ETV Bharat / bharat

পিএম গৰীৱ কল্যাণ অন্ন যোজনা পুনৰ ৫ বছৰলৈ বৃদ্ধি

author img

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 4:20 PM IST

কেন্দ্ৰীয় চৰকাৰে পুনৰ পিএমজিকেএ আঁচনি সম্প্ৰসাৰিত কৰিছে । ইয়াৰ অধীনত দৰিদ্ৰ পৰিয়ালবোৰক প্ৰতিমাহে ৫ কিলোগ্ৰামকৈ বিনামূলীয়া খাদ্যশস্য বিতৰণ কৰা হয় । কৰোনা ভাইৰাছ মহামাৰীৰ সময়ত প্ৰৱৰ্তন কৰা পিএমজিকেএ আঁচনি পূৰ্বতেও কেইবাবাৰো সম্প্ৰসাৰিত কৰা হৈছিল ।

Pradhan Mantri Garib Kalyan Anna Yojana
পিএম গৰীৱ কল্যাণ অন্ন যোজনা পুনৰ ৫ বছৰলৈ বৃদ্ধি

নিউজ ডেস্ক, ২৯ নৱেম্বৰ : কেন্দ্ৰীয় চৰকাৰে চৰকাৰে পিএমজিকেৱাই আঁচনিখন আৰু পাঁচ বছৰৰ বাবে সম্প্ৰসাৰণ কৰিছে । এই আঁচনিৰ অধীনত প্ৰায় ৮০ কোটি দৰিদ্ৰ লোকক প্ৰতিমাহে ৫ কিলোগ্ৰামকৈ বিনামূলীয়া খাদ্যশস্য প্ৰদান কৰা হৈ আহিছে । মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত এই সন্দৰ্ভত এক সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

বুধবাৰে ইয়াৰ তথ্য প্ৰদান কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে কয় যে প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা (পিএমজিকেৱাই) ১ জানুৱাৰী, ২০২৪ চনৰ পৰা আৰু পাঁচ বছৰৰ বাবে বৃদ্ধি কৰা হৈছে । ইয়াৰ পূৰ্বে আঁচনিখন ৩১ ডিচেম্বৰ, ২০২৩ চনলৈ বৃদ্ধি কৰা হৈছিল । মন্ত্ৰীগৰাকীয়ে লগতে কয় যে পৰৱৰ্তী পাঁচ বছৰত আঁচনিখনৰ বাবদ প্ৰায় ১১.৮ লাখ কোটি টকা ব্যয় হ'ব ।

উল্লেখ্য যে পিএমজিকেএ আঁচনি ২০২০ চনত কৰোনা মহামাৰীৰ সময়ত মহামাৰী সাহায্য ব্যৱস্থা হিচাপে প্ৰৱৰ্তন কৰা হৈছিল । এই আঁচনিত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ (এনএফএছএ) অধীনত ৫ কিলোগ্ৰাম ৰাজসাহায্যযুক্ত খাদ্যশস্যৰ উপৰি প্ৰতিমাহে প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে ৫ কিলোগ্ৰাম বিনামূলীয়া খাদ্যশস্য প্ৰদান কৰা হৈছিল ।

২০২২ চনৰ ডিচেম্বৰ মাহত এই আঁচনিখনৰ ম্যাদ সমাপ্ত হয় যদিও তাৰ পৰৱৰ্তী সময়ত একাধিকবাৰ সম্প্ৰসাৰণৰ পিছত পিএমজিকেএ সমাপ্ত হয় । পিছত ইয়াক এনএফএছএৰ অধীনত অন্তৰ্ভুক্ত কৰা হয় । এই আঁচনিত এবছৰৰ বাবে বিনামূলীয়া ৰেচন প্ৰদান কৰা হৈছিল । কেন্দ্ৰীয় চৰকাৰে দৰিদ্ৰ লোকসকললৈ খাদ্যশস্যৰ বিতৰণ অধিক সম্প্ৰসাৰিত কৰাৰ বাবে জনসাধাৰণৰ কল্যাণ সম্পৰ্কীয় বিভিন্ন বিষয় বিবেচনা কৰি নতুন সম্প্ৰসাৰণৰ সিদ্ধান্ত লোৱা বুলি প্ৰকাশ ।

লগতে পঢ়ক :উত্তৰকাশী উদ্ধাৰ অভিযান বিশ্বৰ আটাইতকৈ দীঘলীয়া মানৱ উদ্ধাৰ অভিযানৰ অন্যতম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.