ETV Bharat / bharat

Judiciary vs Executive: চৰকাৰী কৰ্মচাৰী কিদৰে উপস্থিত হ’ব লাগিব আদাতত ! কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিব SOP - কেন্দ্ৰীয় চৰকাৰ

চৰকাৰী কৰ্মচাৰীসকল আদালতত হাজিৰ হোৱাৰ ক্ষেত্ৰত শীঘ্ৰেই কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিব এখন SOP ৷ এই SOP অনুসৰি চৰকাৰী কৰ্মচাৰীসকলক আদদলততে প্ৰথম সুবিধা প্ৰদান কৰিব লাগিব ভিডঅ’ কনফাৰেন্সিঙৰ ৷ আৰু কি কি আছে এই SOPত, সৱিশেষ পঢ়ক এই প্ৰতিবেদনত...

Judiciary vs Executive
Judiciary vs Executive
author img

By

Published : Aug 16, 2023, 10:03 PM IST

নেশ্যনেল ডেস্ক, 16 আগষ্ট: কেন্দ্ৰীয় চৰকাৰে চৰকাৰী বিষয়াসকলৰ বাবে যিকোনো ন্যায়িক প্ৰক্ৰিয়াত উপস্থিত থকাৰ ক্ষেত্ৰত এক বিশেষ SOP প্ৰকাশৰ প্ৰস্তাৱ আগবঢ়াইছে ৷ ন্যায়িক আদেশ পালনৰ সামগ্ৰিক মানদণ্ড উন্নত কৰাৰ বাবে আৰু ন্যায়পালিকা আৰু চৰকাৰৰ মাজৰ সম্পৰ্ক উন্নত কৰাৰ বাবে প্ৰস্তুত কৰা প্ৰস্তাৱিত SOPয়ে আদালতত চৰকাৰী প্ৰতিনিধিৰ উপস্থিতিৰ বাবে এক সংগঠিত পৰিকাঠামো স্থাপন কৰিব ৷

প্ৰস্তাৱিত SOP অনুসৰি, যেতিয়া আদালতত চৰকাৰী বিষয়া এজনৰ উপস্থিতি প্ৰয়োজন, তেওঁলোকৰ উপস্থিতিৰ বাবে পৰ্যাপ্ত সময় নিৰ্ধাৰণ কৰি আগতীয়াকৈ উপযুক্ত জাননী প্ৰদান কৰিব লাগিব । SOPখনে আদালতক চৰকাৰী বিষয়াৰ শাৰীৰিক ৰূপ, পোছাক, শৈক্ষিক পৃষ্ঠভূমি বা সামাজিক স্থিতিৰ ওপৰত মন্তব্য দিয়াৰ পৰা বিৰত ৰাখিব ৷

কেন্দ্ৰীয় চৰকাৰে এই এছঅ'পিৰ জৰিয়তে ন্যায়পালিকা আৰু চৰকাৰৰ মাজত এক অনুকূল পৰিৱেশ গঢ়ি তোলাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে । ই আদালতক ভিডিঅ' কনফাৰেন্সিংৰ জৰিয়তে চৰকাৰী বিষয়াসকলৰ উপস্থিতি সহজ কৰাৰো পোষকতা কৰে ৷ এজন ব্যক্তিগৰ উপস্থিতি অনিবাৰ্য বুলি গণ্য কৰিলেহে তেওঁ আদালতত ন্যায়িক প্ৰক্ৰিয়াৰ বাবে উপস্থিত থাকিব ৷

প্ৰস্তাৱিত SOP অনুসৰি যিবোৰ বিষয়ত চৰকাৰী বিষয়া এজনৰ ব্যক্তিগত উপস্থিতিৰ প্ৰয়োজন হয়, প্ৰথম বিকল্পটো হ’ব লাগে ভিডিঅ' কনফাৰেন্সিংৰ অনুমতি দিয়া । নিৰ্ধাৰিত শুনানিৰ কমেও এদিন আগতে ভিডিঅ' কনফাৰেন্সৰ বাবে নিমন্ত্ৰণ লিংক প্ৰেৰণ কৰিব লাগিব । SOPয়ে লগতে পৰামৰ্শ দিয়ে যে চৰকাৰী বিষয়াসকলে নিজে মাৰ্জিত পোছাক পৰিধান কৰি আদালত উপস্থিত হ’ব লাগে ৷

প্ৰস্তাৱিত SOPয়ে কয় যে চৰকাৰী বিষয়াসকল আদালতৰ বিষয়া নহয় আৰু এনেদৰে তেওঁলোকৰ উপস্থিতিত পেছাদাৰীতা আৰু সন্মানৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিব লাগিব ৷ কেন্দ্ৰীয় চৰকাৰৰ বাহিৰত প্ৰভাৱ থকা ৰাজহুৱা নীতিৰ বিষয়বোৰৰ ক্ষেত্ৰত SOPয়ে পৰামৰ্শ দিয়ে যে ব্যক্তিগত প্ৰতিনিধিত্বৰ ওপৰত ৰায় ঘোষণা কৰাৰ আগতে ইয়াৰ বহল পৰিপ্ৰেক্ষিতত আইনী বিষয়টো সমাধান কৰিবলৈ সাৱধানতা অৱলম্বন কৰিব লাগে ৷

কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপৰ উদ্দেশ্য হৈছে এক আন্তঃগাঁথনি সৃষ্টি কৰা যি ন্যায়পালিকা আৰু কাৰ্যবাহী শাখাৰ মাজত এক সন্মানজনক আৰু দক্ষ সম্পৰ্ক গঢ়ি তোলাৰ সময়ত আদালতত উপস্থিত হৈ চৰকাৰী বিষয়াসকলৰ মৰ্যাদা আৰু পেছাদাৰীতা নিশ্চিত কৰে ৷

লগতে পঢ়ক: Article 370 hearing: ৰাজ্যসমূহৰ স্বায়ত্তশাসন সংবিধানৰ বাবে মৌলিক; ৰাষ্ট্ৰপতি শাসন সংশোধনৰ বাবে নহয়; উচ্চতম ন্যায়ালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.