ETV Bharat / bharat

ই-কমাৰ্চ বিধি 2020: 21 জুলাইলৈ প্ৰকাশ কৰিব পাৰিব মন্তব্য

author img

By

Published : Jul 6, 2021, 12:54 PM IST

খাদ্য আৰু যোগান বিভাগে উপভোক্তা সুৰক্ষা (E-Commerce) বিধি 2020 ৰ সংশোধনী সন্দৰ্ভত অফিচিয়েল লিংকত উপলব্ধ মন্তব্য আৰু পৰামৰ্শসমূহ পৰ্যবেক্ষণ কৰি আছে ৷ উপভোক্তা সুৰক্ষা (E-Commerce) বিধি 2020’ৰ প্ৰস্তাৱিত সংশোধনীৰ সন্দৰ্ভত ৰাইজৰ মন্তব্য প্ৰকাশৰ সময়সীমা 21 জুলাইলৈ বৃদ্ধি কৰা হৈছে ৷

Centre extends deadline for suggestions on draft e-commerce rules till July 21
ই-কমাৰ্চ বিধি 2020: 21 জুলাইলৈ প্ৰকাশ কৰিব পাৰিব আপোনাৰ মন্তব্য

নেশ্যনেল ডেস্ক, 6 জুলাই : কেন্দ্ৰীয় চৰকাৰে ‘উপভোক্তা সুৰক্ষা (E-Commerce) বিধি 2020’ ৰ প্ৰস্তাৱিত সংশোধনীৰ সন্দৰ্ভত ৰাইজৰ মন্তব্য প্ৰকাশৰ সময়সীমা 21 জুলাইলৈ বৃদ্ধি কৰিছে ৷ সোমবাৰে খাদ্য আৰু যোগান মন্ত্ৰণালয়ে এক আনুষ্ঠানিক বিবৃতিযোগে প্ৰকাশ কৰে যে, ‘উপভোক্তা সুৰক্ষা আইন 2019 (2019ৰ 35) ৰ ধাৰা 101 ৰ উপধাৰাৰ উপশাখা 1 প্ৰদত্ত ক্ষমতাসমূহ প্ৰয়োগ কৰি কেন্দ্ৰীয় চৰকাৰে 2020 চনৰ 23 জুলাইত উপভোক্তা সুৰক্ষা (E-Commerce) বিধি 2020 জাৰি কৰে ৷ খাদ্য আৰু যোগান বিভাগে উপভোক্তা সুৰক্ষা (E-Commerce) বিধি 2020ৰ সংশোধনী সন্দৰ্ভত অফিচিয়েল লিংকত উপলব্ধ মন্তব্য আৰু উপদেশসমূহ পৰ্যবেক্ষণ কৰি আছে ৷

খাদ্য আৰু যোগান বিভাগৰ সচিব অধীনত কৰ্মৰত বিষয়া জয়শ্ৰী নাৰায়ণনে কয়, ই-কমাৰ্চ বিধি (E-Commerce rules)সন্দৰ্ভত ৰাইজে 21 জুলাইলৈ মন্তব্য আৰু পৰামৰ্শ আগবঢ়াব পাৰিব ৷ অফিচিয়েল লিংকত ক্লিক কৰি অথবা মেইলৰ জৰিয়তে নিজৰ মত প্ৰকাশ কৰিব পাৰিব যিকোনো ব্যক্তিয়ে ৷ উল্লেখ্য যে, E-Commerceৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অবৈধ ব্যৱসায়ৰ কাৰ্যকলাপ ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে 2020 চনৰ 23 জুলাইৰ পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ উপভোক্তা সুৰক্ষা (E-Commerce) বিধি 2020 জাৰি কৰিছিল ৷

এই বিধিসমূহ জাৰি কৰাৰ দিনৰে পৰা চৰকাৰে ই-কমাৰ্চৰ ক্ষেত্ৰত সন্মুখীন হৈ অহা ভুক্তভোগী উপভোক্তা, ব্যৱসায়ীৰ লগতে প্ৰতিষ্ঠানৰ পৰা বিভিন্ন ধৰণৰ প্ৰতাৰণা আৰু অবৈধ বাণিজ্যিক কাৰ্যকলাপৰ বিষয়ে অভিযোগ লাভ কৰি আহিছিল ৷

ব্যৱসায়ৰ ক্ষেত্ৰত সন্মুখীন হোৱা এনেধৰণৰ তিক্ত অভিজ্ঞতাই উপভোক্তাৰ লগতে বজাৰৰ ব্যৱসায়িক সংবেদনত ঋণাত্মক প্ৰভাৱ পেলায় ৷ উপভোক্তাসকলৰ ইচ্ছাক সুৰক্ষিত কৰা, তেওঁলোকক শোষণৰ পৰা দূৰত ৰখা, বজাৰত মুক্ত আৰু নিকা প্ৰতিযোগিতা সৃষ্টিৰ উদ্দেশ্যে ভাৰত চৰকাৰে সংশোধিত উপভোক্তা সুৰক্ষা (E-Commerce) বিধি 2020 ৰ এক খচৰা প্ৰকাশ কৰে ৷ প্ৰস্তাৱিত এই সংশোধনসমূহে ই-কমাৰ্চ (E-Commerce) প্লেটফৰ্মসমূহত স্বচ্ছতা অনাৰ লগতে অন্যায়ভাৱে বাণিজ্য প্ৰথা নিয়ন্ত্ৰণ ব্যৱস্থাক আৰু অধিক জোৰদাৰ কৰি তোলে ৷

লগতে পঢ়ক- কেবিনেট সম্প্ৰসাৰণ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.