডিচেম্বৰ: কেন্দ্ৰীয় চৰকাৰে অন্ধ্ৰ প্ৰদেশৰ ইলুৰুলৈ প্ৰেৰণ কৰিছে চিকিত্সা বিশেষজ্ঞৰ তিনিজনীয়া দলক । এই দলটোত আছে AIIMSৰ সহকাৰী অধ্যাপক ডাঃ জামছেদ নায়াৰ, এন আই ভি পুণেৰ ভিৰ'ল'জিষ্ট ডাঃ অৱিনাশ ডিঅ'শটাৱৰ আৰু দিল্লীস্থিত এন চি ডি চিৰ উপ-সঞ্চালক ডাঃ সংকেত কুলকাৰ্ণী । অন্ধ্ৰ প্ৰদেশৰ ইলুৰুত বিগত কিছুদিন ধৰি ইলুৰুত বহু অসুস্থ শিশু চিকিত্সাধীন হৈ থকাৰ বিষয়ে সোমবাৰে উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনৰ সৈতে আলোচনা কৰাৰ পিছতে চিকিত্সা বিশেষজ্ঞৰ দলটোক ইলুৰুলৈ প্ৰেৰণ কৰা হয় ।

এক বিবৃত্তিযোগে প্ৰকাশ প্ৰকাশ কৰা হৈছে যে, ইলুৰুত ৩০০ৰো অধিক শিশু অচিন ৰোগত আক্ৰান্ত হোৱা বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে সঠিক তথ্য লাভৰ বাবে জিলা উপায়ুক্তৰে বাৰ্তালাপ কৰে । ইয়াৰ পিছতে তেওঁ মংগলাগিৰিস্থিত AIIMSৰ সঞ্চালক আৰু দিল্লীস্থিত AIIMSৰ সঞ্চালকৰ সৈতে আলোচনা কৰে আৰু শিশুসকলৰ তেজৰ নমুনা দিল্লীলৈ প্ৰেৰণ কৰাৰ বিষয়ে অৱগত হয় । সঞ্চালকদ্বয়ৰ সৈতে আলোচনা কৰাৰ পিছতে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনৰ সৈতেও এই বিষয়ে আলোচনা কৰে ।

অসুস্থ শিশুসকলৰ চিকিৎসালয়ৰ বাবে প্ৰয়োজনীয় সকলো সহায় কৰিবলৈ নিৰ্দেশ দিয়ে । স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰে যে, তেজৰ নমুনা পৰীক্ষাৰ ফলাফল লাভ কৰাৰ পিছতে ৰোগৰ কাৰণ সম্পৰ্কে জানিবলৈ সকলো ব্যৱস্থা কৰা হ'ব । AIIMSৰ সঞ্চালক আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে উপ-ৰাষ্ট্ৰপতিক জনায় যে, নমুনা পৰীক্ষণৰ ফলাফল লাভ কৰাৰ পিছতে ৰোগ নিৰ্মূলৰ বাবে চিকিৎসালয় আগবঢ়োৱা হ'ব । জিলা উপায়ুক্ত ৰেয়ু ম্যুটলা ৰাজুৱে উপ-ৰাষ্ট্ৰপতিগৰাকীক জনায় যে, শিশুসকলৰ ৰোগৰ বিষয়ে জানিবলৈ প্ৰয়াস অব্যাহত আছে । তেওঁ কয় যে, কৃষ্ণা আৰু গুণ্টুৰ জিলাত স্বাস্থ্য কৰ্মীয়ে সেৱা আগবঢ়াইছে আৰু ঘৰে ঘৰে সমীক্ষা চলাইছে ।

চিকিৎসালয়ধীন হৈ থকা শিশুসকল মূৰঘূৰণি, সংজ্ঞাহীন হৈ পৰা, মূৰৰ বিষ, বমি আদি ৰোগত ভূগি আছে । দেওবাৰে ইলুৰুত AIIMSৰ বিহ নিয়ন্ত্ৰণ দলে চিকিৎসকৰ সৈতে আলোচনা কৰাৰ বিষয়েও উপ-ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰা হৈছে । পশ্চিম গোদাবৰীৰ জিলা উপায়ুক্তই দখিল কৰা এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, বৰ্তমান ৩৪০ গৰাকী শিশু অসুস্থ হৈ আছে আৰু ইয়াৰ ভিতৰত ১৫৭ জনৰ বৰ্তমান চিকিৎসালয় চলি আছে । এই প্ৰতিবেদনৰ মতে, এজনৰ মৃত্যু হৈছে আৰু ১৬৮ জনক ঘৰলৈ যাবলৈ দিয়া হৈছে । বিশেষজ্ঞসহ ৫৬ গৰাকী চিকিৎসকে এতিয়া চিকিৎসা সেৱা আগবঢ়াই আছে ৰোগীক । ইয়াৰ উপৰিও এই বিষয়ে অধিক তথ্য লাভ কৰাৰ বাবে ৫৭,৮৬৩ টা গৃহত সমীক্ষা চলাইছে স্বাস্থ্য কৰ্মীৰ দলে ।

লগতে পঢ়ক:ভৱন নিৰ্মাণ যোজনাক চূড়ান্ত ৰূপ দিয়াৰ বাবে ৰাম মন্দিৰ নিৰ্মাণ কমিটীৰ চেষ্টা অব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.