ETV Bharat / bharat

অৰুণাচলৰ তিনিখন জিলাত পুনৰ ৬ মাহলৈ বলৱৎ AFSPA

author img

By

Published : Apr 1, 2022, 12:22 PM IST

শেহতীয়াকৈ উত্তৰ-পূৱৰ কেইবাখনো ৰাজ্যৰ কেইবাটাও অঞ্চলত AFSPA প্ৰত্যাহাৰ কৰা হৈছে । অৱশ্যে অৰুণাচল প্ৰদেশৰ তিনিখন জিলাক পুনৰ ৬ মাহলৈ অশান্ত অঞ্চল হিচাপে ঘোষণা কৰা হৈছে (3 districts of Arunachal Pradesh declared disturbed areas)। অসম সীমান্তৰ নামচাই আৰু মহাদেৱপুৰ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলতো AFSPAৰ ম্যাদ বৃদ্ধি কৰিছে ।

AFSPA
অৰুণাচলৰ তিনিখন জিলাত ৬ মাহলৈ AFSPA সম্প্ৰসাৰণ

নেশ্যনেল ডেস্ক,১ এপ্ৰিল : অৰুণাচল প্ৰদেশৰ তিনিখন জিলা ক্ৰমে তিৰাপ, চাংলাং আৰু লংডিঙত সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইনৰ (Armed Forces Special Powers Act) ম্যাদ পুনৰ ৬ মাহলৈ বৃদ্ধি কৰে (Centre extends AFSPA in 3 districts of Arunachal Pradesh)। গৃহ মন্ত্ৰালয়ে জাৰী কৰা জাননী অনুসৰি তিনিওখন জিলাত ১ এপ্ৰিলৰ পৰা ৩০ ছেপ্টেম্বৰলৈ সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন কাৰ্যকৰী হৈ থাকিব । ইয়াৰ উপৰিও অৰুণাচলৰ নামচাই আৰু মহাদেৱপুৰ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলতো AFSPA সম্প্ৰসাৰণ কৰিছে ।

তিনিওখন জিলা আৰু অসমৰ সীমান্তৱৰ্তী নামচাই আৰু মহাদেৱপুৰ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলবোৰক কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে অশান্ত অঞ্চল হিচাপে ঘোষণা কৰিছে (3 districts of Arunachal Pradesh declared disturbed areas)। AFSPA ৰ অৰ্থ হৈছে নিৰাপত্তা বাহিনীয়ে কোনো ৱাৰেণ্ট অবিহনে এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিব পাৰে আৰু আন কিছুমান ক্ষেত্ৰত ৱাৰেণ্ট অবিহনে কোনো চৌহদত প্ৰৱেশ বা অনুসন্ধান কৰাৰ বাবে নিৰাপত্তা বাহিনীক ক্ষমতা প্ৰদান কৰা হয় । ইফালে কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে নাগালেণ্ড, অসম আৰু মণিপুৰৰ বহু অঞ্চলত AFSPA প্ৰত্যাহাৰ কৰা হৈছে ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বৃহস্পতিবাৰে এই বিষয়ে সদৰি কৰি কয় যে, কেন্দ্ৰীয় চৰকাৰে এই তিনিওখন ৰাজ্যত আইন-শৃংখলা জনিত পৰিস্থিতি উন্নত হোৱা বাবে সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন কিছু অঞ্চলৰ পৰা উঠাই লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ইফালে বিগত ডিচেম্বৰ মাহৰ ৪ তাৰিখে নাগালেণ্ডৰ মন জিলাৰ অ’টিং বস্তিত আছাম ৰাইফলচৰ দ্বাৰা সংঘটিত হোৱা নৰসংহাৰৰ পাছতেই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতেই এই সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন বিৰোধী আন্দোলনে ভয়ংকৰ ৰূপ লোৱা দেখা গৈছিল ।

লগতে পঢ়ক :অসম, মণিপুৰ আৰু নাগালেণ্ডৰ কিছু অঞ্চলৰ পৰা বাতিল হ’ব AFSPA

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.